27
Jul
উজনিৰ বানত ককবকাইছে হাজাৰ হাজাৰ জনতা! বানৰ তাণ্ডৱ শাম কাটিলেও এতিয়াও শাম কটা নাই প্ৰলয়ংকাৰী বানে নমাই অনা বিভীষিকা। বানৰ পিছত এতিয়া এসাজ ভাত, এটোপাল পানী আৰু এখন কাপোৰৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্ত জনতাই। এনে সময়তে এই বন্যাৰ্ত জনতাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠন, দল-সংগঠন, শিল্পী, কলা-কুশলী আৰু সুহৃদয়বান ব্যক্তি। বান পৰিস্থিতিৰ সময়ত সকলোৱে একেলগে থিয় হোৱাৰ সময়তে এইবাৰ বান সাহায্য বিতৰণক লৈ এক বিশেষ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰবিবাৰে সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত বৰ্তমান বান সাহায্য আৰু পুনৰ্বাসনৰ কাম পূৰ্ণগতিত অব্যাহত আছে। কিন্তু বহু অঞ্চল এতিয়াও পথ আৰু…
