11
May
গুৰুগ্ৰামস্থিত মেদান্তা হাস্পতালে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পাচনকেন্দ্ৰিক সমস্যাৰ ক্ৰমবৰ্ধমান পৰিসংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰাৰ লগতে গেষ্ট্ৰাইটিছৰ গুৰুতৰ ৰোগ প্ৰতিৰোধৰ বাবে সময়মতে চিকিৎসা আৰু পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। ২০২৬ চনত নিউজউইকে ভাৰতৰ শ্ৰেষ্ঠ চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা চিকিৎসালয় শৃংখলে কয় যে দুৰ্বল খাদ্যাভ্যাস, মানসিক চাপ, অনিয়মিত খাদ্যাভ্যাস আৰু অতিমাত্ৰা প্ৰচেছড খাদ্য গ্ৰহণে বিশেষকৈ চহৰ অঞ্চলত আন্ত্ৰিক বিকাৰগ্ৰস্ততা বৃদ্ধিত অৰিহণা যোগাইছে। মেদান্তা গুৰুগ্ৰামৰ গেষ্ট্ৰ'এণ্ট্ৰলজী বিভাগৰ জ্যেষ্ঠ সঞ্চালক ডাঃ পৱন ৰাৱালে কয় যে, সামগ্ৰিক সুস্থতাত অন্ত্ৰৰ স্বাস্থ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াক অৱহেলা কৰা উচিত নহয়। তেওঁ কয় যে, পেট ফুলা, এচিডিটি আৰু অনিয়মীয়া শৌচ…
