অসমৰ চাবুৱা বায়ুসেনা ঘাটিৰ পৰা পাকিস্তানলৈ তথ্য সৰবৰাহ; আৰক্ষীৰ জালত সুমিত কুমাৰ

দেশৰ গোপন সামৰিক তথ্য পাকিস্তানলৈ সৰবৰাহ কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল এজন চোৰাংচোৱা। অসমৰ চাবুৱা বায়ুসেনা ঘাটিত অসামৰিক কৰ্মচাৰী হিচাপে কৰ্মৰত সুমিত কুমাৰ নামৰ এজন ব্যক্তিক দেওবাৰে ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে ৰাজস্থান আৰক্ষীৰ এটা বিশেষ দলে। ধৃত ৩৬ বছৰীয়া সুমিত কুমাৰে বায়ুসেনা ঘাটিটোত মাল্টি-টাস্কিং ষ্টাফ হিচাপে কৰ্মৰত আছিল। অভিযুক্তজনে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ এজেণ্টক সামাজিক মাধ্যমৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ গোপন তথ্য যোগান ধৰি বিনিময়ত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছিল।

চলিত বৰ্ষৰ জানুৱাৰী মাহত জয়ছালমেৰৰ পৰা ঝাবৰাৰাম নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা নেটৱৰ্কটোৰ তথ্য লাভ কৰে তদন্তকাৰী সংস্থাই। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (চোৰাংচোৱা) প্ৰফুল্ল কুমাৰে জনোৱা মতে, সুমিত কুমাৰে নিজৰ পদবীৰ অপব্যৱহাৰ কৰি সামৰিক তথ্যসমূহ সংগ্ৰহ কৰিছিল। এই অভিযানত নতুন দিল্লীৰ বায়ুসেনাৰ চোৰাংচোৱা শাখা আৰু ৰাজস্থান আৰক্ষীয়ে যৌথভাৱে চাবুৱাৰ পৰা কুমাৰক জিম্মাত লৈ জয়পুৰৰ কেন্দ্ৰীয় জেৰা কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে, ২০২৩ চনৰ পৰাই সুমিত কুমাৰে পাকিস্তানী এজেণ্টৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখি আহিছিল। তেওঁ চাবুৱাৰ লগতে বিকানেৰৰ নাল বায়ুসেনা ঘাটিৰো যুঁজাৰু বিমানৰ স্থিতি, মিছাইল ব্যৱস্থা আৰু সামৰিক বিষয়াৰ গোপন তথ্য শত্ৰুপক্ষক যোগান ধৰি আহিছে। আনকি তেওঁ নিজৰ নামত থকা মোবাইল নম্বৰ ব্যৱহাৰ কৰি পাকিস্তানী চোৰাংচোৱাক ভুৱা সামাজিক মাধ্যমৰ একাউণ্ট খুলি দিয়াৰ ক্ষেত্ৰতো সহায় কৰি আহিছে।

অভিযুক্ত সুমিত কুমাৰক অফিচিয়েল চিক্ৰেট এক্ট ১৯২৩ আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গ্ৰেপ্তাৰ কৰি বৰ্তমান অধিক তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সামৰিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা বলয়ৰ ত্ৰুটিসমূহক লৈ এতিয়া এক গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে এই নেটৱৰ্কৰ সৈতে জড়িত আন সদস্যসকলৰ সন্ধানত বৰ্তমান সমগ্ৰ দেশজুৰি তীব্ৰ অভিযান চলাই আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *