গুৰুগ্ৰামস্থিত মেদান্তা হাস্পতালে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পাচনকেন্দ্ৰিক সমস্যাৰ ক্ৰমবৰ্ধমান পৰিসংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰাৰ লগতে গেষ্ট্ৰাইটিছৰ গুৰুতৰ ৰোগ প্ৰতিৰোধৰ বাবে সময়মতে চিকিৎসা আৰু পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। ২০২৬ চনত নিউজউইকে ভাৰতৰ শ্ৰেষ্ঠ চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা চিকিৎসালয় শৃংখলে কয় যে দুৰ্বল খাদ্যাভ্যাস, মানসিক চাপ, অনিয়মিত খাদ্যাভ্যাস আৰু অতিমাত্ৰা প্ৰচেছড খাদ্য গ্ৰহণে বিশেষকৈ চহৰ অঞ্চলত আন্ত্ৰিক বিকাৰগ্ৰস্ততা বৃদ্ধিত অৰিহণা যোগাইছে।
মেদান্তা গুৰুগ্ৰামৰ গেষ্ট্ৰ’এণ্ট্ৰলজী বিভাগৰ জ্যেষ্ঠ সঞ্চালক ডাঃ পৱন ৰাৱালে কয় যে, সামগ্ৰিক সুস্থতাত অন্ত্ৰৰ স্বাস্থ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াক অৱহেলা কৰা উচিত নহয়। তেওঁ কয় যে, পেট ফুলা, এচিডিটি আৰু অনিয়মীয়া শৌচ আদি লক্ষণসমূহ সঘনাই বা দীৰ্ঘদিন ধৰি হৈ থাকিলে সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজনীয়। এইবোৰক আওকাণ কৰিলে ভৱিষ্যতে গুৰুতৰ স্বাস্থ্যজনিত জটিলতা সৃষ্টি হ’ব পাৰে। চিকিৎসালয়খনে লগতে উল্লেখ কৰে যে, অসমৰ বানপানী-প্ৰৱণ অঞ্চলসমূহত ডায়েৰীয়া ৰোগ, কলেৰা আৰু টাইফয়েডৰ ঋতুভিত্তিক প্ৰাদুৰ্ভাৱে দুৰ্বল অনাময় ব্যৱস্থা আৰু দূষিত পানীৰ উৎসৰ বাবে পাচনকেন্দ্ৰিক স্বাস্থ্যত প্ৰভাৱ পেলায়।
গুৱাহাটীত দ্ৰুত নগৰায়ন আৰু পৰিৱৰ্তিত খাদ্য খোৱাৰ ধৰণে মহানগৰবাসী বিশেষকৈ যুৱ পেছাদাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰচেছড আৰু তেলীয়া খাদ্যৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু বিশেষ পাচনকেন্দ্ৰিক চিকিৎসা সেৱাৰ প্ৰতি সজাগতা বৃদ্ধিয়ে গুৱাহাটী আৰু ৰাজ্যখনৰ অন্যান্য নগৰীয়া কেন্দ্ৰত উন্নত গেষ্ট্ৰ’ চিকিত্সাৰ সুবিধাৰ চাহিদা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। মেদান্তাই কয় যে, সাধাৰণ জীৱনশৈলীৰ ব্যৱস্থাসমূহ যেনে অধিক আঁহযুক্ত খাদ্য গ্ৰহণ, সঠিক হাইড্ৰেচন, মানসিক চাপ ব্যৱস্থাপনা আৰু সঠিক টোপনিয়ে অন্ত্ৰৰ স্বাস্থ্য যথেষ্ট উন্নত কৰিব পাৰে। মেদান্তাই অসমীয়া, বাংলা, নাগামিজ, ইংৰাজী আৰু হিন্দী ভাষাত ৰোগীসকলক সহায় কৰিবলৈ উত্তৰ-পূবৰ বাবে এক সমৰ্পিত হেল্পলাইন আৰম্ভ কৰিছে। ডিব্ৰুগড় আৰু সমীপৱৰ্তী অঞ্চলৰ বাসিন্দাসকলে ১৩ মে’ত ডিব্ৰুগড় মেডিচিটীত ডাঃ ৰাৱালৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
