অসম

এটা বান্দৰ ধৰিলে লাভ কৰিব নগদ ৬০০ টকাৰ পুৰস্কাৰ; মহাৰাষ্ট্ৰত বান্দৰ-মানুহৰ সংঘাত ৰুধিবলৈ নতুন পদক্ষেপ চৰকাৰৰ

এটা বান্দৰ ধৰিলে লাভ কৰিব নগদ ৬০০ টকাৰ পুৰস্কাৰ; মহাৰাষ্ট্ৰত বান্দৰ-মানুহৰ সংঘাত ৰুধিবলৈ নতুন পদক্ষেপ চৰকাৰৰ

মানুহ আৰু বান্দৰৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সংঘাত হ্ৰাস কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ অভিযান। লোকালয়ত প্ৰৱেশ কৰা বান্দৰসমূহক সুৰক্ষিতভাৱে ধৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিলে প্ৰতিটো বান্দৰৰ বিপৰীতে ৬০০ টকাকৈ পাৰিতোষিক প্ৰদান কৰিব চৰকাৰে। ৰাজ্যখনৰ ৰাজহ আৰু বন বিভাগে ২২ এপ্ৰিলত জাৰি কৰা এক চৰকাৰী নিৰ্দেশনাযোগে এই নতুন নিয়মৰ কথা ঘোষণা কৰে। প্ৰণিধানযোগ্য যে বনভূমি সংকুচিত হোৱাৰ ফলত শেহতীয়াকৈ ৰেচাচ মেকাক আৰু হনুমান লেংগুৰৰ দৰে বান্দৰে খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত শস্যৰ ক্ষতি হোৱাৰ লগতে সা-সম্পত্তি আৰু মানুহৰ নিৰাপত্তাও বিঘ্নিত হৈছে। বান্দৰ ধৰাৰ ক্ষেত্ৰত থকা বিপদ আৰু ইয়াৰ প্ৰক্ৰিয়াটোৰ জটিলতালৈ লক্ষ্য ৰাখি জনপ্ৰতিনিধিসকলে…
Read More
মুম্বাইত খাদ্যত বিষক্ৰিয়াৰ কালৰূপ; বিৰিয়ানী আৰু তৰমুজ খোৱাৰ পাছতে মৃত্যু একে পৰিয়ালৰ ৪ সদস্যৰ

মুম্বাইত খাদ্যত বিষক্ৰিয়াৰ কালৰূপ; বিৰিয়ানী আৰু তৰমুজ খোৱাৰ পাছতে মৃত্যু একে পৰিয়ালৰ ৪ সদস্যৰ

নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত তৰমুজ খোৱাটোৱেই কাল হ’ল মুম্বাইৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ বাবে। মহানগৰীখনৰ পাইধুনী অঞ্চলত সংঘটিত এই সন্দেহজনক খাদ্যত বিষক্ৰিয়াৰ ঘটনাত ৪০ বছৰীয়া স্বামী, ৩৫ বছৰীয়া পত্নী আৰু তেওঁলোকৰ ১৬ আৰু ১৩ বছৰীয়া দুই কন্যাৰ মৃত্যু ঘটে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ২৫ এপ্ৰিলৰ নিশা পৰিয়ালটোৱে আত্মীয়ৰ সৈতে বিৰিয়ানী খোৱাৰ পাছত গভীৰ নিশা তৰমুজ ভক্ষণ কৰিছিল। মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ২৬ এপ্ৰিলৰ পুৱা প্ৰায় ৫:৩০ বজাৰ পৰা চাৰিওগৰাকী সদস্যৰ বমি আৰু ডায়েৰিয়াৰ দৰে গুৰুতৰ লক্ষণ দেখা দিয়ে। লগে লগে তেওঁলোকক জে জে হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে আটাইকেইজনৰে মৃত্যু ঘটে। মৃতদেহকেইটা ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ…
Read More
বিজেপিৰ মজিয়াৰ পৰাই আম আদমী পাৰ্টিৰ বিৰুদ্ধে সোচ্চাৰ ৰাঘৱ চাড্ডা; দলটোৰ কৰ্মসংস্কৃতিক ‘বিষাক্ত’ আখ্যা

বিজেপিৰ মজিয়াৰ পৰাই আম আদমী পাৰ্টিৰ বিৰুদ্ধে সোচ্চাৰ ৰাঘৱ চাড্ডা; দলটোৰ কৰ্মসংস্কৃতিক ‘বিষাক্ত’ আখ্যা

গেৰুৱা শিবিৰত যোগদান কৰাৰ পাছতেই পোনপ্ৰথমবাৰৰ বাবে নিজৰ পূৰ্বৰ দল আম আদমী পাৰ্টিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই। দলটোৰ আভ্যন্তৰীণ পৰিৱেশ বৰ্তমান অত্যন্ত বিষাক্ত হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে এতিয়াৰ বিজেপি সাংসদগৰাকীয়ে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে আৰম্ভণিতে দিয়া প্ৰতিশ্ৰুতিসমূহ বৰ্তমান ৰক্ষা কৰিব পৰা নাই বুলিও তেওঁ কঠোৰ সমালোচনা কৰে। ৰাঘৱ চাড্ডাই কয়, "মই মোৰ যৌৱনৰ ১৫টা বছৰ এই দলটো গঢ়িবলৈ উচৰ্গা কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিৰ আম আদমী পাৰ্টিয়ে নিজৰ পুৰণি স্বৰূপ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে।" সংসদৰ মজিয়াত দলৰ সদস্যসকলক নিজৰ মতামত প্ৰকাশ কৰিবলৈ বাধা দিয়া হৈছিল বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ দলটো ত্যাগ কৰা…
Read More
ৰাণীৰ খপেগাঁৱ আৰু বিক্ৰমপুৰত বন্যহস্তীৰ তাণ্ডৱ

ৰাণীৰ খপেগাঁৱ আৰু বিক্ৰমপুৰত বন্যহস্তীৰ তাণ্ডৱ

পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলক কাৰ্যালয়ৰ অন্তৰ্গত খপেগাঁৱত বন্যহস্তীৰ তাণ্ডৱৰ তাণ্ডৱৰ ফলত উজাগৰি নিশা কটাবলগীয়া কেইবাটাও পৰিয়ালে। উল্লেখ্য কালি পুৱতি নিশা ৩ বজাত গাঁওখনৰ বলিৰাম নাথ (৭৫) নামৰ খেতিয়কগৰাকীৰ ঘৰত প্ৰৱেশ কৰে এটি প্ৰকাণ্ড বনহস্তী। হাতীটোৱে নাথৰ ভড়াল ঘৰৰ বেৰ ভাঙি দি প্ৰায় ৫ মোহ ধান খাই তহিলং কৰে। ইপিনে হাতীটোক খেদিবলৈ চেষ্টা কৰিছিল বলিৰাম তথা তেওঁৰ পৰিয়ালৰ অন্যান্য সদস্যসকলে। কিন্তু ওলোটাই মানুহৰ ফালেহে চোঁচা মাৰি খেদি অহাত সকলোবোৰে ঘৰৰ ভিতৰত সোমাবলগীয়া হয়। ওচৰ চুবুৰীয়াৰ হাই–উৰুমিত হাতীটো বলিৰামৰ ঘৰৰ পৰা আঁতৰি যায়। ইয়াৰ পাছত পুৱতি নিশা ৪ বজাত একেখন গাঁৱৰ মিনু নাথ (৫৫) নামৰ মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে। সেই…
Read More
প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ পকেটত ৰাখক পিঁয়াজঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পৰামৰ্শ

প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ পকেটত ৰাখক পিঁয়াজঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পৰামৰ্শ

উত্তৰ ভাৰতত অব্যাহত থকা প্ৰচণ্ড গৰমৰ মাজতে দেওবাৰে এক ব্যতিক্ৰমী পৰম্পৰাগত বিধান আগবঢ়াই চৰ্চালৈ আহে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ পিছোৰত এটা নতুন তহচিল ভৱন উদ্বোধন কৰি ৰাইজক সম্বোধন কৰাৰ সময়তে পকেটত এটা পিঁয়াজ ৰাখিবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে। গৰমৰ প্ৰকোপৰ পৰা বাচি থাকিবলৈ এয়া এক সহজ আৰু ফলপ্ৰসূ উপায় বুলি তেওঁ ৰাজহুৱাকৈ মন্তব্য কৰে। নিৰ্বাচনী যুঁজৰ সমান্তৰালভাৱে গৰমৰ বিৰুদ্ধে যুঁজিবলৈ পিঁয়াজৰ গুৰুত্ব বুজাবলৈ গৈ সিন্ধিয়াই কয়, "মই দেখিবলৈ ডেকা হ’ব পাৰোঁ, কিন্তু মোৰ আত্মা যথেষ্ট পুৰণি। আপুনি আপোনাৰ পকেটত এটা পিঁয়াজ ৰাখক, গৰমে আপোনাৰ একো কৰিব নোৱাৰে।" আনকি নিজৰ জেপৰ পৰা এটা পিঁয়াজ উলিয়াই ৰাইজক দেখুৱাই তেওঁ…
Read More
প্ৰচণ্ড গৰমৰ পৰা সকাহ; আগন্তুক ২৪ ঘণ্টাত ৰাজ্যজুৰি বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ

প্ৰচণ্ড গৰমৰ পৰা সকাহ; আগন্তুক ২৪ ঘণ্টাত ৰাজ্যজুৰি বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ

ব’হাগৰ উমাল বতৰৰ মাজতে ৰাজ্যজুৰি অব্যাহত থকা বৰষুণৰ প্ৰকোপে হ্ৰাস কৰি ৰাখিছে তাপমাত্ৰা। চ’তৰ শেষৰ পৰাই হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত স্বাভাৱিকতকৈ বহু পৰিমাণে কমিছে গৰমৰ প্ৰকোপ। দেওবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা শেহতীয়া পূৰ্বানুমান অনুসৰি আগন্তুক ২৪ ঘণ্টাতো অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বৰষুণৰ ধাৰা অব্যাহত থকাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে অসম আৰু মেঘালয়ৰ অধিকাংশ ঠাইৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট। ইফালে মিজোৰামৰ কেইবাটাও অঞ্চলত বৰষুণৰ লগতে তাপমাত্ৰাৰ যথেষ্ট সালসলনি হোৱাৰো আশংকা ব্যক্ত কৰিছে বিভাগটোৱে। বৰষুণৰ সমান্তৰালভাৱে এই ৰাজ্যসমূহত বজ্ৰপাত আৰু ধুমুহা অহাৰো সতৰ্কতা জাৰি কৰা হৈছে।…
Read More
নাগালেণ্ডত আলফা (স্বা) ৰ তিনি কেডাৰ গ্ৰেপ্তাৰ; অৰুণাচলত এন এচ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰ আত্মসমৰ্পণ

নাগালেণ্ডত আলফা (স্বা) ৰ তিনি কেডাৰ গ্ৰেপ্তাৰ; অৰুণাচলত এন এচ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰ আত্মসমৰ্পণ

নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত নিৰাপত্তাৰক্ষীৰ পৃথক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন) আৰু এন এচ চি এন (আইএম)ৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা। শুকুৰবাৰে নিশা নাগালেণ্ডৰ মন জিলাত চলি থকা এক যৌথ অভিযানৰ সময়ত তিনিজন সক্ৰিয় আলফা কেডাৰক আটক কৰে নিৰাপত্তাবাহিনীয়ে। আনহাতে, শনিবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত এন এচ চি এন (আইএম)ৰ এজন শীৰ্ষ নেতাই নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নাগালেণ্ডৰ ফমচিং অঞ্চলত সক্ৰিয় হৈ থকা আলফা (স্বা)ৰ গোটটোৱে চাংনিউ গাঁৱৰ দিশে আগবাঢ়ি থকাৰ সময়তে নিৰাপত্তাৰক্ষীৰ জালত পৰে। ধৃত কেডাৰকেইজনক তেজপুৰৰ স্বয়ম্ভূ লেফটেনেণ্ট গজেন্দ্ৰ অসম, যোৰহাটৰ স্বয়ম্ভূ লেন্স কৰ্পোৰেল ব্ৰজেন অসম আৰু…
Read More
ডিটেনচন কেম্পত নাই এজনো বঙালী হিন্দু; প্ৰমাণ পালে পদত্যাগৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিটেনচন কেম্পত নাই এজনো বঙালী হিন্দু; প্ৰমাণ পালে পদত্যাগৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ডিটেনচন চেণ্টাৰত বঙালী হিন্দুসকলক আৱদ্ধ কৰি ৰখাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে এক বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ কোনো এটা শিবিৰতে এজনো বঙালী হিন্দু লোক নাই বুলি দাবী কৰি তেওঁ বিৰোধীৰ সকলো অভিযোগ নস্যাৎ কৰে। বিশেষকৈ তৃণমূল কংগ্ৰেছৰ দৰে দলসমূহে উত্থাপন কৰা এই বিষয়টোক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ গৈ তেওঁ ৰাজহুৱা প্ৰত্যাহ্বান জনায়। মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "অসমৰ ডিটেনচন কেম্পত এজনো বঙালী হিন্দু নাই। যদি এজনো তেনে ব্যক্তি ওলায়, তেন্তে মই আজিৰ দিনটোতে পদত্যাগ কৰিবলৈ সাজু আছোঁ। উচ্চতম ন্যায়ালয়ে ১৯৫০ চনৰ আইনখনৰ অধীনত অসম চৰকাৰক যথেষ্ট ক্ষমতা প্ৰদান…
Read More
পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব কংগ্ৰেছ

পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব কংগ্ৰেছ

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কংগ্ৰেছ নেতা পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব বুলি ঘোষণা কৰিছে। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খেৰাৰ আগতীয়া জামিন আবেদন নাকচ কৰে। এই গোচৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সৈতে জড়িত। খেড়াই অভিযোগ কৰিছিল যে শৰ্মাৰ পত্নীৰ হাতত একাধিক পাছপ’ৰ্ট আছে আৰু বিদেশত অঘোষিত সম্পত্তি আছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটাৰত লিখিছে-সমগ্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছে তেঁওলোকৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেড়াৰ সৈতে দৃঢ়তাৰে সংহতিৰে থিয় দিছে। তেওঁ লগতে কয়-উচ্চতম ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ প্ৰক্ৰিয়া চলি আছে।
Read More
কাৰাগাৰত ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰৰ গোচৰত জামিন লাভ অমৃতপাল সিঙৰ; ডিব্ৰুগড় আদালতত ভাৰ্চুৱেলী হাজিৰ

কাৰাগাৰত ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰৰ গোচৰত জামিন লাভ অমৃতপাল সিঙৰ; ডিব্ৰুগড় আদালতত ভাৰ্চুৱেলী হাজিৰ

জামিন লাভ কৰিলে কাৰাবন্দী সাংসদ অমৃতপাল সিঙে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকা তেওঁৰ কোঠাৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰ হোৱাৰ গোচৰত শুকুৰবাৰে ডিব্ৰুগড় আদালতে সাংসদগৰাকীক জামিন প্ৰদান কৰে। জিলাখনৰ ২১/২০২৪ নম্বৰৰ এই গোচৰটোৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী থানাত উপস্থিত হৈ ভাৰ্চুৱেলী আদালতত হাজিৰ হয় অমৃতপাল। কাৰাগাৰ অধীক্ষক নিপেন দাসে দাখিল কৰা এক অভিযোগৰ ভিত্তিত ৰুজু হোৱা এই গোচৰটোত তেওঁৰ সৈতে বন্দী হৈ থকা আন কেইবাগৰাকীও লোকক অভিযুক্ত কৰা হৈছিল। অমৃতপাল সিঙৰ অধিবক্তা যশবীৰ কৌৰে জনোৱা মতে ইতিমধ্যে এই গোচৰৰ অভিযোগনামা দাখিল কৰা হয়। ইয়াৰ পাছতে ডিব্ৰুগড়ৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ চন্দন শইকীয়াৰ আদালতত জামিন আবেদন দাখিল কৰাত ন্যায়ালয়ে সেই আবেদন মঞ্জুৰ কৰে। অৱশ্যে…
Read More