ভূটানে মেগা জলবিদ্যুৎ প্ৰকল্পৰ বাবে বিশ্ব বেংকৰ পৰা লাভ কৰিছে ৫১৫ মিলিয়ন ডলাৰৰ পুঁজি

ভূটানৰ স্বচ্ছ শক্তিৰ সম্প্ৰসাৰণ আৰু আঞ্চলিক শক্তি সহযোগিতাৰ এক বৃহৎ পদক্ষেপ হিচাপে ৭ মে’ত ভূটানৰ ৰয়েল চৰকাৰ আৰু বিশ্ব বেংকে ১১২৫ মেগাৱাট শক্তিসম্পন্ন ডৰ্জিলুং জলবিদ্যুৎ শক্তি প্ৰকল্পৰ বাবে ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তি স্বাক্ষৰ কৰিছে। পূব ভূটানৰ কুৰিচু নদীত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোৱে বছৰি ৪৫০০ জিডব্লিউএইছৰো অধিক বিদ্যুৎ উৎপাদন কৰাৰ লগতে দেশখনৰ মুঠ বিদ্যুৎ উৎপাদনৰ প্ৰায় এক তৃতীয়াংশ অৰিহণা যোগাব বুলি আশা কৰা হৈছে। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেইয়ে এই প্ৰকল্পটোক ভূটানৰ ত্ৰয়োদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল শিলাস্তম্ভ বুলি অভিহিত কৰি কয় যে, এই প্ৰকল্পৰ দ্বাৰা অৰ্থনৈতিক প্ৰগতি বৃদ্ধি বৃদ্ধি পাব, কৰ্মসংস্থাপন সৃষ্টি হ’ব আৰু দেশখনৰ কাৰ্বন ঋণাত্মক প্ৰতিশ্ৰুতি শক্তিশালী হ’ব। জলবিদ্যুৎ প্ৰকল্পটোৱে ভূটানৰ জিডিপি ২.৪ শতাংশ বৃদ্ধি কৰাৰ লগতে শীতকালত ঋতুভিত্তিক শক্তিৰ নাটনি হ্ৰাস কৰাৰ লগতে ভাৰতলৈ উদ্বৃত্ত বিদ্যুৎ ৰপ্তানি সম্ভৱপৰ হ’ব বুলি আশা কৰা হৈছে।

বিশ্ব বেংকে কয় যে, এই প্ৰকল্পটোৱে বছৰি প্ৰায় ৩.৩ নিযুত টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন স্থানচ্যুত কৰাত সহায় কৰাৰ লগতে আঞ্চলিক শক্তি সুৰক্ষা উন্নত কৰিব। ভূটানৰ ড্ৰুক গ্ৰীন পাৱাৰ কৰ্পৰেচন আৰু টাটা পাৱাৰৰ সহযোগত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত আনুমানিক ১.৭ বিলিয়ন ডলাৰৰ এই প্ৰকল্পটো বিকশিত কৰা হৈছে।

এই প্ৰকল্পটোৱে উত্তৰ-পূব ভাৰত আৰু ভূটানৰ মাজত শক্তি বাণিজ্য আৰু অৰ্থনৈতিক সংযোগ শক্তিশালী কৰিব পাৰে। আনহাতে, বজাৰৰ ব্যৱসায়িক চক্ৰই বিশ্বাস কৰিছে যে উন্নত আঞ্চলিক শক্তিৰ উপলব্ধতাই দীৰ্ঘম্যাদীভাৱে সমগ্ৰ অসম আৰু উঃ-পূবৰ আন ৰাজ্যসমূহত ঔদ্যোগিক কাৰ্য-কলাপ, লজিষ্টিক আৰু ক্ষুদ্ৰ ব্যৱসায়সমূহক সহায় কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *