অসমত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা; ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চৰ প্ৰথমতে হ’ব পাৰে দিন ঘোষণা

ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও প্ৰশাসনিক পৰ্যায়ত নিৰ্বাচনী প্ৰস্তুতিৰ তৎপৰতা আৰম্ভ হৈছে। চৰকাৰী সূত্ৰই সদৰী কৰা অনুসৰি চলিত ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰাজ্যত নিৰ্বাচন এটা নে দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব, তাক লৈ চৰ্চা চলি থকাৰ মাজতে প্ৰশাসনে সম্ভাব্য সকলো পৰিস্থিতিৰ মুখামুখি হ’বলৈ নিজাকৈ প্ৰস্তুতি চলাইছে।

অসমত সাধাৰণতে নিৰ্বাচন এটা বা দুটা পৰ্যায়ত অনুষ্ঠিত হয় যদিও এটা পৰ্যায়ত ভোটগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বৃহৎ সংখ্যক অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰিব লাগিব। একে সময়তে দেশৰ কেইবাখনো ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই জোখমতে সুৰক্ষা বাহিনী যোগান ধৰিব পাৰিব নে নাই, তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। অৱশ্যে দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’লে প্ৰশাসনে কম সুৰক্ষা বাহিনীৰেই কাম চলাব পাৰিব, কিয়নো প্ৰথম পৰ্যায়ৰ পাছত সেই একেখিনি বাহিনীকেই দ্বিতীয় পৰ্যায়ত পুনৰ ব্যৱহাৰ কৰিব পৰা যাব।

ইফালে, নিৰ্বাচন আয়োগৰ এটা বিষয়াৰ দলে শেহতীয়াভাৱে অসম ভ্ৰমণ কৰি তৃণমূল পৰ্যায়ৰ পৰিস্থিতিৰ বুজ লৈছে। অহা ১৮ মাৰ্চত মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত আয়োগৰ পূৰ্ণাংগ দলটো অসমলৈ অহাৰ কথা আছে। এই ভ্ৰমণ কালত আয়োগে ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনী সূচী চূড়ান্ত কৰিব। নিৰ্বাচন আয়োগৰ এই ভ্ৰমণৰ পাছতেই সমগ্ৰ ছবিখন অধিক স্পষ্ট হৈ পৰিব।

ৰাজ্য প্ৰশাসনে ইতিমধ্যে এটা বা দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় সুৰক্ষা বাহিনীৰ এক খতিয়ান প্ৰস্তুত কৰি উলিয়াইছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি অন্যান্য সকলো কাম নিয়াৰিকৈ চলাই নিবলৈ প্ৰশাসনে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে। নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ৰাজ্যৰ ৰাজনৈতিক তথা প্ৰশাসনিক পৰিৱেশ এতিয়া উখল-মাখল হৈ পৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *