তিনিচুকীয়া জিলা কাৰাগাৰৰ সমীপৰ ককৰাতলীত আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা এক অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। বিশেষ এক গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত প্ৰায় ২০০ কেজিৰো অধিক নিচাজাতীয় সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা পদক্ষেপৰ মাজতে আৰক্ষীয়ে লাভ কৰা এই সফলতাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।
অভিযানকাৰী দলে ককৰাতলীৰ বাসিন্দা তথা গাঞ্জা ব্যৱসায়ী পোনাকণ দাসৰ আত্মীয়ৰ ঘৰৰ পিছফালৰ পৰা এই সামগ্ৰীখিনি জব্দ কৰে। ব্যৱসায়ীটোৱে গাঞ্জাখিনি হাবিৰ মাজত লুকুৱাই ৰখাৰ উপৰিও কেইবাটাও পেকেট মাটিত পুতি থৈছিল। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোত দীৰ্ঘদিনৰ পৰা এনে অবৈধ বেহা চলি আছিল। আৰক্ষীয়ে ইতিমধ্যে সৰবৰাহকাৰী পোনাকণ দাসক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে।
তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক পৰীক্ষিত লাহন আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰঞ্জয় বৰাৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দলটোৱে চলাইছিল এই অভিযান। অভিযানকাৰী বিষয়াজনে জানিবলৈ দিয়া মতে, মুঠ ২০ টাকৈ পেকেটত এই গাঞ্জাসমূহ জব্দ কৰা হৈছে। তদন্তৰ খাতিৰত বৰ্তমান অধিক তথ্য ৰাজহুৱা কৰা নাই যদিও এই চক্ৰটোৰ সৈতে জড়িত আন লোকসকলক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান চলাই আছে।
