অসম

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে'ত শপত ল'ব ৰাজ্যৰ নতুন চৰকাৰে। খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সিদিনা দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব । প্ৰায় এক লাখ লোকৰ উপস্থিতিত হ'বলগীয়া শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী  লগতে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ প্রমুখ্যে কেইবাগৰাকী কেন্দ্রীয় মন্ত্ৰী আৰু এন ডি এশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে। শপতগ্রহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে ব্যাপক প্রস্তুতি আৰম্ভ হৈছে ।
Read More
গুৱাহাটীত যাত্ৰা আৰম্ভ এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ

গুৱাহাটীত যাত্ৰা আৰম্ভ এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ

চুলি আৰু ছালৰ আধুনিক চিকিৎসাৰ যাত্ৰাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি গুৱাহাটীত নিজৰ নতুন শাখা মুকলি কৰিলে এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকে। এই নতুন কেন্দ্ৰ মুকলিৰ জৰিয়তে ভাৰত তথা সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠানটোৱে নিজৰ উপস্থিতি ১৫০ খনতকৈও অধিক ক্লিনিকলৈ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হয়। ইফালে, গুৱাহাটীৰ এই নতুন শাখাৰ ভব্য উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। তেওঁৰ সৈতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক চৰণ ভেল জে-য়ে।
Read More
পাঞ্জাবত ই ডিৰ অভিযানক লৈ উত্তপ্ত ৰাজনীতি; আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি আমন আৰোৰাক লৈ বিতৰ্ক

পাঞ্জাবত ই ডিৰ অভিযানক লৈ উত্তপ্ত ৰাজনীতি; আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি আমন আৰোৰাক লৈ বিতৰ্ক

পাঞ্জাবত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ই ডি-য়ে চলোৱা এক তীব্ৰ অভিযানৰ পাছতে এতিয়া বিমোৰত পৰিছে শাসকীয় আম আদমি পাৰ্টি। মহালীত দুটা ৰিয়েল এষ্টেট গোষ্ঠীৰ সৈতে জড়িত ১২ টা স্থানত চলোৱা এই তালাচীত পাঞ্জাব আপৰ মুৰব্বী তথা কেবিনেট মন্ত্ৰী আমন আৰোৰাৰ নাম সাঙোৰ খাই পৰিছে। ভূৱা নথি-পত্ৰৰে ভূমিৰ ব্যৱহাৰ পৰিৱৰ্তন কৰা আৰু গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে এই অভিযান চলায়। খৰাৰৰ এখন হাউচিং চছাইটিত ই ডিৰ দল উপস্থিত হোৱাৰ লগে লগে এক নাটকীয় পৰিৱেশৰ সৃষ্টি হয়। তালাচীৰ সময়তে নৱম মহলাৰ পৰা ২১ লাখ টকা ভৰ্তি দুটা বেগ তললৈ দলিয়াই দিয়াৰ তথ্য পোহৰলৈ আহিছে। মধ্যভোগী নীতিন গোহেলৰ সৈতে জড়িত এই স্থানৰ পৰা…
Read More
টিচিএছৰ নাছিক গোটত যৌন নিৰ্যাতনৰ অভিযোগ! ২৫ দিনৰ পাছত গ্ৰেপ্তাৰ নিদা খান

টিচিএছৰ নাছিক গোটত যৌন নিৰ্যাতনৰ অভিযোগ! ২৫ দিনৰ পাছত গ্ৰেপ্তাৰ নিদা খান

বিগত ২৫ দিন ধৰি অব্যাহত থকা নাটকীয় অন্তৰ্ধানৰ অন্তত অৱশেষত আৰক্ষীৰ জালত পৰিল নাছিকৰ টি চি এছ কাণ্ডৰ অন্যতম অভিযুক্ত নিদা খান। বৃহস্পতিবাৰে নিশা ছত্ৰপতি সম্ভাজী নগৰৰ এটা আৱাসৰ পৰা নিলম্বিত কৰ্মীগৰাকীক আটক কৰে আৰক্ষীৰ এক বিশেষ দলে। যৌন নিৰ্যাতন আৰু ধৰ্মান্তৰকৰণৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত নিদাক শুকুৰবাৰে পুৱা নাছিকলৈ অনা হয়। নাছিকৰ বি পি অ’ গোটত টেলি-কালাৰ হিচাপে কৰ্মৰত নিদা খানৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত সনা আৰু ধৰ্মান্তৰকৰণৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। একেটা প্ৰতিষ্ঠানৰে যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক এজাহাৰ দাখিলৰ পৰা বিৰত ৰখাৰ লগতে মূল অভিযুক্তক সহায় কৰাৰ অভিযোগত যোৱা ২৬ মাৰ্চত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু…
Read More
দিল্লীৰ ঐতিহাসিক মন্দিৰ আৰু সামৰিক শিবিৰত কূটাঘাতৰ ভয়ংকৰ ষড়যন্ত্ৰ! আৰক্ষীৰ জালত আইএছআইৰ ৯ জনীয়া মডিউল

দিল্লীৰ ঐতিহাসিক মন্দিৰ আৰু সামৰিক শিবিৰত কূটাঘাতৰ ভয়ংকৰ ষড়যন্ত্ৰ! আৰক্ষীৰ জালত আইএছআইৰ ৯ জনীয়া মডিউল

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ এবছৰ পাছতেই দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত কূটাঘাতৰ এক ভয়ংকৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ এক বিশেষ অভিযানত পোহৰলৈ আহে এই উদ্বেগজনক তথ্য। পাকিস্তানৰ পৰা পৰিচালিত 'শ্বাহজাদ ভাট্টি মডিউল'ৰ জৰিয়তে দিল্লীৰ ঐতিহাসিক মন্দিৰৰ পৰা আৰম্ভ কৰি হাৰিয়ানাৰ সামৰিক শিবিৰলৈকে আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে। 'গেং বাষ্ট অপাৰেচন ২.০'ৰ অধীনত বিভিন্ন ৰাজ্যৰ পৰা এই মডিউলৰ ৯ জন সদস্যক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। ধৃত অভিযুক্তক জেৰা কৰি তদন্তকাৰীয়ে জানিব পাৰে যে ইয়াৰে এজন সদস্যই দিল্লীৰ এক ঐতিহাসিক মন্দিৰত তহল দিয়াৰ লগতে ইয়াৰ ফটো সীমান্তৰ সিপাৰৰ হেণ্ডলাৰলৈ প্ৰেৰণ কৰিছিল। মন্দিৰটোত…
Read More
তিনিচুকীয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ; আৰক্ষীৰ জালত কুখ্যাত সৰবৰাহকাৰী পোনাকণ দাস

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ; আৰক্ষীৰ জালত কুখ্যাত সৰবৰাহকাৰী পোনাকণ দাস

তিনিচুকীয়া জিলা কাৰাগাৰৰ সমীপৰ ককৰাতলীত আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা এক অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। বিশেষ এক গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত প্ৰায় ২০০ কেজিৰো অধিক নিচাজাতীয় সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা পদক্ষেপৰ মাজতে আৰক্ষীয়ে লাভ কৰা এই সফলতাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। অভিযানকাৰী দলে ককৰাতলীৰ বাসিন্দা তথা গাঞ্জা ব্যৱসায়ী পোনাকণ দাসৰ আত্মীয়ৰ ঘৰৰ পিছফালৰ পৰা এই সামগ্ৰীখিনি জব্দ কৰে। ব্যৱসায়ীটোৱে গাঞ্জাখিনি হাবিৰ মাজত লুকুৱাই ৰখাৰ উপৰিও কেইবাটাও পেকেট মাটিত পুতি থৈছিল। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোত দীৰ্ঘদিনৰ পৰা এনে অবৈধ বেহা চলি আছিল। আৰক্ষীয়ে ইতিমধ্যে সৰবৰাহকাৰী পোনাকণ দাসক আটক কৰি মাৰাথন…
Read More
মানৱ অংগৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা; মাৰ্ঘেৰিটাৰ পৰা আটক ৪ দালাল

মানৱ অংগৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা; মাৰ্ঘেৰিটাৰ পৰা আটক ৪ দালাল

মানৱ অংগৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক বিশেষ অভিযানত ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীয়ে যৌথভাৱে উৎখাত কৰে এটা বৃহৎ চক্ৰ। এই অভিযানত মাৰ্ঘেৰিটাৰ পৰা আটক কৰা হয় চাৰিজনীয়া এটা দালালৰ দলক। ধৃত অভিযুক্ত কেইজনক ক্ৰমে জাকিৰ হুছেইন (৫৩), শংকৰ চেন্টানু (২৮), সমীৰ পাল (৩৭) আৰু গোপাল ৰয় (৩১) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে সমীৰ পাল আৰু গোপাল ৰয় ডিব্ৰুগড়ৰ বাসিন্দা। আনহাতে জাকিৰ হুছেইন আৰু শংকৰ চেন্টানু মাৰ্ঘেৰিটাৰ ভেনিয়াৰ মিল অঞ্চলৰ বুলি জানিব পৰা গৈছে। তদন্তকাৰীৰ তথ্য অনুসৰি এই অভিযুক্ত কেইজনে ৰাজীৱ দে নামৰ ৩৫ বছৰীয়া এজন ব্যক্তিক ধন আৰু চাকৰিৰ প্ৰলোভনেৰে মিছা প্ৰতিশ্ৰুতি দি তেওঁৰ বৃক্ক বিক্ৰী কৰাৰ…
Read More
জাতিভেদ আঁতৰিলেহে বন্ধ হ’ব জাতিভিত্তিক ৰাজনীতিঃ আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

জাতিভেদ আঁতৰিলেহে বন্ধ হ’ব জাতিভিত্তিক ৰাজনীতিঃ আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

দেশৰ উন্নয়নৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ নীতি আৰু অভিন্ন দেৱানী বিধিৰ কাৰ্যকৰীকৰণত প্ৰয়োজন হ’ব জনসাধাৰণৰ সহযোগিতা। বৃহস্পতিবাৰে মহীশূৰত অনুষ্ঠিত এক বক্তৃতানুষ্ঠানত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। তেওঁ কয় যে সমাজৰ পৰা জাতিভেদ প্ৰথা সম্পূৰ্ণৰূপে আঁতৰি নোযোৱা পৰ্যন্ত ৰাজনীতিবিদসকলে ইয়াৰ সুযোগ লৈয়েই থাকিব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকীয়ে সামাজিক জীৱনত কেৱল শ্লোগানৰ পৰিৱৰ্তে আচৰণৰ জৰিয়তে সমতা প্ৰতিষ্ঠা কৰিবলৈ সকলোকে আহ্বান জনায়। জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আৰু ইউ চি চি সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত ভাগৱতে স্পষ্ট কৰি দিয়ে যে আৰ এছ এছ কোনো চৰকাৰী প্ৰতিষ্ঠান নহয়। যিকোনো চৰকাৰী নীতি সফল কৰিবলৈ হ’লে প্ৰথমে জনসাধাৰণক শিক্ষিত কৰাটো জৰুৰী বুলি তেওঁ…
Read More
কেদাৰনাথ যাত্ৰাত অঘটন! উশাহ লোৱাত কষ্ট পাই মৃত্যু অসমৰ যুৱতীৰ, ডিচেম্বৰত ঠিক হৈছিল বিয়াৰ তাৰিখ

কেদাৰনাথ যাত্ৰাত অঘটন! উশাহ লোৱাত কষ্ট পাই মৃত্যু অসমৰ যুৱতীৰ, ডিচেম্বৰত ঠিক হৈছিল বিয়াৰ তাৰিখ

উত্তৰাখণ্ডৰ কেদাৰনাথলৈ তীৰ্থভ্ৰমণলৈ যোৱাৰ সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল মৰিগাঁও জিলাৰ এগৰাকী যুৱতীয়ে। মৰিগাঁওৰ দলংঘাট নিবাসী পাপৰি ডেকা নামৰ যুৱতীগৰাকীয়ে যোৱা ৪ মে’ত মন্দিৰৰ মাত্ৰ ৫০০ মিটাৰ দূৰত্বত মৃত্যুৰ কোলাত ঢলি পৰে। জানিব পৰা মতে, মন্দিৰলৈ খোজ কাঢ়ি গৈ থকাৰ সময়ত শ্বাস-প্ৰশ্বাসজনিত অসুস্থতাত ভুগি মৃত্যুক সাৱটি লয় যুৱতীগৰাকীয়ে। উল্লেখ্য যে, অহা ডিচেম্বৰ মাহত গুৱাহাটীৰ জ্যোতিপ্ৰসাদ দত্ত নামৰ যুৱকজনৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল পাপৰি ডেকাৰ। বিয়াৰ পূৰ্বে বন্ধু-বান্ধৱীৰ সৈতে কেদাৰনাথ ধাম দৰ্শনৰ বাবে গৈছিল যুৱতীগৰাকীয়ে। কিন্তু তাতেই মৃত্যুক সাৱটি লোৱা যুৱতীগৰাকীৰ মৃতদেহ বুধবাৰে স্বগৃহত উপস্থিত হোৱাৰ পাছতে সমগ্ৰ মৰিগাঁৱত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। হ’বলগীয়া স্বামী জ্যোতিপ্ৰসাদ দত্তই পাপৰি…
Read More
বিহাৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ; নীতিশ কুমাৰৰ পুত্ৰ নিশান্তসহ ৩২ গৰাকীৰ মন্ত্ৰিত্বৰ শপত

বিহাৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ; নীতিশ কুমাৰৰ পুত্ৰ নিশান্তসহ ৩২ গৰাকীৰ মন্ত্ৰিত্বৰ শপত

বিহাৰত প্ৰথমবাৰৰ বাবে গঠিত হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট আজি আনুষ্ঠানিকভাৱে সম্প্ৰসাৰণ কৰা হয়। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক ভব্য অনুষ্ঠানত জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰৰ লগতে আন ৩১ গৰাকী নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইনে নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। গান্ধী ময়দানত আয়োজিত এই শপত গ্ৰহণ সমাৰোহত এন ডি এৰ পাঁচোটা মিত্ৰদলৰ মুঠ ৩২ গৰাকী নেতাক মন্ত্ৰীসভাৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। বিহাৰ বিধানসভাৰ একক সংখ্যাগৰিষ্ঠ দল বিজেপিয়ে এই কেবিনেট সম্প্ৰসাৰণত সৰ্বাধিক ১৫ টা মন্ত্ৰী পদ…
Read More