২০২৬ বিত্তীয় বৰ্ষত ৪৭,২৭০ কোটি টকা ব্যৱসায়েৰে অভিলেখ টিভিএছ মটৰ কোম্পানীৰ, ইভি বাহনৰ বিক্ৰী ৩৩% উত্থান

টিভিএছ মটৰ কোম্পানীয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৰাজহ ৩০ শতাংশ বৃদ্ধিৰ কথা সদৰি কৰিছে, প্ৰতিষ্ঠানটোৰ মটৰ চাইকেল, স্কুটাৰ আৰু ইলেক্ট্ৰিক বাহনৰ বিক্ৰী শক্তিশালী বৃদ্ধিৰ ফলত বাৰ্ষিক বিক্ৰী আৰু ৰাজহৰ পৰিসংখ্যা এইপৰ্যন্ত সৰ্বাধিক হৈছে। প্ৰতিষ্ঠানটোৱে ২০২৬ বিত্তীয় বৰ্ষত ৪৭,২৭০ কোটি টকাৰ ৰাজহ লাভ কৰাৰ বিপৰীতে বিগত বিত্তীয় বৰ্ষত ৩৬,২৫১ কোটি টকাৰ ৰাজহ লাভ কৰিছিল। কৰৰ পূৰ্বে পৰিচালনা লাভ (পিবিটি) ২০২৫ বিত্তীয় বৰ্ষত ৩,৫৬৩ কোটি টকাৰ পৰা ৪০ শতাংশ বৃদ্ধি পাই ৪,৯৭৫ কোটি টকা হয়, আনহাতে পৰিচালনা ইবিটডা ১২.৯ শতাংশলৈ উন্নত হৈছে।

টিভিএছ মটৰে ২০২৬ বিত্তীয় বৰ্ষত ৫৮.৮৯ লাখ দুচকীয়া আৰু তিনিচকীয়া বাহন বিক্ৰী কৰিছিল, যি ২০২৫ বিত্তীয় বৰ্ষত বিক্ৰী হোৱা ৪৭.৪৪ লাখ ইউনিটৰ তুলনাত ২৪ শতাংশ বৃদ্ধি পাইছে। মটৰ চাইকেলৰ বিক্ৰী ২৪ শতাংশ বৃদ্ধি পাই ২৭.১৩ লাখ ইউনিট হোৱাৰ বিপৰীতে স্কুটাৰৰ বিক্ৰী ২৭ শতাংশ বৃদ্ধি পাই ২৪.১৩ লাখ ইউনিট হৈছেগৈ। কোম্পানীটোৰ ইলেক্ট্ৰিক বাহন ব্যৱসায়তো শক্তিশালী গতি লাভ কৰিছে, ইভি বাহনৰ বিক্ৰী ৩৩ শতাংশ বৃদ্ধি পাই ৩.৭১ লাখ ইউনিট হৈছে। টিভিএছ মটৰে জনোৱা মতে, এতিয়া বিশ্বজুৰি তেওঁলোকৰ ৯ লাখৰো অধিক ইভি গ্ৰাহক আছে। বিত্তীয় বৰ্ষত তিনিচকীয়া বাহনৰ বিক্ৰী ৬৩ শতাংশ বৃদ্ধিৰে ২.১৯ লাখখন হৈছে।

জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত প্ৰতিষ্ঠানটোৱে ত্ৰৈমাসিকৰ সৰ্বাধিক ৰাজহ ১২,৮০৮ কোটি টকা অৰ্জন কৰিছে। ত্ৰৈমাসিক বিক্ৰী ২৮ শতাংশ বৃদ্ধি পাই ১৫.৬০ লাখ ইউনিট হোৱাৰ বিপৰীতে ইভিৰ বিক্ৰী ৫১ শতাংশ বৃদ্ধিৰে ১.১৫ লাখ ইউনিট হৈছে। এই ত্ৰৈমাসিকত কোম্পানীটোৰ ইবিটডা ব্যৱধান ১৩.১ শতাংশ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *