উত্তৰ-পূৱ

ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ!

ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ!

ৰাজ্যৰ লাখ লাখ গৃহহীন লোকলৈ সুখবৰ! PMAYৰ অধীনত অসমত নতুনকৈ ৩.৮ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। বানপীড়িত অঞ্চলৰ বাবেও অতিৰিক্ত PMAY গৃহৰ অনুমোদন। উজনিৰ বানত ক্ষতিগ্ৰস্তৰ ঘৰ নিৰ্মাণ কৰিব কেন্দ্ৰই। PMAYৰ অধীনত অসমত ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব কেন্দ্ৰই। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰীৰ।
Read More
৫৩ বছৰীয়া আহত হাতী জয়মতীক বিমানেৰে জামনগৰৰ বন্তাৰালৈ প্ৰেৰণ, ভাৰতত প্ৰথম এনে চিকিৎসা-বিমান স্থানান্তৰ

৫৩ বছৰীয়া আহত হাতী জয়মতীক বিমানেৰে জামনগৰৰ বন্তাৰালৈ প্ৰেৰণ, ভাৰতত প্ৰথম এনে চিকিৎসা-বিমান স্থানান্তৰ

জুলাই মাহত নাগালেণ্ড আৰু অসমৰ বানৰ পৰা উদ্ধাৰ হোৱা ৫৩ বছৰীয়া মাইকী হাতী জয়মতীক একাধিক আঘাত আৰু দীৰ্ঘদিনীয়া চলা-ফুৰাৰ সমস্যাৰ বাবে বিশেষ পশু চিকিৎসাৰ বাবে জামনগৰৰ বন্তাৰালৈ বিমানেৰে লৈ যোৱা হৈছে। জুলাইৰ দ্বিতীয় সপ্তাহত নাগালেণ্ডত বানপানীত উটি গৈছিল জয়মতী। পিছত স্থানীয় লোক আৰু চৰকাৰী সংস্থাৰ সহায়ত হাতীটো উদ্ধাৰ কৰা হয়। হাতীটোৱে শৰীৰৰ কেইবাটাও অংশত আঘাত পাইছে, য'ত আছে কপাল, সোঁ কাণ, নেজৰ ওপৰৰ অংশ, বাওঁ ভিতৰৰ উৰু আৰু পেট। তাইৰ বাহ্যিক যৌনাংগৰ চাৰিওফালে গভীৰ ঘাঁও হৈছিল, য'ত পোক লাগিছিল। তাইৰ সোঁ চকু গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল, যাৰ ফলত তাই সেই চকুৰে অন্ধ হৈ পৰিছে আৰু চকুৰ পৰা অবিৰত পানী ওলাই আছে।…
Read More
ঔষধ প্ৰস্তুত কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণ

ঔষধ প্ৰস্তুত কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণ

শুকুৰবাৰে গভীৰ নিশা তেলেংগানাৰ য়াদাদ্ৰী ভংগীৰ জিলাৰ পোচমপল্লী মণ্ডলৰ দোথিগুডেমৰ সমীপত হাজেলো লেব প্ৰাইভেট লিমিটেড নামৰ এটা ঔষধ প্ৰস্তুতকৰণ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় ।বিস্ফোৰণৰ ফলত কোম্পানীটোৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ততাতৈয়াকৈ সেই স্থানলৈ গৈ জুই নিয়ন্ত্ৰণলৈ আনে । এখন গাড়ীৰে জুই নুমুওৱাটো অসম্ভৱ হৈ পৰাত অগ্নি নিৰ্বাপক বাহিনীৰ কেবাখনো গাড়ী ব্যৱহাৰ কৰিবলগীয়া হয় ৷ অগ্নিকাণ্ডটোত আহত দুই শ্ৰমিকক নিশাই চিকিৎসাৰ বাবে হায়দৰাবাদলৈ স্থানান্তৰ কৰা হয় । অৱশ্যে চিকিৎসাধীন অৱস্থাতে এই দুজন দুৰ্ভগীয়া শ্ৰমিকে মৃত্যুক সাবটি লয় ।
Read More
যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ

যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ

যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ। কেব চালকসকলৰ এই প্ৰতিবাদে ক্ৰমাত তীব্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ পৰা অসমলৈ অহা যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিছে যে, উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ক্ষমা নোখোজা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব। লগতে মেঘালয়ৰ প্ৰতিবাদৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বাহনসমূহৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে কেব চালকসকলে।একেদৰে, মেঘালয় চৰকাৰে চালকসকলৰ সুৰক্ষাৰ নিশ্চিতি প্ৰদান নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে। ইয়াৰ ফলত অসম-মেঘালয় সীমান্তত যান-বাহনৰ চলাচলত প্ৰভাৱ পৰাৰ লগতে পৰিস্থিতি ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে।
Read More
দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

যোগীঘোপাত দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ এনকাউণ্টাৰত আহত গোৱালপাৰাৰ ডকাইত বৰাত আলী। সো-ভৰিত গুলী লাগি আহত হয় ডকাইতটো।কৃষ্ণাইৰ পৰা যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ ডকাইতটোক। যোগীঘোপা থানালৈ আনি থকা সময়তে পলায়নৰ চেষ্টা কৰিছিল ডকাইতটোৱে ।এগৰাকী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা ডকাইত বৰাত আলীৰ।
Read More
জলদস্যুৰ হাতত ২খন জাহাজ অপহৃত। ২২গৰাকী ভাৰতীয়ক বন্দী নাবিক আৰু কৰ্মচাৰীক বন্দী কৰি ৰাখিছে জলদস্যুয়ে।

জলদস্যুৰ হাতত ২খন জাহাজ অপহৃত। ২২গৰাকী ভাৰতীয়ক বন্দী নাবিক আৰু কৰ্মচাৰীক বন্দী কৰি ৰাখিছে জলদস্যুয়ে।

য়েমেন আৰু ছোমালিয়াৰ সমীপত জলদস্যুৰ হাতত ২খন জাহাজ অপহৃত হোৱাৰ খবৰ আহিছে। ২২গৰাকী ভাৰতীয়ক বন্দী নাবিক আৰু কৰ্মচাৰীক বন্দী কৰি ৰাখিছে জলদস্যুয়ে।এম.টি. চি বু ১ (M.T. Sibu 1) নামৰ এৰিট্ৰিয়াৰ পতাকাযুক্ত এই তেলবাহী জাহাজখন য়েমেনৰ উপকূলৰ পৰা প্ৰায় ৩০মাইল আঁতৰত এডেন উপসাগৰত ৬ জন সশস্ত্ৰ জলদস্যুৱে অপহৰণ কৰে। জাহাজখনত থকা ২০ জনীয়া দলটোৰ ভিতৰত ১৬ গৰাকীয়েই ভাৰতীয়। ডাইৰেক্টৰেট অৱ মেৰিটাইম এডমিনিষ্ট্ৰেছনৰ প্ৰাৰম্ভিক ৰিপৰ্ট অনুসৰি নাবিকসকল বৰ্তমান সুৰক্ষিত অৱস্থাত আছে।
Read More
অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা

অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা

অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা । অসমৰ কেব চালক, বিভিন্ন পৰিবহণ সন্থাৰ তীব্ৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে খানাপাৰা । অসম আৰু মেঘালয়ৰ সংযোগস্থল খানাপাৰা আৰু যোৰাবাটত চালকসকলে পুৱাৰে পৰা অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।জানিব পৰা মতে পৰ্যটৰ কোনো বাণিজ্যিক বাহনকে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই প্ৰতিবাদকাৰী চালক সন্থাই ।খানাপাৰাৰ পৰাই ঘূৰাই পঠোৱা হৈছে বাহনসমূহ । অসমৰ পৰ্যটকক সদ্যহতে শ্বিলং বা মেঘালয় ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখিবলৈও প্ৰতিবাদকাৰী চালকসকলে আহ্বান জনাইছে । বুধবাৰে শ্বিলঙত সংঘটিত এক ঘটনাৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । বহিঃৰাজ্যৰ বহু বাহনত সংগঠনটোৱে আক্ৰমণ কৰে । কেৱল বাহনেই নহয় অসমৰ পৰ্যটকৰ ওপৰতো আক্ৰমণ কৰে প্ৰতিবাদকাৰীৰ ৰূপত থকা দুস্কৃতিকাৰীয়ে…
Read More
পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ

পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ

পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ ৷ আজি (২০ আগষ্ট)ৰ পৰা ৰাজ্যখনৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে ৷ ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি আজিৰে পৰা ২২ আগষ্টলৈ বন্ধ থাকিব সকলো ধৰণৰ শিক্ষানুষ্ঠান ৷ মণিপুৰৰ শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি মাধ্যমিক শিক্ষা ব’ৰ্ড, উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড আৰু অন্যান্য ব’ৰ্ডৰ সৈতে জড়িত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ লগতে চৰকাৰী, সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো এই বন্ধৰ নিৰ্দেশনা প্ৰযোজ্য হ’ব ।
Read More
যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই

যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই

যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই। 'এই আন্দোলন বহুদূৰলৈ আগবাঢ়িব। তৃতীয় শক্তিয়ে এই আন্দোলনত সোমাই যাতে প্ৰতিবাদটো বিপদে পৰিচালিত নকৰে।' প্ৰতিবাদকাৰী সকলক চোঁকা নজৰ ৰাখিবলৈ আহ্বান শৃংখল চলিহাৰ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত সংগঠনটোৰ কাৰ্যকৰ্তাসকলে সীমান্ত প্ৰাংগণত উপস্থিত হৈ মেঘালয় চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।যোৰাবাট প্ৰতিবাদস্থলীত উপস্থিত হৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মেঘালয়ত বসবাস কৰা তথা যাতায়াত কৰা অসমৰ লোকসকলৰ সম্পূৰ্ণ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মেঘালয় চৰকাৰক দাবী জনায়। লগতে অসমৰ লোকসকলক লক্ষ্য কৰি চলোৱা হিংসাত্মক কাৰ্যকলাপক তীব্র ভাষাৰে গৰহণা দি শৃংখল চলিহাই কয়, "অসমৰ লোকৰ ওপৰত আক্ৰমণ হ’লেই এইবাৰ প্ৰত্যাক্ৰমণ হ’ব।"
Read More
নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি, বানৰ পাছত গ্ৰহণ কৰিবলগীয়া পুনৰ্নিৰ্মাণমূলক পদক্ষেপ আৰু অসম চৰকাৰৰ প্ৰথম ১০০ দিনৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিস্তৃত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ পৰা আশীৰ্বাদ আৰু ‘মাৰ্গদৰ্শন’ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতিৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখা আৰু ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত অঞ্চলসমূহ পুনৰ্নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণ, বানপীড়িত পৰিয়ালসমূহক পুনৰ সংস্থাপন, কৃষি…
Read More