অসম

পত্নীক হত্যা কৰিও অনুশোচনাহীন ৰামানুজ এইচ আই ভি পজিটিভ! আৰক্ষীৰ জিম্মাৰ পৰাই দিলে আন এক হত্যাকাণ্ডৰ ভাবুকি

পত্নীক হত্যা কৰিও অনুশোচনাহীন ৰামানুজ এইচ আই ভি পজিটিভ! আৰক্ষীৰ জিম্মাৰ পৰাই দিলে আন এক হত্যাকাণ্ডৰ ভাবুকি

পত্নীক নৃশংসভাৱে হত্যা কৰিও তিলমানো অনুশোচনা নাই হত্যাকাৰী ৰামানুজ গোস্বামীৰ। বেলতলাৰ বশিষ্ঠপুৰৰ নিজ বাসগৃহত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ডৰ পাছত আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছাসক্ত হত্যাকাৰীজন এইচ আই ভি পজিটিভ বুলি পোহৰলৈ আহিছে। এটা নিচামুক্তি কেন্দ্ৰৰ সৈতে জড়িত সিদ্ধাৰ্থ প্ৰতিম দত্ত নামৰ এজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বিগত পাঁচ বছৰত কে’বাবাৰো নিচামুক্তি কেন্দ্ৰত আশ্ৰয় লোৱা ৰামানুজ এইচ আই ভি আক্ৰান্ত আছিল আৰু ইয়াৰ নিয়মীয়া ঔষধ খাই আছিল। বিয়াৰ পূৰ্বে ৰামানুজৰ এই অসুস্থতা আৰু ড্ৰাগছ আসক্তিৰ বিষয়ে অৱগত নাছিল পত্নী ৰিয়া। পৰৱৰ্তী সময়ত এই কথা পোহৰলৈ অহাত দুয়োৰে মাজত সঘনে কাজিয়াৰ সৃষ্টি হৈছিল। কিন্তু পিতৃ-মাতৃ নথকা ৰিয়াই সকলো সহ্য কৰিয়েই…
Read More
‘আমোলাতন্ত্ৰৰ স্বেচ্ছাচাৰিতাই উত্তৰ প্ৰদেশক ‘অৰৱেলিয়ান ডিষ্টপিয়া’লৈ ৰূপান্তৰিত কৰিব পাৰেঃ ডিএম মেধা ৰূপমক তীব্ৰ ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ

‘আমোলাতন্ত্ৰৰ স্বেচ্ছাচাৰিতাই উত্তৰ প্ৰদেশক ‘অৰৱেলিয়ান ডিষ্টপিয়া’লৈ ৰূপান্তৰিত কৰিব পাৰেঃ ডিএম মেধা ৰূপমক তীব্ৰ ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ

এগৰাকী মেধাৱী ছাত্ৰীক আইনবিৰুদ্ধভাৱে কাৰাৰুদ্ধ কৰি আদালতৰ তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হ'ল দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কন্যা মেধা ৰূপম। গৌতম বুদ্ধ নগৰৰ জিলা দণ্ডাধীশগৰাকীৰ এনে পদক্ষেপে উত্তৰ প্ৰদেশক জৰ্জ অৰৱেলৰ কাল্পনিক দমনমূলক সমাজলৈ অৰ্থাৎ 'অৰৱেলিয়ান ডিষ্টপিয়া'লৈ ঠেলি দিব পাৰে বুলি মন্তব্য কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ সমাজকৰ্মী ছাত্ৰী আকৃতি চৌধুৰীৰ ওপৰত আৰোপ কৰা কঠোৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইন চমুকৈ এন এছ এ খাৰিজ কৰে আদালতে। লগতে ডি এম মেধা ৰূপমকে ধৰি সংশ্লিষ্ট আৰক্ষী বিষয়াৰ ব্যক্তিগত দৰমহাৰ পৰা ৫ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ দিয়ে বিচাৰপীঠে। ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ অচল সচদেৱৰ খণ্ডপীঠে স্পষ্ট কৰে যে কোনো তথ্য-প্ৰমাণ…
Read More
সজাগতা কাৰ্যসূচীৰে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত বিশ্ব ফিজিঅ’থেৰাপী দিৱস পালন

সজাগতা কাৰ্যসূচীৰে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত বিশ্ব ফিজিঅ’থেৰাপী দিৱস পালন

অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ (আৰ জি ইউ) ফিজিঅ’থেৰাপী বিভাগে মঙলবাৰে সজাগতা আৰু শৈক্ষিক কাৰ্যসূচীৰে বিশ্ব ফিজিঅ’থেৰাপী দিৱস পালন কৰে। অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল “হৃদৰোগ আৰু ষ্ট্ৰোকৰ প্ৰতিৰোধ, ব্যৱস্থাপনা আৰু পুনৰ্বাসন” শীৰ্ষক এক বিশেষজ্ঞ আলোচনা চক্ৰ, য’ত স্বাস্থ্যসেৱা, প্ৰযুক্তি আৰু ক্ৰীড়াৰ দৃষ্টিভংগীসমূহ একত্ৰিত কৰা হয়। মূলতঃ ফিজিঅ’থেৰাপীৰ ছাত্ৰ-ছাত্ৰীৰে ভৰা সভাত নৰ্থ ইষ্ট নিউৰ’ ৰিহেব আৰু ৰিকভাৰী ইনষ্টিটিউট (NeRI)ৰ প্ৰতিষ্ঠাপক আৰু ইনফ’ছিছ কনছাল্টিঙৰ জ্যেষ্ঠ পৰামৰ্শদাতা ৰাজদ্বীপ বৰুৱাই নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰে। কেইবছৰমান আগতে দুৰ্ঘটনাত মেৰুদণ্ডত আঘাত পোৱাৰ পিছত তেওঁ কেনেদৰে সুস্থ হৈ উঠিল, সেই যাত্ৰাৰ কথা তেওঁ বৰ্ণনা কৰে। এই আঘাতৰ ফলত তেওঁ থিয় হ’ব নোৱাৰা অৱস্থা হৈছিল, আৰু পুনৰ্বাসন…
Read More
ফ্ৰীজৰ ভিতৰত কটা মূৰ উদ্ধাৰ: কাজিয়াৰ পিছত পত্নীক হত্যা কৰিলে গুৱাহাটীৰ যুৱকে

ফ্ৰীজৰ ভিতৰত কটা মূৰ উদ্ধাৰ: কাজিয়াৰ পিছত পত্নীক হত্যা কৰিলে গুৱাহাটীৰ যুৱকে

গুৱাহাটীত পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ব্যক্তিজনে অপৰাধ স্বীকাৰ কৰিছে আৰু তেওঁৰ কৃতকৰ্মৰ বাবে কোনো অনুশোচনা নাই বুলি আৰক্ষীক জনাইছে। অভিযুক্তজনক ৰামানুজ গোস্বামী বুলি চিনাক্ত কৰা হৈছে। তেওঁ আৰক্ষীক জনাইছে যে ভৱিষ্যতে যদি তেওঁ জেলৰ পৰা মুক্তি পায়, তেন্তে তেওঁৰ পত্নীৰ “ছুগাৰ ডেডী” বুলি কোৱা এজন ব্যক্তিক হত্যা কৰিব। আৰক্ষীয়ে সোধা-পোছাৰ বাবে লৈ যোৱাৰ সময়ত গোস্বামীয়ে এই মন্তব্য কৰা বুলি জানিব পৰা গৈছে। দম্পতীহালৰ মাজত কাজিয়াৰ পিছত পত্নী ৰিয়া তালুকদাৰ গোস্বামীক হত্যা কৰাৰ পিছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে বাৰে বাৰে ফোন কৰাৰ পিছতো বশিষ্ঠপুৰৰ ৪ নং বাইলেনৰ ১৪ নং ঘৰত বাস কৰা দম্পতীহালে কোনো…
Read More
ইউএছ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভ

ইউএছ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভ

​জাৰ্মানীৰ তাৰকা টেনিছ খেলুৱৈ তথা প্ৰতিযোগিতাখনৰ শীৰ্ষ বাছনিপ্ৰাপ্ত আলেকজেণ্ডাৰ জেভেৰেভে ইউএছ অ’পেন ২০২৬-ৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। তেওঁ ইটালীৰ লুচিয়ানো ডাৰ্ডেৰীক পোনপটীয়া ছেটত ৬-২, ৬-২, ৭-৬(৩) ব্যৱধানত পৰাজিত কৰে। ইউএছ অ’পেনৰ ইতিহাসত জেভেৰেভৰ এইটো পঞ্চমটো কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ। ইয়াৰ পূৰ্বে তেওঁ ২০২০, ২০২১, ২০২৩ আৰু ২০২৪ চনতো কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ যোগ্যতা অর্জন কৰিছিল। ইয়াৰ উপৰিও, ২০২৬ চনৰ আটাইকেইখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে খেলখনত প্ৰথম দুটা ছেটত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰাৰ পিছত, তৃতীয় ছেটত ডাৰ্ডেৰীৰ তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছিল যদিও জেভেৰেভে টাইব্ৰেকত ধৈৰ্য্য আৰু সংযম বজাই ৰাখি…
Read More
উচ্চ ন্যায়ালয়ত মুখ থেকেচা ৰাহুল গান্ধীৰ! প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য গোচৰত চমন খাৰিজৰ আবেদন নাকচ

উচ্চ ন্যায়ালয়ত মুখ থেকেচা ৰাহুল গান্ধীৰ! প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য গোচৰত চমন খাৰিজৰ আবেদন নাকচ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ ফলত নামি অহা আইনী মেৰপাকৰ পৰা এইবাৰো ৰেহাই নাপালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ বিৰুদ্ধে ২০১৯ চনত জাৰি কৰা এখন আদালতৰ চমন খাৰিজ কৰিবলৈ অস্বীকাৰ কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে। মেজিষ্ট্ৰেট আদালতৰ নিৰ্দেশনাত কোনো ধৰণৰ আইনবিৰোধী দিশ দেখা পোৱা নাই বুলি স্পষ্ট কৰি দি কংগ্ৰেছ নেতাগৰাকীৰ আবেদন খাৰিজ কৰে ন্যায়াধীশ এন আৰ বৰকাৰৰ একক বিচাৰপীঠে। উল্লেখ্য যে, ৰাফাল যুদ্ধবিমান চুক্তিৰ প্ৰসংগত ২০১৮ চনত ৰাজস্থানৰ এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীক 'কমাণ্ডাৰ-ইন-থিফ' বুলি কটাক্ষ কৰিছিল ৰাহুল গান্ধীয়ে। এই মন্তব্যৰ পিছতেই বিজেপি সদস্য এম এইচ শ্ৰীশ্ৰিমালে গিৰগাঁও মেজিষ্ট্ৰেট আদালতত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এক মানহানিৰ গোচৰ…
Read More
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী পৰিৱৰ্তনৰ ইংগিত; পাঠদানৰ সময়সীমা বৃদ্ধি শিক্ষা সংসদৰ

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী পৰিৱৰ্তনৰ ইংগিত; পাঠদানৰ সময়সীমা বৃদ্ধি শিক্ষা সংসদৰ

শেহতীয়া প্ৰলয়ংকাৰী বান আৰু লোকপিয়লৰ কাম-কাজৰ ফলত গভীৰভাৱে ব্যাহত হৈছে ৰাজ্যৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচীত সালসলনি ঘটোৱাৰ দিশে অগ্ৰসৰ হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদ। ইয়াৰ অংশ হিচাপে দুয়োটা শ্ৰেণীৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ বাবে নিয়মীয়া পাঠদানৰ সময় বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে সংসদে। শিক্ষা সংসদে জাৰি কৰা এক জাননী অনুসৰি, দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২০২৭ বৰ্ষৰ ২২ ফেব্ৰুৱাৰীলৈকে চলাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠাৰ পাঠদান ২০২৭ বৰ্ষৰ ৮ মাৰ্চলৈকে অব্যাহত ৰাখিব লাগিব বুলি স্পষ্ট নিৰ্দেশনা দিয়ে বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ্য যে, ৰাজ্যৰ কেইবাখনো জিলাত…
Read More
নৱৰাত্ৰিৰ গৰ্বা-ডাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ ভি এইচ পিৰ! কপালত থাকিব লাগিব তিলক

নৱৰাত্ৰিৰ গৰ্বা-ডাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ ভি এইচ পিৰ! কপালত থাকিব লাগিব তিলক

আসন্ন নৱৰাত্ৰি উৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো মুছলমানে। মহাৰাষ্ট্ৰত এই নিষেধাজ্ঞা আৰোপ কৰি দেশজুৰি তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে বিশ্ব হিন্দু পৰিষদে। অহা মাহত ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া গৰ্বা আৰু ডাণ্ডিয়া কাৰ্যসূচীত মুছলমান লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰে হিন্দুত্ববাদী সংগঠনটোৱে। অনুষ্ঠানস্থলীত যাতে কোনো অহিন্দু লোকে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে আয়োজকসকললৈ কেতবোৰ নিৰ্দিষ্ট চৰ্ত বান্ধি দিয়ে ভি এইচ পিয়ে। প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ হিন্দু পৰিচয় নিশ্চিত কৰাৰ ব্যৱস্থা আয়োজকসকলেই গ্ৰহণ কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে। ইয়াৰ বাবে অনুষ্ঠানৰ প্ৰৱেশদ্বাৰত পৰিচয়-পত্ৰ পৰীক্ষাৰ সুকীয়া ব্যৱস্থা ৰখাৰো নিৰ্দেশ জাৰি কৰিছে সংগঠনটোৱে। ইফালে, উৎসৱৰ দিন চমু চাপি অহাৰ সময়তে সংগঠনটোৰ এই স্থিতিৰ বিৰুদ্ধে সৰৱ হৈ…
Read More
আকৌ ধৰণী দেখিব মেধাৱী অৰ্পিতে! দিল্লীৰ ছাত্ৰাবাস খহি মৃত্যু ঘটা কিশোৰৰ চকু দানৰ সিদ্ধান্ত পৰিয়ালৰ

আকৌ ধৰণী দেখিব মেধাৱী অৰ্পিতে! দিল্লীৰ ছাত্ৰাবাস খহি মৃত্যু ঘটা কিশোৰৰ চকু দানৰ সিদ্ধান্ত পৰিয়ালৰ

আনৰ গাফিলতিৰ পৰিণাম ভুগি অকালতে প্ৰাণ হেৰুৱালেও আন কাৰোবাৰ দৃষ্টি হৈ পৃথিৱীখন চোৱাৰ সুযোগ পাব ১৮ বছৰীয়া অৰ্পিতে। দিল্লীৰ সত্য নিকেতনৰ এটা ছাত্ৰাবাস খহি মৃত্যু হোৱা মেধাৱী ছাত্ৰজনৰ চকুৰ কৰ্ণিয়া দান কৰাৰ এক মহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শোকস্তব্ধ পৰিয়ালে। সন্তান হেৰুওৱাৰ অসহ্য বেদনাৰ মাজতো পৰিয়ালটোৰ এই মানৱীয় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মধ্যপ্ৰদেশৰ দেৱাসৰ বাসিন্দা অৰ্পিত জয় ৰাখীবন্ধনৰ বন্ধ কটাই নিজ গৃহৰ পৰা দিল্লীৰ সত্য নিকেতনত থকা পেয়িং গেষ্টলৈ উভতি আহিছিল। কিন্তু ছাত্ৰাবাসলৈ ওভতাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতেই সংঘটিত হয় এই ভয়ংকৰ অট্টালিকা ভাঙি পৰাৰ ঘটনা। নিশাৰ ভিতৰতে ধ্বংসাৱশেষৰ তলত হেৰাই যায় অৰ্পিতৰ জীৱন। অকালতে পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ…
Read More
বাংলাদেশলৈ বহিষ্কাৰ কৰা মহিলাৰ স্বামীক দুই লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

বাংলাদেশলৈ বহিষ্কাৰ কৰা মহিলাৰ স্বামীক দুই লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পৰিয়ালৰ অজ্ঞাতে এগৰাকী মহিলাক বাংলাদেশলৈ বহিষ্কাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰক তীব্ৰ ভৰ্ৎসনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পাছতেই বাংলাদেশলৈ পুশ্ববেক কৰা বঙালীভাষী মুছলমান মহিলাগৰাকীৰ স্বামীক অন্তৱৰ্তীকালীন ক্ষতিপূৰণ হিচাপে নগদ দুই লাখ টকা দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে ন্যায়ালয়ে। নগাঁও জিলাৰ জুৰীয়াৰ বাসিন্দা মুজাম্মেল হক নামৰ ব্যক্তিজনে দাখিল কৰা এক বন্দী প্ৰত্যক্ষীকৰণ আবেদনৰ ভিত্তিত আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ খণ্ডপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰে। জানিব পৰা মতে, মমতাজ বেগম নামৰ মহিলাগৰাকীক দেশৰ পৰা বিতাড়ন কৰাৰ পূৰ্বে স্বামী বা পৰিয়ালৰ কোনো প্রাপ্তবয়স্ক সদস্যক কোনো ধৰণৰ তথ্য জনোৱা…
Read More