14
May
১৬ মে’ৰ ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ পূৰ্বে প্ৰকাশ পোৱা এক নতুন জনস্বাস্থ্য অধ্যয়ন প্ৰতিবেদন অনুসৰি ভাৰতীয় পৰিয়ালত ব্যৱহৃত অবৈধ মহ প্ৰতিৰোধী অগৰবট্টিয়ে ডেংগু আৰু মেলেৰিয়াৰ দৰে মহজনিত ৰোগতকৈ তাৎক্ষণিক স্বাস্থ্যৰ বাবে অধিক ভাবুকি কঢ়িয়াই আনিব পাৰে। হোম ইনছেক্ট কণ্ট্ৰল এছচিয়েচন(এইচআইচিএ)ৰ নিৰ্দেশত আৰু বজাৰ গৱেষণা সংস্থা কাণ্টাৰে কৰা এই অধ্যয়নত দেখা গৈছে যে সমীক্ষাত অংশগ্ৰহণ কৰা ৭০ শতাংশ চিকিৎসকে অনুমোদিত নোহোৱা ৰাসায়নিক পদাৰ্থ থকা অবৈধ মহৰ অগৰবট্টিক “শ্বাস-প্ৰশ্বাসজনিত ডাঙৰ বিপদ” হিচাপে শ্ৰেণীভুক্ত কৰিছে। ১২খন চহৰত ১২৬৪টা পৰিয়াল আৰু ৪০৫টা চিকিৎসকৰ মাজত কৰা এই সমীক্ষাত প্ৰকাশ পাইছে যে বিগত এটা বছৰত ৯৫ শতাংশ পৰিয়ালে ডেংগু বা মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱা নাই যদিও বৃহৎ…
