07
Sep
বৰষুণ দিলেই ভয় শংকাৰ মাজত দিন অতিবাহিত কৰিব লাগে গুৱাহাটীৰ পাহাৰত বসবাস কৰা আৰু পাহাৰৰ নামনিত বসবাস কৰা লোক ৷ কিয়নো নেৰেনেপেৰা বৰষুণ দিলেই ভূমিস্খলনৰ আকাংশই আতংকিত কৰি তোলে মহানগৰীৰ পাহাৰৰ বাসিন্দা আৰু পাহাৰৰ নামনিত বাস কৰা লোকসকলক ।যধে-মধে পাহাৰ কটা, বনাঞ্চল ধ্বংসৰ ফলত মহানগৰীৰ পাহাৰীয়া অঞ্চলসমূহ ক্ৰমাৎ অধিক বিপজ্জনক হৈ পৰিছে । যাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷গুৱাহাটীৰ ৩৬৬ টা স্থান ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । ইয়াৰে ভূমিস্খলন প্ৰৱণতা অঞ্চলসমূহৰ শীৰ্ষত আছে খাৰঘুলি অঞ্চল । খাৰঘুলি অঞ্চলৰ ৭৭ টাকৈ স্থান ভূমিস্খলনৰ সম্ভাৱনা আছে ৷একেদৰেই নুনমাটি অঞ্চলত…
