নিউয়ৰ্কৰ বিমান বন্দৰত ভয়ংকৰ দুৰ্ঘটনা; অৱতৰণৰ সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সৈতে সংঘৰ্ষ এয়াৰ কানাডাৰ বিমানৰ

আমেৰিকাৰ নিউয়ৰ্কস্থিত লাগুয়াৰ্ডিয়া বিমানবন্দৰৰ ৰাণৱেত দেওবাৰে নিশা এক শোকাৱহ বিমান দুৰ্ঘটনা সংঘটিত হয়। কানাডাৰ মণ্ট্ৰিয়েলৰ পৰা অহা এয়াৰ কানাডা এক্সপ্ৰেছৰ এখন বিমানৰ সৈতে বিমানবন্দৰৰ এখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ প্ৰচণ্ড সংঘৰ্ষ হোৱাৰ ফলত চাৰিগৰাকী অগ্নিনিৰ্বাপক কৰ্মী গুৰুতৰভাৱে আহত হয়। নিশা প্ৰায় ১১:৪০ বজাত সংঘটিত এই ঘটনাই বিমানবন্দৰটোত এক তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

ফ্লাইট ৰাডাৰ ২৪-ৰ তথ্য অনুসৰি, বৰষুণ আৰু প্ৰতিকূল বতৰৰ মাজতে ৪ নম্বৰ ৰাণৱেত অৱতৰণ কৰাৰ সময়ত বিমানখনে প্ৰায় ৩৯ কিলোমিটাৰ বেগত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনখনক খুন্দা মাৰে। আন এখন বিমানত সৃষ্টি হোৱা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনখনক ৰাণৱে পাৰ হ’বলৈ অনুমতি দিয়া হৈছিল আৰু সেই সময়তে এই দুৰ্ঘটনাটো ঘটে। ফলত বিমানখনৰ সম্মুখৰ অংশ বেয়াকৈ ক্ষতিগ্রস্ত হয়।

প্ৰায় ১০০ যাত্ৰী থকা বোম্বাৰ্ডিয়াৰ চিআৰজে-৯০০ বিমানখনৰ যাত্ৰীসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হয়। আহত অগ্নিনিৰ্বাপক কৰ্মীকেইগৰাকী বন্দৰ কৰ্তৃপক্ষৰ আৰক্ষী বিভাগৰ বুলি চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাৰ পাছতেই আমেৰিকাৰ ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যনে বিমানবন্দৰটোত সকলো ধৰণৰ বিমান চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়ে। সম্প্ৰতি কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটোৰ এক বিতং তদন্ত আৰম্ভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *