24
Mar
ৰাজ্যজুৰি অব্যাহত থকা উগ্ৰপন্থী বিৰোধী অভিযানৰ মাজতে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল মণিপুৰ আৰক্ষী। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে ভাৰত-ম্যানমাৰ সীমান্তত চলোৱা এক সমন্বিত অভিযানত ২৬ জন কেডাৰসহ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু নিৰাপত্তা সংস্থা। যোৱা দুটা দিনত চলোৱা এই তীব্ৰতৰ অভিযানত উগ্ৰপন্থী নেটৱৰ্ক ধ্বংস কৰাৰ লক্ষ্যৰে কেইবাটাও স্থানৰ পৰা নগদ ধন আৰু বাহনো জব্দ কৰা হৈছে। মণিপুৰ আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ২৩ মাৰ্চত টেংনৌপাল জিলাৰ মোৰে আৰক্ষী থানাৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চলৰ পৰা নিষিদ্ধ প্ৰিপাক গোটৰ ১০ জন কেডাৰক আটক কৰে নিৰাপত্তা বাহিনীয়ে। ইয়াৰ ভিতৰত পাঁচগৰাকী নাবালক উগ্ৰপন্থীও আছে। আনহাতে, ইয়াৰ এদিন পূৰ্বে ২২ মাৰ্চত থৌবাল…
