১৬ মে’ৰ ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ পূৰ্বে প্ৰকাশ পোৱা এক নতুন জনস্বাস্থ্য অধ্যয়ন প্ৰতিবেদন অনুসৰি ভাৰতীয় পৰিয়ালত ব্যৱহৃত অবৈধ মহ প্ৰতিৰোধী অগৰবট্টিয়ে ডেংগু আৰু মেলেৰিয়াৰ দৰে মহজনিত ৰোগতকৈ তাৎক্ষণিক স্বাস্থ্যৰ বাবে অধিক ভাবুকি কঢ়িয়াই আনিব পাৰে। হোম ইনছেক্ট কণ্ট্ৰল এছচিয়েচন(এইচআইচিএ)ৰ নিৰ্দেশত আৰু বজাৰ গৱেষণা সংস্থা কাণ্টাৰে কৰা এই অধ্যয়নত দেখা গৈছে যে সমীক্ষাত অংশগ্ৰহণ কৰা ৭০ শতাংশ চিকিৎসকে অনুমোদিত নোহোৱা ৰাসায়নিক পদাৰ্থ থকা অবৈধ মহৰ অগৰবট্টিক “শ্বাস-প্ৰশ্বাসজনিত ডাঙৰ বিপদ” হিচাপে শ্ৰেণীভুক্ত কৰিছে। ১২খন চহৰত ১২৬৪টা পৰিয়াল আৰু ৪০৫টা চিকিৎসকৰ মাজত কৰা এই সমীক্ষাত প্ৰকাশ পাইছে যে বিগত এটা বছৰত ৯৫ শতাংশ পৰিয়ালে ডেংগু বা মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱা নাই যদিও বৃহৎ সংখ্যকে দৈনিক নিয়ন্ত্ৰণহীন মহ বিকৃতকাৰী ঔষধ ব্যৱহাৰ কৰি আহিছে। চিকিৎসকসকলে এই সামগ্ৰীসমূহৰ ধোঁৱাৰ স্বাস্থ্যজনিত বিপদক চিগাৰেটৰ ধোঁৱাৰ সৈতে তুলনা কৰিছিল, ৬৭ শতাংশই শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ চিন্তাৰ কথা উল্লেখ কৰিছে।
প্ৰতিবেদনত কোৱা হৈছে যে যে ভাৰতৰ মহৰ অগৰবট্টিৰ বজাৰৰ মূল্য প্ৰায় ২০০০ কোটি, প্ৰায় ৮৫ শতাংশ অবৈধ বা নিয়ন্ত্ৰিত সামগ্ৰীৰ দ্বাৰা নিয়ন্ত্ৰিত য’ত বাধ্যতামূলক কেন্দ্ৰীয় কীটনাশক পঞ্জীয়ন (চিআইআৰ) অনুমোদনৰ অভাৱ দেখা যায়। প্ৰতিবেদনত নাম উল্লেখ কৰা জনপ্ৰিয় ব্ৰেণ্ডসমূহৰ ভিতৰত আছে কম্ফৰ্ট, শ্লিপৱেল, ৰিলেক্স, হাণ্টিং টাইগাৰ আৰু ডেংগু কিলাৰ। এইচআইচিএৰ সচিব তথা সঞ্চালক জয়ন্ত দেশপাণ্ডেই গ্ৰাহকসকলক মহ প্ৰতিৰোধী ঔষধ ক্ৰয় কৰাৰ পূৰ্বে চিআইআৰ পঞ্জীয়ন নম্বৰ পৰীক্ষা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ‘গ্ৰাহকে অস্পষ্ট দাবী বা নিয়ন্ত্ৰক প্ৰকাশ নথকা সামগ্ৰীৰ পৰা আঁতৰি থাকিব লাগে।
এছ এল ৰাহেজা হাস্পতালৰ ডাঃ সঞ্জীথ শশীধৰণে সকীয়াই দিয়ে যে, এনে সামগ্ৰীৰ ধোঁৱাৰ সংস্পৰ্শত অবিৰতভাৱে থাকিলে বিশেষকৈ শিশু, বৃদ্ধ আৰু হাঁপানী ৰোগীৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ অধিক বেছি বেয়া হ’ব পাৰে। গুৱাহাটী মহানগৰীত বিশেষকৈ বাৰিষা কালছোৱাত ডেংগুৰ আশংকা বৃদ্ধিৰ সময়ত স্থানীয় বিপণী, ফাৰ্মাচী আৰু পথৰ কাষৰ ষ্টলত মহৰ অগৰবট্টি ব্যাপকভাৱে বিক্ৰী হয়। ব্যৱসায়ীসকলে কয় যে সুৰক্ষা আৰু নিয়ন্ত্ৰণমূলক অনুমোদনৰ অভাৱৰ ওপৰত ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ পিছতো সুলভ মূল্যৰ বাবে কম খৰচী আৰু ব্ৰেণ্ডবিহীন সামগ্ৰীসমূহ গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈয়ে আছে।
