27
Mar
মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতি আৰু গুৰুত্বপূৰ্ণ শক্তি কৰিডৰ 'হৰমুজ প্ৰণালী' বন্ধ হৈ থকাৰ মাজতেই ভাৰতৰ বাবে এক সকাহৰ খবৰ কঢ়িয়াই আনিছে এখন বিশালাকায় জাহাজে। ৪২,০০০ মেট্ৰিক টন তৰলীকৃত পেট্ৰলিয়াম গেছ (LPG) লৈ শুকুৰবাৰে গুজৰাটৰ কাণ্ডলা বন্দৰত উপস্থিত হৈছে 'জাগ বসন্ত' নামৰ জাহাজখন। জানিব পৰা মতে, সাগৰৰ মাজভাগতে এই এলপিজি খালী কৰাৰ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ কৰা হ’ব। বিশেষ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে 'জাগ বসন্ত' আৰু 'পাইন গেছ' নামৰ আন এখন টেংকাৰে হৰমুজ প্ৰণালী অতিক্ৰম কৰিবলৈ এক অস্বাভাৱিক পথ বাছি লৈছিল। ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি, জাহাজ দুখনে চুটি আৰু পোনপটীয়া পৰম্পৰাগত পথটোৰ পৰিৱৰ্তে 'কেচম-লাৰাক' চেনেলৰ মাজেৰে আৰৱ সাগৰলৈ যাত্ৰা কৰিছিল। যাত্ৰাৰ সময়ত…
