14
Jul
নিখিল ৰাভা মহিলা পৰিষদৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ৮ আগষ্টত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হ’ব। কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত উক্ত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে। উক্ত প্ৰতিষ্ঠা দিৱসৰ ১০ জুলাইত লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত মাংগলিক অনুষ্ঠানটিৰ আঁত ধৰে নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভাই। পুৱাৰ ভাগত ৰাভা জনগোষ্ঠী লোকসকলৰ পৰম্পৰা আৰু নীতি–নিয়ম অনুসৰি লাঙা দেৱতালৈ নৈবদ্য আগবঢ়োৱা হয়। পুজাৰীৰ মাংগলিক পৰ্ব সমাপ্ত হোৱাৰ পাছত আয়তীসকলৰ উৰুলি–ধ্বনিৰে প্ৰতিষ্ঠা…
