13
Feb
সাধাৰণতে তীব্ৰবেগী ট্ৰাক আৰু বাছ চলাচল কৰা ৰাষ্ট্ৰীয় ঘাইপথত আজি চলিছে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক যুদ্ধবিমান। অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে মৰাণৰ ঘাইপথত নিৰ্মাণ কৰা জৰুৰীকালীন অৱতৰণস্থলীৰ সফল পৰীক্ষণ সম্পন্ন কৰা হয়। ৰাফেল আৰু সুখয়ৰ দৰে শক্তিশালী যুদ্ধবিমানৰ অৱতৰণে সমগ্ৰ উজনি অসমতে এক অভূতপূৰ্ব উছাহ আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱতৰণস্থলীত উপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ পৰা চাবুৱা বায়ুসেনা ঘাটিলৈ আহিব আৰু তাৰ পাছত চি-১৩০ পৰিবহণ বিমানেৰে মৰাণৰ এই নতুনকৈ প্ৰস্তুত কৰা ৰাজপথত পোনপটীয়াকৈ অৱতৰণ কৰিব। প্ৰায় ১৬ খন বায়ুসেনাৰ বিমানে এই ৩০ মিনিটীয় আকাশী কুচকাৱাজত অংশ ল’ব বুলি…
