ৰস্নাৰ অধ্যক্ষ পিৰুজ খাম্বাটাই মুকলি কৰিলে ‘অশোই’, ঘোষণা কৰিলে নতুন প্ৰজন্মৰ উদ্যোগীসকলৰ বাবে ষ্টাৰ্টআপ ফাণ্ড

ৰস্না গ্ৰুপৰ অধ্যক্ষ পিৰুজ আৰিজ খাম্বাটাই নিজৰ নতুন গ্ৰন্থ অশোই: দ্য জৰোষ্ট্ৰিয়ান আৰ্ট অৱ চাক্সেছ এণ্ড ইমৰ্টেলিটী উন্মোচন কৰাৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগ আৰু নেতৃত্ব বিকাশক সহায় কৰাৰ লক্ষ্যৰে উদ্যমিতা পুঁজি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। মুম্বাইৰ দ্য তাজমহল পেলেচত অনুষ্ঠিত বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু,সাংসদ মিলিন্দ দেওৰা, বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শ্বাহৰুখ জে কাথাৱাল্লাৰ লগতে পাৰ্চী সম্প্ৰদায় আৰু ব্যৱসায়িক খণ্ডৰ কেইবাজনো ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত নিজৰ অভিমত ব্যক্ত কৰি খাম্বাটাই কয় যে, এই গ্ৰন্থখনে প্ৰাচীন জোৰোস্ত্ৰিয়ান প্ৰজ্ঞাক সততা, অনুশাসন, নৈতিক জীৱন আৰু ৰাষ্ট্ৰ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰা আধুনিক আৰু ব্যৱহাৰিক কাঠামোলৈ লৈ অহাৰ প্ৰয়াস কৰিছে। গ্ৰন্থখনত ৩,০০০ বছৰতকৈও অধিক সময়ৰ জোৰোস্ত্ৰিয়ান শিক্ষাৰ পৰা আহৰণ কৰা ৫১টা নীতি উপস্থাপন কৰা হৈছে আৰু পাৰ্চী সম্প্ৰদায়ৰ ব্যৱসায়িক সফলতা, অভিযোজন ক্ষমতা আৰু বিশ্বাসৰ সুনামৰ আঁৰৰ দিশসমূহ অন্বেষণ কৰা হৈছে।

বিশেষকৈ পাৰ্চী যুৱক-যুৱতীসকলৰ মাজত প্ৰাৰম্ভিক পৰ্যায়ৰ উদ্যোগসমূহক পৰামৰ্শ আৰু আৰ্থিকভাৱে সহায় কৰিবলৈ ৱৰ্ল্ড জাৰাথুষ্টি চেম্বাৰ অৱ কমাৰ্চৰ অংশীদাৰিত্বত উদ্যোগী পুঁজি মুকলি কৰা হৈছিল।  এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত ২০৪৭’ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰতিভাশালী উদ্যোগীসকলক ভাৰতত উদ্যোগ গঢ়ি তুলিবলৈ উৎসাহিত কৰা। গুৱাহাটী মহানগৰীত এই প্ৰচেষ্টাই ভাৰতত মূল্য-চালিত উদ্যোগশীলতা আৰু পৰামৰ্শ-কেন্দ্ৰিক ব্যৱসায়িক পৰিৱেশ তন্ত্ৰৰ বৰ্ধিত প্ৰৱণতাৰ দিশটো প্ৰতিফলিত কৰিছে।  মহানগৰখনৰ বজাৰৰ ব্যৱসায়িক চক্ৰই বিশ্বাস কৰে যে, এনে নেতৃত্ব আৰু ষ্টাৰ্টআপ-কেন্দ্ৰিক পদক্ষেপে উত্তৰ-পূবৰ যুৱ উদ্যোগীসকলক নৈতিক আৰু উদ্ভাৱন-কেন্দ্ৰিক উদ্যোগসমূহ অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *