দিল্লীত প্ৰতিবাদকাৰীসকলৰ ওপৰত হাৰাশাস্তি আৰু আক্ৰমণ

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাজধানী দিল্লীত চলি থকা প্ৰতিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ক’কৰোচ জনতা পাৰ্টীৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদত অংশ লোৱাটোক লৈ প্ৰতিবাদকাৰীসকলৰ ওপৰত হাৰাশাস্তি আৰু আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।ইপিনে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন প্ৰতিবাদকাৰী গৌৰৱ নামৰ যুৱকক গ্ৰেপ্তাৰ কৰিছে যদিও তেওঁৰ অন্যান্য সহযোগীসকল বৰ্তমান পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।আনহাতে, সামাজিক মাধ্যমৰ বিভিন্ন পোষ্টত তীৰ্যক মন্তব্য আৰু বাকৰুদ্ধেৰে সোঁপন্থী কৰ্মীসকলে আন্দোলনকাৰীসকলক লক্ষ্য কৰি লোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে,প্ৰতিবাদকাৰীক আক্ৰমণ আৰু নিৰ্যাতন চলোৱাৰ অভিযোগত দিল্লী আৰক্ষীয়ে বৰ্তমানলৈকে কমেও ১০ টা পৃথক গোচৰ (FIR) ৰুজু কৰিছে। এই সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *