পোষ্টেল চেভিংছ একাউণ্টত জমা থকা ১.৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত চিবিআইৰ জালত পৰিল ডাক বিভাগৰ দুজন কৰ্মচাৰী। মহীশূৰৰ ৪৪ জন গ্ৰাহকৰ পোষ্টেল চেভিংছ একাউণ্টৰ পৰা টকা নিজৰ আৰু আত্মীয়ৰ একাউণ্টলৈ অবৈধভাৱে স্থানান্তৰ কৰাৰ অভিযোগত দুয়োজনক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী সংস্থাটোৱে।
চিবিআইয়ে জনোৱা মতে, অভিযুক্ত দুজনৰ ভিতৰত এজন ডাক সহায়ক আৰু আনজন ডাকবাহক। দুয়ো কৰ্ণাটকৰ মহীশূৰৰ সাৰাগুৰ ডাকঘৰত কৰ্মৰত আছিল।
ডাক বিভাগে দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত চলিত বৰ্ষৰ মাৰ্চ মাহত গোচৰ ৰুজু কৰে চিবিআইয়ে। অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰৱঞ্চনা, বিশ্বাসভংগ, জালিয়াতি আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি তদন্ত চলায় তদন্তকাৰী সংস্থাটোৱে।
তদন্তত পোহৰলৈ অহা অনুসৰি, ২০২২ চনৰ পৰা ২০২৫ চনলৈ গ্ৰাহকসকলৰ লগইন পৰিচয় আৰু পাছৱৰ্ডৰ অপব্যৱহাৰ কৰি ৪৪ জন গ্ৰাহকৰ চেভিংছ একাউণ্টৰ পৰা ধন স্থানান্তৰ কৰিছিল অভিযুক্ত দুজনে। এই ধন তেওঁলোকে নিজৰ আৰু আত্মীয়ৰ একাউণ্টত জমা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে চিবিআইয়ে।
তদন্তকাৰী সংস্থাটোৰ মতে, আন কেইবাটাও একাউণ্টতো একেধৰণৰ ধন আত্মসাতৰ ঘটনা ঘটাৰ সন্দেহ আছে। সেই সম্ভাৱনাক কেন্দ্ৰ কৰি তদন্তৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰা হৈছে।
গ্ৰেপ্তাৰৰ পিছত অভিযুক্ত দুজনক বেংগালুৰুস্থিত চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়। অধিক সোধা-পোছাৰ বাবে তেওঁলোকক চিবিআইৰ জিম্মাত লোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে।
