অসম

পোষ্টেল চেভিংছ একাউণ্টৰ পৰা ১.৩ কোটি টকা আত্মসাৎৰ অভিযোগ; চিবিআইৰ জালত ডাক বিভাগৰ দুজন কৰ্মচাৰী

পোষ্টেল চেভিংছ একাউণ্টৰ পৰা ১.৩ কোটি টকা আত্মসাৎৰ অভিযোগ; চিবিআইৰ জালত ডাক বিভাগৰ দুজন কৰ্মচাৰী

পোষ্টেল চেভিংছ একাউণ্টত জমা থকা ১.৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত চিবিআইৰ জালত পৰিল ডাক বিভাগৰ দুজন কৰ্মচাৰী। মহীশূৰৰ ৪৪ জন গ্ৰাহকৰ পোষ্টেল চেভিংছ একাউণ্টৰ পৰা টকা নিজৰ আৰু আত্মীয়ৰ একাউণ্টলৈ অবৈধভাৱে স্থানান্তৰ কৰাৰ অভিযোগত দুয়োজনক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী সংস্থাটোৱে। চিবিআইয়ে জনোৱা মতে, অভিযুক্ত দুজনৰ ভিতৰত এজন ডাক সহায়ক আৰু আনজন ডাকবাহক। দুয়ো কৰ্ণাটকৰ মহীশূৰৰ সাৰাগুৰ ডাকঘৰত কৰ্মৰত আছিল। ডাক বিভাগে দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত চলিত বৰ্ষৰ মাৰ্চ মাহত গোচৰ ৰুজু কৰে চিবিআইয়ে। অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰৱঞ্চনা, বিশ্বাসভংগ, জালিয়াতি আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি তদন্ত চলায় তদন্তকাৰী সংস্থাটোৱে। তদন্তত পোহৰলৈ অহা অনুসৰি, ২০২২ চনৰ পৰা ২০২৫…
Read More
ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে

ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে

অখিল গগৈয়ে এইবাৰ ঠেলাত আনিলে মাছ, ব্ৰইলাৰ মুৰ্গী, কণী, চুপাৰী আদি সামগ্ৰী । দেখুৱালে কি দৰে ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে…। বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনা সদনৰ বাহিৰত ছিণ্ডিকেট বাবে মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলি বিধায়ক গগৈয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।লগতে কাৰ্টুনৰ যোগেদি কিদৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সামগ্ৰীৰ ছিণ্ডিকেট চলাই আছে তাক দাঙি ধৰে ।সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, "প্ৰতিটো সামগ্ৰীতে ছিণ্ডিকেট চলাই থকা হৈছে । যাৰ বাবে মূল্যবৃদ্ধি হৈছে । বাৰ্মাৰ এক কেজি চুপাৰীত ৬০ টকাকৈ গুণ্ডাটেক্স লোৱা হয় । চুপাৰীৰ এক ট্ৰাকত ২৪ লাখ টকাৰ…
Read More
গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম

গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম

গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম । নিয়ম পালন নকৰাসকলৰ বাবে ৩০০-২৫,০০০ টকাৰ জৰিমনাৰ ব্যৱস্থা ।মহানগৰীৰ য'তে-ত'তে আৱৰ্জনা পেলোৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু প্ৰাকৃতিক জলাশয় প্ৰদূষিত কৰা কাৰ্য ৰোধ কৰিবলৈ পৌৰ নিগমে এক নতুন ৰাজহুৱা জাননী জাৰি কৰিছে ।এতিয়াৰে পৰা ৰাস্তাই ঘাটে আৱৰ্জনাই নহয়, পিক পেলালেও জৰিমনা ভৰিব লাগিব ।
Read More
মোৰ দেহত ভাৰতৰ ডিএনএ আছেঃ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি

মোৰ দেহত ভাৰতৰ ডিএনএ আছেঃ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি

মোৰ দেহত ভাৰতৰ ডিএনএ আছে। - এই মন্তব্য কৰি ভাৰতৰ সৈতে নিজৰ আত্মীয়তাৰ অনুভূতি প্ৰকাশ কৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱ' ছুবিয়ান্তোৱে। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একাধিক চৰকাৰী আঁচনি অনুসৰণ কৰি ইণ্ডোনেছিয়াই সুফল লাভ কৰা বুলিও তেওঁ মুকলিকৈ স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণ উপলক্ষে ভাৰতীয় প্ৰবাসীসকলৰ সৈতে মত বিনিময়ৰ সময়ত এই মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ কয় যে তেওঁ জিনগত পৰীক্ষা কৰাইছিল আৰু সেই পৰীক্ষাত নিজৰ শৰীৰত ভাৰতীয় ডিএনএৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ লগতে ছুবিয়ান্তোৱে কয় যে ভাৰতীয় সংগীত শুনিলেই তেওঁৰ শৰীৰ নিজে নিজেই নাচিবলৈ আৰম্ভ কৰে। তেওঁৰ বহু মন্ত্ৰী আৰু সেনা বিষয়াইও ভাৰতীয় গীত ভালদৰে গাব পাৰে বুলিও তেওঁ…
Read More
বংগত এনকাউণ্টাৰ! আৰক্ষীৰ বন্দুক কাঢ়ি পলায়নৰ চেষ্টাৰ সময়তে নিহত নাবালিকা ধৰ্ষণ আৰু হত্যা গোচৰৰ অভিযুক্তৰ

বংগত এনকাউণ্টাৰ! আৰক্ষীৰ বন্দুক কাঢ়ি পলায়নৰ চেষ্টাৰ সময়তে নিহত নাবালিকা ধৰ্ষণ আৰু হত্যা গোচৰৰ অভিযুক্তৰ

আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত হ'ল এগৰাকী ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত প্ৰভাষ মণ্ডল। অপৰাধস্থলীত ঘটনাৰ পুনৰ্নিৰ্মাণ চলি থকাৰ সময়তে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ পিছতে এই ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে মাজনিশা প্ৰভাষ মণ্ডলক ঘটনাস্থলীলৈ নিয়া হৈছিল। তদন্তৰ অংশ হিচাপে অপৰাধ সংঘটিত হোৱাৰ সম্পূৰ্ণ ক্ৰম পুনৰ্নিৰ্মাণ কৰি থকা অৱস্থাত অভিযুক্তজনে এজন আৰক্ষী সদস্যৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰে। ইয়াৰ পিছতে আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত গুলীবিদ্ধ হয়। পিছত আহত অভিযুক্তজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে পৃথক তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, এগৰাকী ১২ বছৰীয়া কণমানিৰ সৈতে…
Read More
কোনো ‘ধুৰন্ধৰ’ বা ‘চান্দা চোৰ’ৰ ৰেহাই নাইঃ ৰাম মন্দিৰৰ ধন কেলেংকাৰিত কঠোৰ সতৰ্কবাণী যোগী চৰকাৰৰ

কোনো ‘ধুৰন্ধৰ’ বা ‘চান্দা চোৰ’ৰ ৰেহাই নাইঃ ৰাম মন্দিৰৰ ধন কেলেংকাৰিত কঠোৰ সতৰ্কবাণী যোগী চৰকাৰৰ

যিমানেই 'ধুৰন্ধৰ’ নহওক কিয়, 'চান্দা চোৰ' বুলি অভিযুক্ত কোনো লোককেই ৰেহাই নাপাব। বাৰাণসীত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত ৰাম মন্দিৰৰ দানৰ ধনক কেন্দ্ৰ কৰি উত্থাপিত অভিযোগৰ প্ৰসংগত এই মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মাধ্যমিক শিক্ষা মন্ত্ৰী গুলাব দেৱীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে দোষী ব্যক্তি যিমানেই প্ৰভাৱশালী নহওক বা যিকোনো পদত অধিষ্ঠিতেই নাথাকক কিয়, তদন্তত অপৰাধ প্ৰমাণিত হ'লে আইন অনুসৰিয়েই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গুলাব দেৱীয়ে কয়, "ৰাম মন্দিৰৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে এনে এখন তদন্ত সমিতি গঠন কৰিছে যে দোষী যিমানেই প্ৰভাৱশালী নহওক কিয়, তেওঁক কোনোপধ্যে ৰেহাই দিয়া নহ'ব।" তেওঁ আৰু কয়, "মুখ্যমন্ত্ৰীৰ এই কঠোৰ সিদ্ধান্তৰ ফলত কোনো 'চান্দা চোৰ'…
Read More
কাকো তেল বিক্ৰী কৰিব নোৱাৰিব ইৰানে! পুনৰ কঠোৰ নিষেধাজ্ঞা আমেৰিকাৰ

কাকো তেল বিক্ৰী কৰিব নোৱাৰিব ইৰানে! পুনৰ কঠোৰ নিষেধাজ্ঞা আমেৰিকাৰ

বিশ্ব বজাৰত ইৰানৰ খাৰুৱা তেল বিক্ৰীৰ পথ পুনৰ প্ৰায় সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে সামৰিক অভিযান তীব্ৰ কৰাৰ লগতে তেল ৰপ্তানিৰ ক্ষেত্ৰত ইৰানক দিয়া সকলো বিশেষ ৰেহাই বাতিল কৰাৰ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰশাসনে। উল্লেখ্য যে, এই সিদ্ধান্তৰ ফলত ইৰানে পূৰ্বৰ দৰে আন দেশলৈ খাৰুৱা তেল ৰপ্তানি কৰাটো কঠিন হৈ পৰিব। ইৰানৰ তেল বিক্ৰী হ্ৰাস কৰাৰ জৰিয়তে দেশখনৰ আয়ৰ মূল উৎসত আঘাত হানিবলৈ এই চেষ্টা চলাইছে আমেৰিকাই। অৰ্থনৈতিক চাপ বৃদ্ধিৰ সমান্তৰালভাৱে ইৰানৰ সামৰিক লক্ষ্যস্থানসমূহৰ ওপৰতো নতুনকৈ আক্ৰমণ চলাইছে আমেৰিকাই। দক্ষিণ ইৰানৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বন্দৰ আব্বাছ আৰু উপকূলীয় একাধিক স্থানত বিমান…
Read More
শক্তি বিভাগৰ গাফিলতিৰ পৰিণতি! ধমধমাত বিদ্যুতৰ তাঁৰ ছিগি যুৱকৰ মৃত্যু

শক্তি বিভাগৰ গাফিলতিৰ পৰিণতি! ধমধমাত বিদ্যুতৰ তাঁৰ ছিগি যুৱকৰ মৃত্যু

শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবে পুনৰ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন সাধাৰণ নাগৰিকে। ধমধমাৰ নিকটৱৰ্তী তথা বাক্স জিলাৰ ঢেকীভাঙাত কালি নিশা সংঘটিত এই কৰুণ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত লোকজনক কৃষি কৰ্মেৰে জীৱন-নিৰ্বাহ কৰা কিশোৰ বৰ্মন বুলি চিনাক্ত কৰা হৈছে। পৰিয়াল আৰু স্থানীয় সূত্ৰই জনোৱা মতে, কিশোৰ বৰ্মনে কালি নিশা ভাত খাই পদুলিমুখলৈ ওলাই আহোঁতেই হঠাতে গাত ওপৰত বিদ্যুত পৰিবাহী তাঁৰ ছিগি পৰে। ফলত ঘটনাস্থলীতে থিতাতে তেওঁৰ মৃত্যু হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, শক্তি বিভাগে দীৰ্ঘদিন ধৰি পুৰণি তাঁৰসমূহ সলনি কৰি নতুন তাঁৰ সংযোগ নকৰাৰ বাবেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে। এই ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজে বিভাগটোৰ…
Read More
বহিঃৰাজ্যত কৰ্তব্যস্থলীলৈ যোৱাৰ পথত সন্ধানহীন চি আৰ পি এফৰ জোৱান অমৰেন্দ্ৰ ৰায়

বহিঃৰাজ্যত কৰ্তব্যস্থলীলৈ যোৱাৰ পথত সন্ধানহীন চি আৰ পি এফৰ জোৱান অমৰেন্দ্ৰ ৰায়

ছুটী শেষ কৰি মধ্যপ্ৰদেশৰ নিমজস্থিত কৰ্তব্যস্থলীলৈ গৈ থকা অৱস্থাতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে অসমৰ এজন চি আৰ পি এফৰ জোৱান। বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বাসিন্দা তথা চি আৰ পি এফৰ জোৱান অমৰেন্দ্ৰ ৰায় (৫১) যোৱা ৪ জুলাইৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই এতিয়া চিন্তাত পেলাইছে তেওঁৰ পৰিয়ালক। পৰিয়ালৰ সূত্ৰই জনোৱা মতে, ঘৰৰ পৰা ছুটী শেষ কৰি যোৱা ২ জুলাইৰ দিনা জোৱানজনে বিজনী ৰেলৱে ষ্টেচনৰ পৰা আবেলি ২.২০ বজাত ১২৫০৫ নম্বৰৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰেলগাড়ীখনেৰে যাত্ৰা কৰিছিল। তেওঁ তিনি জুলাইত তুণ্ডলা জংচনত নামে। নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলগাড়ীখন তুণ্ডলা জংচন গৈ পোৱাত পলম হোৱাৰ বাবে তেওঁ তুণ্ডলাৰ পৰা আগ্ৰা ফৰ্টলৈ কোনো গাড়ীৰে গৈ আগ্ৰা…
Read More
বিধানসভাত চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাৎ, ৰঙিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

বিধানসভাত চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাৎ, ৰঙিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

অসম বিধানসভাত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী। ৰঙিয়া আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক ধনজিৎ তালুকদাৰক। উল্লেখ্য যে, ধৃত ধনজিৎ ৰঙিয়াৰ অগ্নি আৰু আপদকালীন সেৱা আস্থানৰ কৰ্মচাৰী। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নলবাৰী জিলাৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা লক্ষী ডেকা নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে এই অভিযান চলায়। উত্থাপিত অভিযোগ অনুসৰি, অভিযুক্ত কৰ্মচাৰীজনে অসম বিধানসভাত চাকৰি দিয়াৰ নামত ডেকাৰ পৰা সাত লাখ টকা উৎকোচ হিচাপে লৈছিল। অৱশ্যে আৰক্ষীৰ জেৰাত ধৃত ধনজিৎ তালুকদাৰে উক্ত সাত লাখ টকা উৎকোচ হিচাপে লোৱা নাই বুলি এক বিপৰীত দাবী উত্থাপন…
Read More