অসম

বানপীড়িতৰ কাষত থিয় হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ; ১২ কোটি টকাৰ সাহায্য সংগ্ৰহ কৰিব বিজেপিয়ে

বানপীড়িতৰ কাষত থিয় হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ; ১২ কোটি টকাৰ সাহায্য সংগ্ৰহ কৰিব বিজেপিয়ে

উজনিৰ বানত ককবকাইছে হাজাৰ হাজাৰ জনতা! বানৰ তাণ্ডৱ শাম কাটিলেও এতিয়াও শাম কটা নাই প্ৰলয়ংকাৰী বানে নমাই অনা বিভীষিকা। বানৰ পিছত এতিয়া এসাজ ভাত, এটোপাল পানী আৰু এখন কাপোৰৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্ত জনতাই। এনে সময়তে এই বন্যাৰ্ত জনতাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠন, দল-সংগঠন, শিল্পী, কলা-কুশলী আৰু সুহৃদয়বান ব্যক্তি। বান পৰিস্থিতিৰ সময়ত সকলোৱে একেলগে থিয় হোৱাৰ সময়তে এইবাৰ বান সাহায্য বিতৰণক লৈ এক বিশেষ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰবিবাৰে সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত বৰ্তমান বান সাহায্য আৰু পুনৰ্বাসনৰ কাম পূৰ্ণগতিত অব্যাহত আছে। কিন্তু বহু অঞ্চল এতিয়াও পথ আৰু…
Read More
আই আই টি গুৱাহাটীৰ একাডেমিক ভৱনৰ পৰা পৰি CSE ৰ ছাত্ৰ ৰিতেশ ৰাজ সিংৰ মৃত্যু

আই আই টি গুৱাহাটীৰ একাডেমিক ভৱনৰ পৰা পৰি CSE ৰ ছাত্ৰ ৰিতেশ ৰাজ সিংৰ মৃত্যু

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, আই আই টি গুৱাহাটীৰ তৃতীয় বৰ্ষৰ এজন বি-টেক ছাত্ৰ মৃতদেহ দেওবাৰে আবেলি প্ৰতিষ্ঠানটোৰ একাডেমিক কমপ্লেক্সৰ ভিতৰত উদ্ধাৰ কৰা হৈছে। এই ঘটনাটো আত্মহত্যা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, আৰু মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে নিশ্চিত হ'ব। আনুমানিক আবেলি ২.৩০ বজাত এই ঘটনাটো সংঘটিত হয়, যেতিয়া ছাত্ৰজনে প্ৰতিষ্ঠানটোৰ একাডেমিক ভৱনৰ পঞ্চম মহলাৰ পৰা পৰি যায় বুলি অভিযোগ উঠিছে। নিহত ছাত্ৰজনক কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ তৃতীয় বৰ্ষৰ বি-টেক ছাত্ৰ ৰিতেশ ৰাজ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ ব্ৰহ্মপুত্ৰ হোষ্টেলৰ আবাসিক আছিল। সূত্ৰৰ মতে, সিং এজন অত্যন্ত মেধাৱী ছাত্ৰ আছিল আৰু তেওঁৰ শিক্ষাগত ফলাফল অতি ভাল…
Read More
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত অটল ককৰোচ জনতা পাৰ্টি; তৃতীয় পৰ্যায়ৰ আলোচনাতো নোলাল সমাধান

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত অটল ককৰোচ জনতা পাৰ্টি; তৃতীয় পৰ্যায়ৰ আলোচনাতো নোলাল সমাধান

চলিছে আলোচনা, কিন্তু ওলোৱা নাই সমাধান। দিল্লীৰ লগতে সমগ্ৰ দেশজুৰি শিক্ষাৰ্থীৰ ব্যাপক প্ৰতিবাদৰ পিছত ককৰোচ জনতা পাৰ্টিৰ সৈতে আজি তৃতীয় পৰ্যায়ৰ বৈঠকত মিলিত হয় কেন্দ্ৰীয় চৰকাৰ। কিন্তু এই বৈঠকৰ পিছতো সম্পূৰ্ণ সমাধান লাভ নোহোৱাত পুনৰ স্থগিত হৈ পৰে আলোচনা। সংসদ ভৱনৰ সংবিধান ক্লাবত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনা কৰে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিনিধি দলে। আলোচনাত সংগঠনটোৱে পূৰ্বৰ তিনিটা মূল দাবী পুনৰ উত্থাপন কৰে। আলোচনাৰ পূৰ্বেই ককৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰ আশুতোষ ৰাংকাই স্পষ্ট কৰি কয়, “ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আমাৰ বাবে কোনো আলোচনা কৰিবলগীয়া বিষয় নহয়। চৰকাৰে যদি ইয়াত সন্মতি নিদিয়ে, তেন্তে পৰৱৰ্তী আলোচনাৰ…
Read More
মধ্যৰাতি হ্ৰদৰ পাৰত পাৰ্টি কৰি গা ধুবলৈ পানীত নামি সলিল সমাধি দুগৰাকী কনিষ্ঠ চিকিৎসকৰ

মধ্যৰাতি হ্ৰদৰ পাৰত পাৰ্টি কৰি গা ধুবলৈ পানীত নামি সলিল সমাধি দুগৰাকী কনিষ্ঠ চিকিৎসকৰ

মধ্যৰাতি হ্ৰদৰ পাৰত পাৰ্টি কৰি গা ধুবলৈ পানীত নামি সলিল সমাধি ঘটিল দুগৰাকী কনিষ্ঠ চিকিৎসকৰ। ঝাৰখণ্ডৰ জামছেদপুৰৰ ডিমনা হ্ৰদৰ ওচৰৰ নিষিদ্ধ জলাশয়ত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। নিশা একেলগে তিনিগৰাকী কনিষ্ঠ চিকিৎসকে পানীত নমাৰ পিছতে সলিল সমাধি ঘটে দুজনৰ। ইফালে আনজন কনিষ্ঠ চিকিৎসকে সাঁতুৰি কোনোমতে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। মৃত কনিষ্ঠ চিকিৎসক দুগৰাকীক ডাঃ সমীৰ আৰু ডাঃ সক্ষম বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰকাৰী দলে জলাশয়ৰ পৰা দুয়োগৰাকী চিকিৎসকৰ মৃতদেহ উদ্ধাৰ কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে এমজিএম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহু কনিষ্ঠ চিকিৎসক আৰু জ্যেষ্ঠ চিকিৎসক ঘটনাস্থলীত উপস্থিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, এমজিএম চিকিৎসা…
Read More
দেশৰ ভৱিষ্যৎ নহয়, শিক্ষাৰ্থীক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে মোদী চৰকাৰেঃ শিক্ষাৰ্থীৰ প্ৰতিবাদলৈ সমৰ্থন ছোনিয়া গান্ধীৰ

দেশৰ ভৱিষ্যৎ নহয়, শিক্ষাৰ্থীক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে মোদী চৰকাৰেঃ শিক্ষাৰ্থীৰ প্ৰতিবাদলৈ সমৰ্থন ছোনিয়া গান্ধীৰ

নিট প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাত সংঘটিত হৈ অহা বিসংগতিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত এমাহৰো অধিক সময় ধৰি ৰাজধানী দিল্লীত দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এতিয়া এই প্ৰতিবাদৰ জোকাৰণি উঠিছে ৰাজনীতিৰ ক্ষেত্ৰখনতো। এনে সময়তে শিক্ষাৰ্থীৰ আন্দোলনলৈ প্ৰকাশ্যে সমৰ্থন জনাই মোদী চৰকাৰৰ বিৰুদ্ধে শাণিত বান নিক্ষেপ কৰে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে। 'দ্য হিন্দু'ত প্ৰকাশিত এক নিবন্ধত ছোনিয়া গান্ধীয়ে কয়, "শিক্ষাৰ্থীয়ে জবাবদিহিতা আৰু শিক্ষা সংস্কাৰ বিচাৰিছে। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকৰ সাহসৰ উত্তৰত কাপুৰুষোচিত আৰু নিষ্ঠুৰ আচৰণহে কৰিছে। দেশৰ ভৱিষ্যৎ হিচাপে নহয়, শত্ৰুৰ দৰে ব্যৱহাৰ কৰা হৈছে শিক্ষাৰ্থীসকলৰ সৈতে।" ছোনিয়া…
Read More
মণিপুৰত আৰক্ষীৰ জালত তিনি উগ্ৰপন্থী কেডাৰ; হেৰ’ইনসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

মণিপুৰত আৰক্ষীৰ জালত তিনি উগ্ৰপন্থী কেডাৰ; হেৰ’ইনসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

হিংসাজৰ্জৰ মণিপুৰত চেগা-চোৰোকাকৈ সংঘটিত হৈ অহা কূটাঘাত আৰু ধন দাবীৰ ঘটনাৰ মাজতে এইবাৰ আৰক্ষীৰ জালত পৰিল তিনি সক্ৰিয় উগ্ৰপন্থী কেডাৰ। বুধবাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিযান চলাই নিষিদ্ধ সংগঠনৰ সৈতে জড়িত এই কেডাৰকেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে পৃথক এক মাদকবিৰোধী অভিযানত হেৰ'ইনসহ এজন সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে মণিপুৰ আৰক্ষীয়ে। বিষ্ণুপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তেৰা উৰাক পৰীক্ষা চকীৰ পৰা প্ৰথমে গ্ৰেপ্তাৰ কৰা হয় নিষিদ্ধ কেঅ’ৱাইকেএল সংগঠনৰ সক্ৰিয় কেডাৰ মায়াংলামবাম টোম্বা সিং ওৰফে লাকপাক। চুৰাচান্দপুৰ জিলাৰ বিজাং খুনৌৰ বাসিন্দা ৩৯ বছৰীয়া অভিযুক্তজন বৰ্তমান ফুবালা সাহায্য শিবিৰত আছিল। অভিযুক্তজনৰ পৰা আৰক্ষীয়ে এটা ৯ মিলিমিটাৰ পিষ্টল, এটা মেগাজিন আৰু বিভিন্ন কেলিবাৰৰ ১১ জাঁই সজীৱ গুলী…
Read More
৫০লৈ বৃদ্ধি ৰাজ্যৰ বানৰ মৃতকৰ সংখ্যা! সাহায্যৰ পৰা বঞ্চিত এতিয়াও ২০ শতাংশ লোক

৫০লৈ বৃদ্ধি ৰাজ্যৰ বানৰ মৃতকৰ সংখ্যা! সাহায্যৰ পৰা বঞ্চিত এতিয়াও ২০ শতাংশ লোক

উজনি অসমত অব্যাহত থকা বান পৰিস্থিতিৰ মাজতে মৃতকৰ সংখ্যা ৫০লৈ বৃদ্ধি পোৱাৰ তথ্য সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে বান পৰিস্থিতিৰ শেহতীয়া পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে জনায় যে সামগ্ৰিক পৰিস্থিতিৰ কিছু উন্নতি হৈছে যদিও এতিয়াও প্ৰায় ২০ শতাংশ বানাক্ৰান্তৰ ওচৰলৈ সাহায্য সামগ্ৰী যোগান ধৰাটো সম্ভৱ হোৱা নাই। মুখ্যমন্ত্ৰীয়ে লগতে কয়, "বান পৰিস্থিতি পূৰ্বতকৈ অলপ উন্নত হৈছে। এতিয়াও প্ৰায় ২০ শতাংশ লোক সাহায্যৰ পৰা বঞ্চিত হৈ আছে। সেইসকল ভুক্তভোগীৰ লগত যোগাযোগ সম্ভৱ হোৱা নাই। ৬০ হাজাৰ মানুহৰ ঘৰত বৰ্তমানো বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। ৫০লৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। ৪০টাকৈ পৰিয়ালে আত্মীয় হেৰুৱাইছে। চৰকাৰে পাৰ্যমানে সকলো ধৰণৰ সহায় আগবঢ়াই যাব।" পঞ্চম দিনাও…
Read More
অসমৰ বানত ৪৭ জনৰ মৃ*ত্যু, ৭ লাখ লোক প্ৰভাৱিত

অসমৰ বানত ৪৭ জনৰ মৃ*ত্যু, ৭ লাখ লোক প্ৰভাৱিত

​অসমত বানপানীৰ পৰিস্থিতি অত্যন্ত সংকটজনক হৈ পৰিছে। অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ৰাজ্যখনৰ ১১ খন জিলাৰ প্ৰায় ৭.২১ লাখ লোক এই বানৰ দ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। কাৰ্বি আংলং, গোলাঘাট, চৰাইদেউ, কামৰূপ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ধেমাজি, হোজাই আৰু কামৰূপ (মেট্ৰ')—এই ১১ খন জিলাৰ প্ৰায় ৯০০ টা গাঁও বানত আক্ৰান্ত হৈছে। শিৱসাগৰ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত ৩,৯২,১৯৫ গৰাকী লোক প্ৰভাৱিত হৈছে। ইয়াৰ পিছতে চৰাইদেউ (১,১০,৭৫৫ জন), যোৰহাট (৯৭,৬৯০ জন) আৰু ডিব্ৰুগড় (১৩,৩৯০ জন) জিলা প্ৰভাৱিত হৈছে। ​ৰাজ্যজুৰি ২৪,৮৯৭.২৭ হেক্টৰ কৃষিভূমি বানত বিলীন হৈছে।​ যোৱা ২৪ ঘণ্টাত ৬ জন লোকৰ মৃত্যু হৈছে, যাৰ ফলত মুঠ মৃতকৰ সংখ্যা ৪৭…
Read More
বানপানীৰ বিষয়ত প্ৰতিবাদ: ডেস্কত উঠাৰ বাবে এদিনৰ বাবে নিলম্বিত অখিল গগৈ

বানপানীৰ বিষয়ত প্ৰতিবাদ: ডেস্কত উঠাৰ বাবে এদিনৰ বাবে নিলম্বিত অখিল গগৈ

ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ বৃহস্পতিবাৰে দিনটোৰ বাবে অসম বিধানসভাৰ পৰা নিলম্বিত কৰা হয়। বানপানীৰ অৱস্থাৰ ওপৰত আলোচনাৰ বাবে বিধায়কগৰাকীয়ে আগবঢ়োৱা কাম স্থগিত প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰাৰ প্ৰতিবাদত তেওঁ নিজৰ ডেস্কত উঠি প্ৰতিবাদ কৰাৰ বাবে এই ব্যৱস্থা লোৱা হয়। প্ৰশ্নোত্তৰ পৰ্বৰ পিছত গগৈয়ে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক দুই মিনিট সময় বিচাৰি উচ্চ অসমৰ বিশেষকৈ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বানপানীয়ে কৰা ব্যাপক ধ্বংসৰ বিষয়ে ক'বলৈ অনুমতি বিচাৰে।"তিনিওখন জিলা একেবাৰে তচনচ হৈ গৈছে। সকলো ধ্বংস হৈছে। অসম বিধানসভাই ৰাজ্য চৰকাৰক কেন্দ্ৰক ইয়াক প্ৰাকৃতিক দুৰ্যোগ বুলি ঘোষণা কৰিবলৈ অনুৰোধ কৰিবলৈ ক'ব লাগে," বিধায়কগৰাকীয়ে কয়।তেওঁ লগতে কয় যে অঞ্চলটোৰ বাসিন্দাই জীৱনত এনে ধৰণৰ…
Read More
ককৰ’চ জনতা পাৰ্টীৰ ইনষ্টাগ্ৰাম একাউণ্ট পুনৰ সক্ৰিয়; সম্পূৰ্ণ একাউণ্ট বন্ধৰ সিদ্ধান্ত সলনি কেন্দ্ৰৰ

ককৰ’চ জনতা পাৰ্টীৰ ইনষ্টাগ্ৰাম একাউণ্ট পুনৰ সক্ৰিয়; সম্পূৰ্ণ একাউণ্ট বন্ধৰ সিদ্ধান্ত সলনি কেন্দ্ৰৰ

সামাজিক মাধ্যমত ককৰ'চ জনতা পাৰ্টীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ সিদ্ধান্ত সলনি কৰিলে কেন্দ্ৰীয় চৰকাৰে। সম্পূৰ্ণ ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ কৰি ৰখাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ লগতে নিৰ্দিষ্ট পোষ্ট বা ইউআৰএলৰ বিৰুদ্ধেহে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি বুলি সংশ্লিষ্ট আইন প্ৰয়োগকাৰী সংস্থাক অৱগত কৰে কেন্দ্ৰই। প্ৰতিবেদন অনুসৰি, আইন প্ৰয়োগকাৰী সংস্থাৰ অনুৰোধৰ ভিত্তিত প্ৰথমে ককৰ'চ জনতা পাৰ্টীৰ ইনষ্টাগ্ৰাম একাউণ্টটো বন্ধ কৰা হৈছিল। পিছত বিষয়টো পুনৰীক্ষণ কৰাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে মত প্ৰকাশ কৰে যে, সমগ্ৰ একাউণ্ট বন্ধ কৰি দিয়াৰ প্ৰয়োজনীয়তা নাছিল। প্ৰয়োজন হ'লে নিৰ্দিষ্ট পোষ্ট বা ইউআৰএলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। জানিব পৰা মতে, এই পৰামৰ্শৰ পিছতেই ককৰ'চ জনতা পাৰ্টীৰ ইনষ্টাগ্ৰাম একাউণ্ট…
Read More