উত্তৰ-পূৱ

এক ভয়ংকৰ ঘটনা

এক ভয়ংকৰ ঘটনা

শুকুৰবাৰে পুৱতি নিশা ভাঙি পৰিল এখন নিৰ্মীয়মান দলং ৷ এই দুৰ্ঘটনাৰ ফলত ৬ জন শ্ৰমিক থিতাতে নিহত হয় ৷ ইয়াৰ বিপৰীতে আন কেইবাজনো শ্ৰমিক নিৰ্মীয়মান দলংখনৰ ভংগুৰৰ মাজত আবদ্ধ হৈ পৰে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয় আৰু খবৰ দিয়ে স্থানীয় আৰক্ষী আৰু এছডিআৰএফৰ দলক ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে উক্ত স্থানত স্থানীয় আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ।নিৰ্মীয়মান দলঙৰ তলত ৰৈ আছিল কাল ! দলঙৰ তলত শুই থাকোতেই যমে নিলে কেবাজনো শ্ৰমিকৰ প্ৰাণ ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিহত-আহত শ্ৰমিক তথা আত্মীয়লৈ সাহাৰ্য প্ৰদানৰ ঘোষণা কৰিছে ৷উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে…
Read More
ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে

ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে

ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইছৰোৰ এনআৰএছচিৰ সঞ্চালক ড৹ প্ৰকাশ চৌহানে বৃহস্পতিবাৰে ভূপালত এই কথা সদৰী কৰে ৷ তেওঁ কয়, ‘‘ইছৰোৱে চন্দ্ৰযান ৪ ৰ বাবে ২০২৮ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ আমাৰ বিজ্ঞানীসকলে এই লক্ষ্য মনত ৰাখিয়েই কাম কৰি আছে ।’’ইছৰোৱে চন্দ্ৰৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ অবিৰতভাৱে কাম কৰি আছে । চন্দ্ৰযান ২-য়ে এতিয়াও ইতিবাচক ফলাফল দিছে । চন্দ্ৰযান ২ ৰ অৰ্বিটাৰে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত থকা চাৰিটা স্থায়ী ক’লা গহ্বৰৰ তলত পোত খাই থকা বৰফৰ কথা আৱিষ্কাৰ কৰিছে । ইয়াৰ দ্বাৰা চন্দ্ৰত পানীৰ উপস্থিতিৰ প্ৰবল ইংগিত পোৱা যায় । ইছৰ’ই এতিয়া…
Read More
ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আমেৰিকাৰ

ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আমেৰিকাৰ

ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আমেৰিকাৰ ৷ হৰমুজ জলদ্বীপৰ সমীপত ইৰাণৰ একাংশ জাহাজ আৰু দেশখনৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ স্থানক লক্ষ্য কৰি আক্ৰমণ কৰে আমেৰিকাই ৷ আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (CENTCOM)ৰ উদ্ধৃতি দি চিএনএনে প্ৰকাশ কৰা অনুসৰি, আত্মৰক্ষাৰ বাবে এই আক্ৰমণ সংঘটিত কৰিছে মাৰ্কিন সেনাই ৷
Read More
নেমুৰ উপকাৰী গুণ

নেমুৰ উপকাৰী গুণ

ডিজিটেল ডেস্ক: নেমু কেৱল ৰন্ধনত সোৱাদ বৃদ্ধি কৰা ফল নহয়, ই পুষ্টিগুণেৰে ভৰপূৰ এক স্বাস্থ্যকৰ খাদ্য। বিশেষজ্ঞসকলৰ মতে নেমুত থকা ভিটামিন C, আঁহ, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্টে শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে। নেমুৰ প্ৰধান উপকাৰিতাসমূহ--- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে---নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে, যিয়ে শৰীৰৰ ইমিউন চিষ্টেম শক্তিশালী কৰি ঠাণ্ডা-জ্বৰ আদি ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। হৃদযন্ত্ৰ সুস্থ ৰাখে--গৱেষণাই দেখুৱাইছে যে ভিটামিন C সমৃদ্ধ ফল-মূল খোৱাসকলে হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। নেমুত থকা বিভিন্ন উদ্ভিদ-যৌগেও হৃদযন্ত্ৰৰ স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। কিডনিৰ পাথৰ গঠন ৰোধত সহায়ক---নেমুৰ চিট্ৰিক এচিডে প্ৰস্ৰাৱত চাইট্ৰেটৰ পৰিমাণ বৃদ্ধি কৰি কিডনি ষ্টোন গঠনৰ…
Read More
ধাৰাবাহিকভাৱে ষষ্ঠটো বৰ্ষৰ বাবে কোনো দৰমহা নোলোৱাকৈয়ে ৰিলায়েন্সৰ নেতৃত্বত মুকেশ আম্বানী

ধাৰাবাহিকভাৱে ষষ্ঠটো বৰ্ষৰ বাবে কোনো দৰমহা নোলোৱাকৈয়ে ৰিলায়েন্সৰ নেতৃত্বত মুকেশ আম্বানী

দেশৰ সৰ্ববৃহৎ উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ সৰ্বোচ্চ আসনখনত বহিও বিগত পাঁচ বছৰৰ দৰে এইবেলিও নিজৰ বাবে কোনো পাৰিতোষিক গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে কোটিপতি ব্যৱসায়ী মুকেশ আম্বানীয়ে। তেল, দূৰসংযোগ আৰু খুচুৰা ব্যৱসায়ৰ এক বিশাল সাম্ৰাজ্য চম্ভালি অহা উদ্যোগপতি মুকেশ আম্বানীয়ে অলপতে সমাপ্ত হোৱা ২০২৬ বিত্তীয় বৰ্ষতো কোম্পানীৰ পৰা এটকাও দৰমহা নোলোৱাকৈয়ে কাম কৰাৰ এক বিৰল উদাহৰণ দাঙি ধৰে। বিশ্বজুৰি কৰ্প’ৰেট খণ্ডৰ শীৰ্ষ মুৰব্বীসকলৰ আকাশলংঘী দৰমহা আৰু ভাট্টাক লৈ চৰ্চা চলি থকাৰ সময়তে এছিয়াৰ দ্বিতীয় ধনী ব্যক্তিগৰাকীৰ এই স্বেচ্ছামূলক ত্যাগে ব্যৱসায়িক জগতত এক বিশেষ স্থান লাভ কৰিছে। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদন অনুসৰি, অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে বিগত বিত্তীয় বৰ্ষত…
Read More
আমেৰিকাত চি আই এৰ প্ৰাক্তন শীৰ্ষ বিষয়া গ্ৰেপ্তাৰ; বাসগৃহৰ পৰা ৪০ মিলিয়ন ডলাৰৰ সোণৰ বাৰ আৰু বৃহৎ ধন জব্দ

আমেৰিকাত চি আই এৰ প্ৰাক্তন শীৰ্ষ বিষয়া গ্ৰেপ্তাৰ; বাসগৃহৰ পৰা ৪০ মিলিয়ন ডলাৰৰ সোণৰ বাৰ আৰু বৃহৎ ধন জব্দ

নিজৰ চৰকাৰী বাসগৃহতে ৪০ মিলিয়ন ডলাৰ মূল্যৰ কেইবাশ সোণৰ বাৰ লুকুৱাই ৰখাৰ এক গুৰুতৰ অভিযোগত অৱশেষত আইনৰ জালত পৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ এজন প্ৰাক্তন প্ৰধান বিষয়া। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফ বি আইয়ে ভাৰ্জিনিয়া ৰাজ্যত থকা ডেনিছ ৰাছ নামৰ এই প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীৰ ঘৰত চলোৱা এক তালাচীত এই বিপুল পৰিমাণৰ সম্পত্তি জব্দ কৰিবলৈ সক্ষম হয়। আদালতৰ নথি-পত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে, সোণৰ বাৰসমূহৰ উপৰিও বিষয়াগৰাকীৰ ঘৰৰ পৰা নগদ ২ মিলিয়ন ডলাৰ আৰু প্ৰায় ৩৫ টা বহুমূলীয়া বিলাসী ঘড়ীও আৰক্ষীয়ে উদ্ধাৰ কৰিছে। নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ডেনিছ ৰাছ নামৰ এই বিষয়াগৰাকী আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা…
Read More
মহাকাশ গৱেষণাত নতুন অধ্যায়; চন্দ্ৰৰ নমুনা আনিবলৈ সাজু ইছৰ’

মহাকাশ গৱেষণাত নতুন অধ্যায়; চন্দ্ৰৰ নমুনা আনিবলৈ সাজু ইছৰ’

চন্দ্ৰযান ২ আৰু ৩ৰ অপাৰ সফলতাৰ পিছত এইবাৰ চন্দ্ৰপৃষ্ঠৰ ৰহস্য উদ্ঘাটন কৰাৰ এক নতুন সংকল্পৰে ব্ৰতী হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকল। চন্দ্ৰৰ বুকুৰ পৰা মাটি আৰু শিলৰ প্ৰাকৃতিক নমুনা পৃথিৱীলৈ কঢ়িয়াই আনিবলৈ দেশৰ শীৰ্ষ মহাকাশ সংস্থাই ইতিমধ্যে আৰম্ভ কৰিছে এক বিশাল ঐতিহাসিক প্ৰস্তুতি। ইছৰ’ৰ এনআৰএছচিৰ সঞ্চালক ড০ প্ৰকাশ চৌহানে বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ ভূপালত এই গুৰুত্বপূৰ্ণ অভিলাসী পৰিকল্পনাৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰে। সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰা মতে, ইছৰ’ৱে চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি ঘূৰাই অনাৰ এই বিশেষ ‘চন্দ্ৰযান ৪’ অভিযানৰ বাবে ২০২৮ চনৰ এক সময়সীমা লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছে। এই অভিযানত চন্দ্ৰৰ বুকুত এটা অত্যাধুনিক ৰবট অৱতৰণ কৰোৱা হ’ব আৰু ইয়াৰ যান্ত্ৰিক…
Read More
দেৰগাঁৱত শোকাবহ ঘটনা; পোহনীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল মাউতৰ

দেৰগাঁৱত শোকাবহ ঘটনা; পোহনীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল মাউতৰ

গাঁৱৰ মাজেৰে যোৱা এটা পথৰ ওপৰতে হঠাতে এটা পোহনীয়া হাতীয়ে আক্ৰমণ কৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন মাউতে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ মলাই কুমাৰ গাঁৱত বৃহস্পতিবাৰে এই শোকাৱহ ঘটনা সংঘটিত হৈছে। ‘ৰামপ্ৰসাদ’ নামৰ হাতীটোৰ আক্ৰমণত নিহত হোৱা দুৰ্ভগীয়া মাউতজনক প্ৰশান্ত বুলি চিনাক্ত কৰা হৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মলাই কুমাৰ গাঁৱৰ এটা পথৰ কাষত পূৰ্বৰে পৰা আন এটা হাতীয়ে চৰি আছিল। ঠিক সেই সময়তে একেটা পথেৰেই ‘ৰামপ্ৰসাদ’ নামৰ হাতীটোক লৈ অহা হৈছিল। দুয়োটা হাতী মুখামুখি হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। ইয়াকে দেখি চৰি থকা হাতীটোৰ মাউত প্ৰশান্তই নিজৰ হাতীটোৰ পিঠিৰ পৰা তললৈ নামি আহে। কিন্তু ঠিক…
Read More
ধুবুৰীত শিক্ষা প্ৰতাৰণাৰ ঘটনা; ভুৱা প্ৰতিষ্ঠানক কেন্দ্ৰ কৰি এজাহাৰ দাখিল

ধুবুৰীত শিক্ষা প্ৰতাৰণাৰ ঘটনা; ভুৱা প্ৰতিষ্ঠানক কেন্দ্ৰ কৰি এজাহাৰ দাখিল

চৰকাৰী স্বীকৃতি অবিহনেই মুকলিকৈ চলি থকা এখন ভুৱা শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিকৰ প্ৰমাণপত্ৰ লৈ এতিয়া কাৰাগাৰৰ ভাত খাবলগীয়া হ’ল এজন ছাত্ৰই। ধুবুৰী জিলাত অলপতে পোহৰলৈ অহা এক বৃহৎ শিক্ষা প্ৰৱঞ্চনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ সন্তানক এক প্ৰৱঞ্চক চক্ৰৰ জালৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে অৱশেষত ধুবুৰী সদৰ আৰক্ষী থানাত এক আনুষ্ঠানিক এজাহাৰ দাখিল কৰে ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে। জিলাখনৰ খলিলপুৰ নাথপাৰা অঞ্চলৰ বাসিন্দা প্ৰতিমা ঘোষে দাখিল কৰা এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে। এজাহাৰৰ তথ্য অনুসৰি, প্ৰতিমা ঘোষৰ পুত্ৰ সাগৰ ঘোষে ধুবুৰী চহৰৰ ঝগৰাৰপাৰ ৩য় খণ্ডত অৱস্থিত ‘ইংলিছ এডুকেচন একাডেমী’…
Read More
প্ৰবল ধুমুহাৰ মাজতে সংঘটিত শোকাবহ দুৰ্ঘটনা, দলং ধ্বংসত মৃত্যু ৬ জনৰ

প্ৰবল ধুমুহাৰ মাজতে সংঘটিত শোকাবহ দুৰ্ঘটনা, দলং ধ্বংসত মৃত্যু ৬ জনৰ

নিশাৰ অন্ধকাৰৰ মাজতে অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত তচনচ হৈ পৰিল এটা বৃহৎ নিৰ্মাণকাৰ্য। উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বেটৱা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা এখন পকী দলং হঠাতে খহি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল অতি কমেও ৬ গৰাকী শ্ৰমিকে। এই ঘটনাত মৃতকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে, মোৰাকন্দাৰ পৰা কান্দ ঔৰ গাঁৱক সংযোগ কৰিবলগীয়া এই দলংখনৰ কাম নিশাৰ ভাগতো চলি আছিল। নিশা প্ৰায় ২ বজাত হঠাতে অহা এজাক ধুমুহা-বৰষুণৰ বাবে একাংশ শ্ৰমিকে এখন হাইড্ৰা যন্ত্ৰৰ তলত…
Read More