উত্তৰ-পূৱ

৭ সাংসদক লৈ সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল

৭ সাংসদক লৈ সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল

আম আদমি পাৰ্টী এৰা ৭ সাংসদক লৈ সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল হৈ আছে । সৰ্বত্ৰে বিষয়টোক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ কেজৰিৱালৰ দলটোৱে পালে আন এক আঘাত । ৰাঘৱ চাড্ডাসহ ৭ সাংসদৰ সদস্যপদ খাৰিজৰ বাবে আম আদমি পাৰ্টীয়ে আবেদন কৰিছিল যদিও ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণণে সাংসদকেইজনক বিজেপিক একত্ৰিত কৰাৰ আনুষ্ঠানিক অনুমতি প্ৰদান কৰিলে । সোমবাৰে এক সূত্ৰই জনোৱা মতে ৰাজ্যসভাই আপৰ ৭ সাংসদৰ বিজেপিত মিলিত হোৱাৰ অনুমতি দিলে । ইয়াৰ লগে লগে ৰাজ্যসভাত বিজেপিৰ শক্তি ১১৩ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে আপৰ শক্তি ৩ লৈ হ্ৰাস পালে । ৰাজ্যসভাৰ ৱেবছাইটৰ মতেও ৭ জন সাংসদেই এতিয়া বিজেপিৰ সদস্য তালিকাৰ অংশ…
Read More
সাৱধান!বতৰে লব কালৰূপ

সাৱধান!বতৰে লব কালৰূপ

অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহতো বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ আগন্তুক ২৪ ঘণ্টাত ৰাজ্যত বৃষ্টিপাতৰ সম্ভাৱনা আছে ৷মেঘালয়ৰ অধিকাংশ ঠাইৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ বহু ঠাইত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, মিজোৰামৰ কেইবাটাও ঠাইত পাতলীয়া বৰষুণ হোৱাৰ লগতে তাপমাত্ৰা সালসলনি হোৱাৰ সম্ভাৱনা আছে ।
Read More
পাকিস্তানত পুনৰ টাৰ্গেট কিলিং; হাফিজ ছৈয়দৰ ঘনিষ্ঠ শ্বেখ ইউছুফ আফ্ৰিদী নিহত

পাকিস্তানত পুনৰ টাৰ্গেট কিলিং; হাফিজ ছৈয়দৰ ঘনিষ্ঠ শ্বেখ ইউছুফ আফ্ৰিদী নিহত

সীমান্তৰ সিপাৰৰ পৰা ভাৰত বিৰোধী কূটাঘাতমূলক কাৰ্য পৰিচালনা কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানৰ ভূমিত পুনৰ সক্ৰিয় হৈ পৰিছে 'অজ্ঞাত বন্দুকধাৰী'। এইবাৰ দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিল কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ শ্বেখ ইউছুফ আফ্ৰিদী। খাইবাৰ পখতুনখোৱা অঞ্চলত অচিনাকি আক্ৰমণকাৰীৰ এটা দলে আফ্ৰিদীক লক্ষ্য কৰি চলোৱা নিৰৱচ্ছিন্ন গুলীবৰ্ষণৰ ফলত থিতাতে নিহত হয় এইগৰাকী লস্কৰ নেতা। পাকিস্তান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰণিধানযোগ্য যে শ্বেখ ইউছুফ আফ্ৰিদী আছিল লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছৈয়দৰ সোঁহাত স্বৰূপ। খাইবাৰ পখতুনখোৱা অঞ্চলৰ পৰা নতুন মুজাহিদ তৈয়াৰ কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব ন্যস্ত আছিল তেওঁৰ ওপৰত। ইয়াৰ পৰাই প্ৰশিক্ষিত সন্ত্ৰাসবাদীসকলক কাশ্মীৰ…
Read More
জামিনত মুক্তি পোৱাৰ লগে লগে হত্যাকাৰীৰ ওপৰত আক্ৰমণ; কন্যাহত্যাৰ প্ৰতিশোধ ল’লে পিতৃয়ে

জামিনত মুক্তি পোৱাৰ লগে লগে হত্যাকাৰীৰ ওপৰত আক্ৰমণ; কন্যাহত্যাৰ প্ৰতিশোধ ল’লে পিতৃয়ে

কাৰাগাৰৰ চাৰিবেৰৰ পৰা জীয়াৰীৰ হত্যাকাৰী কেতিয়া বাহিৰলৈ ওলাই আহিব, তাৰ বাবেই মাহৰ পাছত মাহ ধৰি ধৈৰ্যৰে অপেক্ষা কৰিছিল এজন দুৰ্ভগীয়া পিতৃয়ে। আৰু অৱশেষত যিদিনাই জামিন লৈ বাহিৰলৈ ওলাল হত্যাকাৰী, সেইদিনাই নিশা চৰম প্ৰতিশোধ ল’লে পিতৃয়ে। তামিলনাডুৰ থাঞ্জাভুৰত এগৰাকী দুৰ্ভগীয়া পিতৃয়ে সংঘটিত কৰিলে এক ভয়ংকৰ হত্যাকাণ্ড। ৫৩ বছৰীয়া পুণ্যমূৰ্তিয়ে শনিবাৰে নিশা নিজৰ তিনিজন আত্মীয়ক লগত লৈ নিদ্ৰাৰত অৱস্থাতে হত্যা কৰে কন্যাহন্তা অজিত কুমাৰক। প্ৰণিধানযোগ্য যে, যোৱা বছৰৰ ২৭ নৱেম্বৰত অজিত কুমাৰে পুণ্যমূৰ্তিৰ ২৬ বছৰীয়া কন্যা পি কাব্যাক পথৰ মাজতে ছুৰীৰে ডিঙিত আঘাত কৰি হত্যা কৰিছিল। চৰকাৰী বিদ্যালয়ৰ অস্থায়ী শিক্ষয়িত্ৰী কাব্যাৰ সৈতে অজিতৰ আছিল ১৩ বছৰীয়া এক দীঘলীয়া প্ৰেমৰ সম্পৰ্ক। এই সম্পৰ্কত…
Read More
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ পৱন খেড়া; গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাই সুৰক্ষাৰ আবেদন

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ পৱন খেড়া; গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাই সুৰক্ষাৰ আবেদন

গুৱাহাটী উচ্চ ন্যায়ালয়ে আগতীয়া জামিন আবেদন খাৰিজ কৰাৰ পাছতে এতিয়া ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কংগ্ৰেছ নেতা পৱন খেড়া। অসম আৰক্ষীয়ে ৰুজু কৰা মানহানি আৰু জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ শীৰ্ষ আদালতত এই আবেদন দাখিল কৰে। ২৪ এপ্ৰিলত উচ্চ ন্যায়ালয়ে খেড়াৰ আবেদন নাকচ কৰাৰ পাছতে কংগ্ৰেছৰ এইগৰাকী জ্যেষ্ঠ নেতাই আইনী সুৰক্ষা বিচাৰি সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হয়। উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সংবাদমেলৰ জৰিয়তে ৰিণিকি ভূঞা শৰ্মাৰ একাধিক বিদেশী পাছপ'ৰ্ট আৰু বিদেশত অঘোষিত সম্পত্তি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল খেড়াই। এই অভিযোগৰ পাছতে আৰক্ষীয়ে…
Read More
মিজোৰামত ভয়ংকৰ দুৰ্ঘটনা! খাৱৈত বাগৰি লৰী, নিহত কাছাৰৰ দুই যুৱক

মিজোৰামত ভয়ংকৰ দুৰ্ঘটনা! খাৱৈত বাগৰি লৰী, নিহত কাছাৰৰ দুই যুৱক

মিজোৰামৰ চাইতুৱাল জিলাৰ কেইফাং চহৰৰ সমীপত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটে অসমৰ দুই যুৱকে। কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অন্তৰ্গত খুলিচেৰা গাঁৱৰ আকমল হুছেইন লস্কৰ আৰু ৰাহুল আলম মজুমদাৰ নামৰ দুই যুৱকে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয়। শনিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত পাহাৰীয়া পথেৰে গৈ থকা অৱস্থাত তেওঁলোকৰ বাহনখন দ খাৱৈত পৰি যোৱাৰ ফলতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আদা ভৰ্তি এ এছ ০১ এছ চি ৭৩৪৩ নম্বৰৰ লৰীখনে নিয়ন্ত্ৰণ হেৰুৱাই কেইবাশ ফুট গভীৰ খাৱৈত বাগৰি পৰে। চালকৰ আসনত থকা আকমল আৰু সহযোগী ৰাহুলে থিতাতে মৃত্যুবৰণ কৰে। মিজোৰামৰ পৰা আদা লৈ শিলচৰ অভিমুখে আহি থকাৰ…
Read More
ভিয়েটনামৰ হানয় চহৰৰ ডং আনত ভয়ংকৰ অগ্নিকাণ্ড

ভিয়েটনামৰ হানয় চহৰৰ ডং আনত ভয়ংকৰ অগ্নিকাণ্ড

ভিয়েটনামৰ হানয় চহৰৰ ডং আনত ভয়ংকৰ অগ্নিকাণ্ড ।তৈল আৱৰ্জনা ক্ষেত্ৰত বিধ্বংসী অগ্নিকাণ্ডজুইৰ লেলিহান শিখাই আৱৰি ধৰে অঞ্চলটো।অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন।অন্য প্ৰান্তলৈও জুই সম্প্ৰসাৰণ হোৱাত আতংক ।
Read More
কথমপি প্ৰাণ ৰক্ষা পৰিল ট্ৰাম্পৰ

কথমপি প্ৰাণ ৰক্ষা পৰিল ট্ৰাম্পৰ

ভাগ্য ভাল আছিল কাৰণেই হয়তো কথমপি প্ৰাণ ৰক্ষা পৰিল ট্ৰাম্পৰ। সংবাদদাতাসকলৰ সৈতে ট্ৰাম্পে আয়োজন কৰা ডিনাৰ পাৰ্টিৰ সময়তে ধাৰাসাৰ গুলীবৰ্ষণত কপিঁ উঠে ৱাশ্বিংটনৰ এখন হোটেল। আমেৰিকাৰ হোৱাইট হাউচো আয়োজন কৰা এই অনুষ্ঠানটোত ট্ৰাম্পৰ লগতে উপস্থিত আছিল উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স। দুৰ্বৃত্তই প্ৰায় ৬জাঁই গুলীবৰ্ষণ কৰে। কিন্তু এই ঘটনাত কাৰো একো হানি-বিঘিনি হোৱা নাই। ট্ৰাম্পৰ নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীতে আক্ৰমণকাৰীক গুলীয়াই নিধন কৰে। উল্লেখ্য যে, ডিনাৰৰ বাবে হোটেলখনলৈ গৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। ৱাশ্বিংটনৰ হিল্টন হোটেলত সংঘটিত হৈছে এই ঘটনা হোটেলখনৰ পৰা সুৰক্ষিতভাৱে ট্ৰাম্প-জে ডি ভান্সক উদ্ধাৰ কৰা হৈছে।
Read More
ভয়ংকৰ পথ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা

শনিবাৰে নিশা গুৱাহাটীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ যায় ৩গৰাকীকৈ যুৱতীৰ। গুৱাহাটীৰ মঠঘৰীয়াৰ গেইট হস্পাতালৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত নিহত দুগৰাকী যুৱতীৰ তথ্য পোহৰলৈ আহিছে।নিহত ৩গৰাকী যুৱতীৰ ভিতৰত এগৰাকী হৈছে পূজা সাহা আৰু আনগৰাকী হৈছে আকাংক্ষা শইকীয়া। আকাংক্ষা শইকীয়া হৈছে গুৱাহাটীৰ ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। তেওঁৰ ঘৰ সোণাৰিৰ সাপেখাটিত বুলি জানিব পৰা গৈছে।
Read More
উৰণৰ সময়তে বিমানত লাগিল জুই।

উৰণৰ সময়তে বিমানত লাগিল জুই।

উৰণৰ সময়তে বিমানত লাগিল জুই। বিমানত থকা ২২৮ গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ। অগ্নিকাণ্ডত আহত ৬জনকৈ যাত্রী। SWISS বিমানত ভয়ংকৰ কাণ্ড। ছুইজাৰলেণ্ডলৈ যোৱাৰ সময়তে এইঅঘটন।
Read More