উত্তৰ-পূৱ

আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

অসমত আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।গুৱাহাটী আৰু বৰাক উপত্যকাত হ'ব পাৰে প্রচণ্ড ধুমুহা-বৰষুণ।কাছাৰ,হাইলাকান্দি, শ্রীভূমিৰ বিভিন্ন ঠাইত বজ্রপাত, ধুমুহাৰ সম্ভাৱনা।
Read More
ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা

ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা

পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা।EVM বিকলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।হাওৰাৰ এটা ভোটগ্রহণ কেন্দ্রত হুলস্থুলীয়া পৰিৱেশ ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা CRPFৰ ।অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰা দুজনক গ্ৰেপ্তাৰ।
Read More
সুৰাপায়ী চালকৰ উদ্ভণ্ডালি

সুৰাপায়ী চালকৰ উদ্ভণ্ডালি

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত সুৰাপায়ী চালকৰ উদ্ভণ্ডালি।ষ্টাণ্ট কৰিবলৈ গৈ বিদ্যুতৰ খুঁটাত খুন্দিয়ালে এখন চাৰিচকীয়া বাহনে।দুৰ্ঘটনাৰ পাছতে দপদপকৈ জ্বলি উঠে বাহনখন।দুৰ্ঘটনাটোত আহত তিনিজন আৰোহী।স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই বাহনৰ চালকজনক।
Read More
ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত

ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত

ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত হোৱা কাৰ্যই দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে ৷ কিহৰ বাবে ভাতৃয়ে এনে কৰিবলৈ বাধ্য হ’ল সেই কথাই সংবাদ শিৰোনাম দখল কৰিছে ৷ এই কাহিনী ওড়িশাৰ ৷ ওড়িশাত পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল ৷ অৱশ্য়ে তেতিয়াৰ কাহিনী আৰু এতিয়াৰ কাহিনীৰ মাজত পাৰ্থক্য আছে ৷ ৰাজ্যখনৰ কালাহাণ্ডীৰ পিছত কেওনঝাৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷বেংকৰ কামত অতিষ্ঠ হৈ জিতু মুণ্ডা নামৰ লোকজনে এনে পদক্ষেপ গ্ৰহণ কৰে ৷ কিছুমাহ পূৰ্বে জিতু মুণ্ডাৰ ভগ্নী কালাৰা মুণ্ডাৰ মৃত্যু ঘটিছিল ৷ নীতি অনুসৰি জিতুৰ ভগ্নীক কবৰস্থ কৰা হৈছিল ৷ তাৰ পিছত সকলো ঠিকে-ঠাকেই চলিছিল যদিও বেংকত জমা…
Read More
গোৱালপাৰাৰ ভূগৰ্ভত বিৰল প্ৰজাতিৰ মাছৰ সন্ধান; ৰাজ্যৰ জৈৱ-বৈচিত্ৰ্যক লৈ উৎসাহিত মুখ্যমন্ত্রী

গোৱালপাৰাৰ ভূগৰ্ভত বিৰল প্ৰজাতিৰ মাছৰ সন্ধান; ৰাজ্যৰ জৈৱ-বৈচিত্ৰ্যক লৈ উৎসাহিত মুখ্যমন্ত্রী

গোৱালপাৰা জিলাৰ ভূগৰ্ভস্থ জলৰাশিত এক বিৰল প্ৰজাতিৰ মাছৰ সন্ধান পোৱা গৈছে। এই আৱিষ্কাৰক ৰাজ্যখনৰ চহকী আৰু এতিয়াও অন্বেষণ নোহোৱা জৈৱ-বৈচিত্ৰ্যৰ এক উল্লেখযোগ্য নিদৰ্শন বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে সামাজিক মাধ্যম ‘এক্স’ত এক পোষ্ট কৰি তেওঁ এই ঘটনাক অত্যন্ত আকৰ্ষণীয় বুলি বৰ্ণনা কৰাৰ লগতে অসমৰ প্ৰকৃতিৰ বুকুত লুকাই থকা অপৰিসীম সম্পদৰ কথা দোহাৰে। গৱেষণাৰ সৈতে জড়িত বিজ্ঞানী আৰু গৱেষকৰ দলটোক অভিনন্দন জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ছেনকেনবাৰ্গ, অসম ডন বস্কো বিশ্ববিদ্যালয়, ধনমঞ্জুৰী বিশ্ববিদ্যালয় আৰু অন্যান্য গৱেষণা প্ৰতিষ্ঠানৰ গবেষকসকলে কৰা এই কাম সঁচাকৈয়ে প্ৰশংসনীয়।" উত্তৰ-পূবৰ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত এনে গৱেষণামূলক কাৰ্যই এক নতুন মাত্ৰা প্ৰদান কৰা বুলিও তেওঁ মন্তব্য কৰে। প্ৰণিধানযোগ্য যে…
Read More
সাৰ ভৰ্তি ট্ৰাক ভাঙি চুৰমাৰ! বিষ্ণুপুৰত পাঁচ দুৰ্বৃত্তক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

সাৰ ভৰ্তি ট্ৰাক ভাঙি চুৰমাৰ! বিষ্ণুপুৰত পাঁচ দুৰ্বৃত্তক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

মণিপুৰত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিৱেশৰ মাজতে বিষ্ণুপুৰ জিলাৰ মৈৰাং পাটলৌ অঞ্চলত সাৰ কঢ়িয়াই নিয়া এখন ট্ৰাক ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে। যোৱা ২৬ এপ্ৰিলত মৈৰাং আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত এই কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিছিল দুৰ্বৃত্তৰ দলটোৱে। ট্ৰাকখনত থকা সাৰৰ বস্তাসমূহ নষ্ট কৰাৰ অপৰাধত আৰক্ষীয়ে অভিযুক্তকেইজনক কৰায়ত্ত কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা লোককেইজনক থমনাপোকপিৰ লাইশ্ৰাম অভিজিত সিং (২৫) আৰু খ্বাইৰাকপাম ধনেশ্বৰ সিং (২৫) বুলি চিনাক্ত কৰা হৈছে। দলটোৰ আন সদস্যসকলক নগংখালাৱাইৰ এলেক্স মইৰাংথেম (২৫), কোঞ্জেনবামৰ ফৈৰেমবাম কাইজাৰ সিং (৩৬) আৰু মৈৰাং কলেজ সাহায্য শিবিৰত আশ্ৰয় লৈ থকা চনাবাম চাওবা মেইটেই (৪৮) বুলি চিনাক্ত কৰা…
Read More
হিন্দু ৰাষ্ট্ৰ বিতৰ্ক পুনৰ জোৰদাৰ; ‘ভাৰত আগতেই হিন্দু ৰাষ্ট্ৰ’—মোহন ভাগৱত

হিন্দু ৰাষ্ট্ৰ বিতৰ্ক পুনৰ জোৰদাৰ; ‘ভাৰত আগতেই হিন্দু ৰাষ্ট্ৰ’—মোহন ভাগৱত

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণত জনসাধাৰণৰ অৱদানৰ লগতে শাসনত থকা পক্ষৰ দায়বদ্ধতাৰ এক বিশেষ ভূমিকা আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে সোমবাৰে নাগপুৰত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত এই মন্তব্য কৰে। ভাৰতক নতুনকৈ হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। দেশখন ইতিমধ্যে এক হিন্দু ৰাষ্ট্ৰ হিচাপেই পৰিচিত বুলিও দাবী কৰে সংঘৰ মুৰব্বীগৰাকীয়ে। নাগপুৰৰ ৰেশমবাগত ড° হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত ভাগৱতে কেইবাজনো বিশিষ্ট ব্যক্তিক সন্মানিত কৰে। ৰাম মন্দিৰ নিৰ্মাণৰ দৰে এক ঐতিহাসিক লক্ষ্য বাস্তৱায়িত কৰিবলৈ যিসকল লোকে দিনে-নিশাই শ্ৰম কৰিছিল, সেইসকল ব্যক্তিক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈকে আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ। প্ৰকৃততে ভগৱানৰ…
Read More
মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতেশ ৰাণে দোষী সাব্যস্ত; বোকা ছটিওৱা গোচৰত ১ মাহৰ জেল

মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতেশ ৰাণে দোষী সাব্যস্ত; বোকা ছটিওৱা গোচৰত ১ মাহৰ জেল

চৰকাৰী বিষয়াক ৰাজহুৱাকৈ অপমানিত কৰাৰ পাঁচ বছৰ পুৰণি এক গোচৰত সোমবাৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা বিজেপি নেতা নীতেশ ৰাণেক এক মাহৰ কাৰাদণ্ড বিহে আদালতে। ২০১৯ চনত এজন অভিযন্তাৰ গাত বোকা ছটিওৱাৰ অপৰাধত সিন্ধুদুৰ্গৰ অতিৰিক্ত সত্ৰ আদালতে এই ৰায় প্ৰদান কৰে। অৱশ্যে উচ্চ আদালতত আপীল কৰাৰ সুবিধা দি আদালতে নীতেশ ৰাণেৰ এই শাস্তি বৰ্তমান স্থগিত ৰাখিছে। প্ৰণিধানযোগ্য যে ২০১৯ চনৰ ৪ জুলাইত মুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই সময়ৰ কংগ্ৰেছ বিধায়ক নীতেশ ৰাণে আৰু তেওঁৰ সমৰ্থকসকলে। সেই সময়তে এন এইচ এ আইৰ উপ-অভিযন্তা প্ৰকাশ শ্বেডেকৰক ৰাজহুৱাকৈ বোকা ঢালি অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাণেৰ বিৰুদ্ধে। আনকি বিষয়াগৰাকীক বোকা…
Read More
এক ভয়ংকৰ ঘটনা

এক ভয়ংকৰ ঘটনা

নিশা কাছাৰৰ বৰখলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিমিষতে নৈত খহি পৰিল এখন পকী দলং। নৈত জপিয়াই প্রাণ ৰক্ষা কেইবাজনো লোকৰ। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল হাৰং নৈৰ ওপৰত থকা ৰংঘৰ-ভাঙ্গাৰপাৰ সংযোগী এই পকী দলংখন। এই দলংখনৰ বাবে দীৰ্ঘদিনে যমৰ যাতনা ভূগি আহিছিল স্থানীয় ৰাইজে। এই দলংখন খহি পৰাৰ ফলত বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। যাতায়তৰ বাবে কোনো বিকল্প ব্যৱস্থা নথকাত স্থানীয় ৰাইজে এই জৰাজীৰ্ণ দলংখনেৰে অহা-যোৱা অব্যাহত ৰাখিছিল।
Read More
ন্যায়াধীশ স্বর্ণকান্ত শর্মালৈ পত্র কেজৰিৱালৰ

ন্যায়াধীশ স্বর্ণকান্ত শর্মালৈ পত্র কেজৰিৱালৰ

ন্যায়াধীশ স্বর্ণকান্ত শর্মালৈ পত্র কেজৰিৱালৰ। ব্যক্তিগতভাৱে বা অধিবক্তাৰ জৰিয়তেও সুৰা কেলেংকাৰীৰ গোচৰত অংশ নোলোৱাৰ সিদ্ধান্ত।ন্যায়াধীশ স্বর্ণকান্ত শৰ্মাৰ পৰা ন্যায় লাভৰ আশা চুৰমাৰ হোৱা বুলি পত্ৰ লিখে কেজৰিৱালে।
Read More