টিভিএছ মটৰে সম্প্ৰসাৰণ কৰিলে নতুন আইকিউব এছ ৪.৭ কেডব্লিউএইছ ভেৰিয়েণ্টৰ সৈতে নতুন ইভি বাহন

দেশৰ ক্ৰমবৰ্ধমান বৈদ্যুতিক গতিশীলতা বজাৰত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে টিভিএছ মটৰ কোম্পানীয়ে নতুন টিভিএছ আইকিউব এছ ৪.৭ কিলোৱাট ঘণ্টাৰ ভেৰিয়েণ্ট মুকলি কৰি নিজৰ ইলেক্ট্ৰিক স্কুটাৰ সূচীৰ সম্প্ৰসাৰণ কৰিছে। ১,৩৭,১৪২ টকা (কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজসাহায্যকে ধৰি কাৰ্যকৰী এক্স-শ্ব’ৰুম দিল্লী) মূল্যৰ এই নতুন স্কুটাৰখনে একক চাৰ্জতে আইডিচি প্ৰমাণিত ১৭৫ কিলোমিটাৰ ৰাইডিং ৰেঞ্জ প্ৰদান কৰে। কোম্পানীটোৱে জনোৱা মতে, উন্নীতকৃত ৪.৭ কিলোৱাট ঘণ্টাৰ বেটাৰীটো ৰাইডাৰসকলৰ বাবে উন্নত সুবিধা আৰু আত্মবিশ্বাসৰ সৈতে দৈনিক অহা-যোৱা আৰু দীঘলীয়া যাত্ৰা দুয়োটাকে সমৰ্থন কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।

আইকিউব পৰ্টফলিঅ’ত শেহতীয়াকৈ সংযোজন কৰা হৈছে তিনিটা ৰঙৰ বিকল্প, ক্ৰমে মেগনিফিচেন্স পাৰ্পল বেইজ, হাৰ্লেকুইন ব্লু বেইজ আৰু টাইটানিয়াম গ্ৰে মেট। কোম্পানীটোৰ মতে, এই মডেলটোৱে উন্নত বেটাৰী সামৰ্থ্য আৰু বৰ্ধিত ব্যৱহাৰিকতা প্ৰদান কৰাৰ লগতে আইকিউব ছিৰিজৰ পৰিচিত ৰাইডিং অভিজ্ঞতা বজাই ৰাখিছে। টিভিএছ মটৰে জনোৱা অনুসৰি বৰ্তমান ৯০০,০০০তকৈ অধিক ভাৰতীয় পৰিয়ালে আইকিউব ইলেক্ট্ৰিক স্কুটাৰ পৰিসৰ ব্যৱহাৰ কৰিছে, যি দেশজুৰি ১০০০ৰো অধিক চহৰ আৰু ৩৩০০ ডিলাৰশ্বিপত উপলব্ধ। প্ৰতিষ্ঠানটোৱে লগতে কয় যে, আইকিউব প্লেটফৰ্মে দেশত ইভি বাহনৰ ব্যৱহাৰ ত্বৰান্বিত কৰিবলৈ ৰেঞ্জ বিকল্প, সংযুক্ত বৈশিষ্ট্য, সুৰক্ষা মানদণ্ড আৰু কাৰ্য-কলাপৰ সহজতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গুৱাহাটী মহানগৰীত ইন্ধনৰ মূল্য বৃদ্ধি আৰু বহনক্ষম গতিশীলতাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে ইলেক্ট্ৰিক স্কুটাৰৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। উদ্যোগৰ সূত্ৰই উল্লেখ কৰিছে যে নতুন আইকিউব এছ ৪.৭ কিলোৱাট ঘণ্টাৰ দৰে দীৰ্ঘ দূৰত্বৰ বৈদ্যুতিক স্কুটাৰে অসমৰ সম্প্ৰসাৰিত ইভি শিতানত অধিক চহৰীয়া যাত্ৰী আৰু যুৱ ক্ৰেতাসকলক আকৰ্ষণ কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *