প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা ভূমিৰ পট্টা লাভ কৰিব চাহ শ্ৰমিকে; মাৰ্চত অসমলৈ আহিব মোদী

চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক বিশেষ অভিযানত অংশ ল’বলৈ মাৰ্চ মাহত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ৬ আৰু ৭ মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীৰ এই সম্ভাৱ্য ভ্ৰমণৰ সময়ত গুৱাহাটীত হাজাৰ হাজাৰ চাহ শ্ৰমিকক ভূমিৰ পট্টা বিতৰণ কৰাটো এক বিশেষ আকৰ্ষণ হিচাপে বিবেচিত হ’ব। বুধবাৰে লোক সেৱা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰি জনায় যে চাহ জনগোষ্ঠীৰ প্ৰতি চৰকাৰে এই বৃহৎ জনসম্পৰ্ক অভিযান হাতত লৈছে।

চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া ভূমিৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ আগ্ৰহ প্ৰকাশ কৰে। সংবাদমেলত তেওঁ কয়, “মোৰ এটা ইচ্ছা আছে যে অতি কমেও ৫,০০০ চাহ শ্ৰমিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজ হাতৰ পৰাই ভূমিৰ পট্টা লাভ কৰক।” তেওঁ লগতে জনায় যে যদি কিবা কাৰণত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব নোৱাৰে, তেন্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই দায়িত্ব পালন কৰিব। অহা ১০ মাৰ্চৰ ভিতৰত মুঠ ৫,০০০ৰ পৰা ২০,০০০ শ্ৰমিকক ভূমিৰ পট্টা দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে। ৰাজ্যৰ চাহ উদ্যোগৰ বাবে চলিত বৰ্ষটোক এক ‘পৰিৱৰ্তনৰ বছৰ’ হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে প্ৰায় ২৫ বছৰৰ পাছত অসমৰ চাহ ৰপ্তানি উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। তেওঁৰ মতে, এইবাৰ চাহ ৰপ্তানি ৪০ নিযুত কিলোগ্ৰাম বৃদ্ধি পোৱাৰ লগতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অৰ্থডক্স চাহৰ বিক্ৰী ১০০ শতাংশ বৃদ্ধি পাইছে। চৰকাৰে অৰ্থডক্স চাহৰ ৰাজসাহায্য প্ৰতি কিলোগ্ৰামত ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰিছে, যাৰ ফলত চাহৰ স্বৰ্ণিল যুগ পুনৰ ঘূৰি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

উদ্যোগটোৰ লাভাংশ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবেও চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে চাহ কোম্পানীসমূহক শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে চাহ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ শ্ৰমিকসকলৰ অতিৰিক্ত সা-সুবিধা আৰু মজুৰিৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *