ৰাস্না প্ৰাইভেট লিমিটেডে সমগ্ৰ দেশজুৰি জপিন ১-লিটাৰ টেট্ৰা পেক কাৰ্টন মুকলি কৰি নিজৰ ৰেডী-টু-ড্ৰিংক পানীয়ৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ আনুমানিক ১,০০০ কোটি টকীয়া প্ৰিমিয়াম আৰটিডি ফলৰ পানীয়ৰ বজাৰখন দখল কৰা। ১০ বিধ ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ আৰু প্ৰচুৰ পৰিমাণে ফলৰ ৰস থকা এই নতুন ফেমিলী-চাইজ পেকেটটো দেশৰ অত্যাধুনিক ৰিটেইল আউটলেট, ই-কমাৰ্চ, কুইক-কমাৰ্চ প্লেটফৰ্ম আৰু অন্যান্য খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত উপলব্ধ হ’ব।
কোম্পানীটোৰ বৰ্তমানৰ ১২৫ মিলিলিটাৰ আৰু ২০০ মিলিলিটাৰৰ পেকেটৰ ওপৰত ভিত্তি কৰি এই শেহতীয়া সামগ্ৰীবিধ প্ৰস্তুত কৰা হৈছে। ইয়াক মূলতঃ পৰিয়াল, শিশু আৰু পুষ্টিকৰ তথা সুবিধাজনক পানীয় বিচৰা চহৰীয়া গ্ৰাহকসকলক লক্ষ্য কৰি মুকলি কৰা হৈছে। মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত ভাৰততে প্ৰস্তুত টেট্ৰা পেক কাৰ্টনত পেক কৰা এই পানীয়সমূহ লিচি(লিচু), মিক্সড ফ্ৰুট আৰু অৰেঞ্জ (কমলা) সোৱাদত পোৱা যাব। ইয়াৰ ১ লিটাৰৰ পেকেটটোৰ মূল্য ১১০ টকা ধাৰ্য কৰা হৈছে।
এই নতুন সামগ্ৰীবিধ মুকলি কৰি ৰাস্না গ্ৰুপৰ অধ্যক্ষ পিৰুজ খাম্বাট্টাই কয় যে, কোম্পানীটোৰ উদ্দেশ্য হৈছে ভাৰতীয় কৃষক, সংসাধনকাৰী আৰু ঘৰুৱা উৎপাদন ব্যৱস্থাক সমৰ্থন কৰাৰ লগতে সুলভ মূল্যত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ফলৰ পানীয় গ্ৰাহকক যোগান ধৰা। টেট্ৰা পেক চাউথ এছিয়াৰ পৰিচালন সঞ্চালক কেচিঅ’ চিমোৱেছে এই বিষয়ে কয় যে, এই অংশীদাৰিত্বই সুৰক্ষিত, সুবিধাজনক আৰু উচ্চ গুণসম্পন্ন পেকেটজাত পানীয়ৰ প্ৰতি গ্ৰাহকৰ ক্ৰমবৰ্ধমান চাহিদাক প্ৰতিফলিত কৰে।
কোম্পানীটোৱে এই নতুন সামগ্ৰীৰ প্ৰচাৰৰ বাবে টেলিভিছন, ডিজিটেল প্লেটফৰ্ম, অ’টিটি সেৱা, আউটড’ৰ বিজ্ঞাপন আৰু ছচিয়েল মিডিয়া সামৰি এক দেশজুৰি বিপণন অভিযান চলাইছে। ইয়াৰ লগতে জপিন ব্ৰেণ্ডৰ সেই পুৰণি জনপ্ৰিয় ৰেপাৰ-কেন্দ্ৰিক বিজ্ঞাপনৰ শৈলীটোক ন ৰূপত সজীৱ কৰি তোলা হৈছে। গ্ৰাহকৰ কাষ চাপিবলৈ ব্যাপকভাৱে ট্ৰেড এক্টিভেচন, বিনামূলীয়া সামগ্ৰী বিতৰণ আৰু প্ৰচাৰমূলক পদক্ষেপৰো পৰিকল্পনা কৰা হৈছে।
গুৱাহাটী মহানগৰীৰ খুচুৰা বিক্ৰেতা আৰু পানীয় বিতৰকসকলে আশা কৰিছে যে বিশেষকৈ উৎসৱ আৰু বাৰিষাৰ সময়ত প্ৰিমিয়াম পেকেটজাত ফলৰ ৰসৰ বৰ্ধিত চাহিদাৰ মাজত এই ডাঙৰ ফেমিলী পেকেটটোৱে অধিক জনপ্ৰিয়তা লাভ কৰিব। উদ্যোগ পৰ্যবেক্ষকসকলৰ মতে, এই সম্প্ৰসাৰণে অসমৰ সংগঠিত আৰটিডি পানীয়ৰ ক্ষেত্ৰখনত প্ৰতিযোগিতা অধিক তীব্ৰ কৰি তুলিব পাৰে, য’ত মডাৰ্ন ৰিটেইল, চুপাৰমাৰ্কেট আৰু কুইক-কমাৰ্চ প্লেটফৰ্মসমূহত সুবিধাজনক আৰু উপযুক্ত মূল্যৰ পেকেটজাত পানীয়ৰ প্ৰতি গ্ৰাহকৰ পচন্দ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
১ লিটাৰৰ পেকেট মুকলিৰে ফেমিলী পেকৰ বজাৰত প্ৰৱেশ জপিনৰ, ১,০০০ কোটি টকীয়া আৰটিডি বজাৰৰ ওপৰত দৃষ্টি আৰোপ
