Blog

ভাৰতৰ প্ৰথমটো জিঅ’চিংক্ৰ’নাছ ইমেজিং উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

ভাৰতৰ প্ৰথমটো জিঅ’চিংক্ৰ’নাছ ইমেজিং উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ই অ’ এছ-০৫ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰে ৷সতীশ ধৱন মহাকাশ কেন্দ্ৰ SHAR ৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা এই উৎক্ষেপণ কৰা হয় । ভাৰতৰ জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ ১৯ সংখ্যক উৰণ জিএছএলভি-এফ১৭ ৰকেটে ইঅ’এছ-০৫ ক লৈ উপ-জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথ (ছাব-জিটিঅ’)ৰ দিশে যাত্ৰা কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশৰ প্ৰথমটো ইমেজিং উপগ্ৰহ কক্ষপথত সফল উৎক্ষেপণৰ প্ৰশংসা কৰি কয় যে এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । শুকুৰবাৰে পুৱা জি এছ এল ভি ৰকেটত ২৩০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ…
Read More
মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ

মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ

মণিপুৰৰ য়াইৰিপকৰ বিষ্ণুনাহাত বৃহস্পতিবাৰে নিশা কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে মেঘাচন্দ্ৰ সিঙৰ বাসগৃহৰ গে'টৰ সমীপত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এক প্ৰেছ বিবৃতি অনুসৰি, নিশা প্ৰায় ৮.১৫ বজাত এই বিস্ফোৰণ সংঘটিত হয় ।অচিনাকি দুষ্কৃতিকাৰীয়ে বিস্ফোৰক নিক্ষেপ কৰাৰ ফলত এই বিস্ফোৰণ ঘটাৰ সন্দেহ কৰা হৈছে । প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে অপৰাধীৰ পৰিচয় আৰু উদ্দেশ্য এতিয়াও জানিব পৰা পৰা হোৱা নাই । ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ তালাচী অভিযান চলায় ।
Read More
নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ

নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ

ভগৱানৰ চমৎকাৰ!নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ কৰে ।মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিল সঞ্জয় সাহ আৰু কবীৰ মহৰ্জন।১০দিনৰ অন্তত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ ২শ্ৰমিকক।দিনে নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে হাজাৰ হাজাৰ উদ্ধাৰকৰ্মীয়ে।নেপালৰ ৮ জিলাত বোকামাটি-পলস, ধ্বংসস্তুপৰ মাজত চলিছে অভিযান।ধ্বংসস্তুপৰ মাজত মৃতদেহৰ সন্ধান ভাৰতকে ধৰি অন্য দেশৰ উদ্ধাৰকাৰীৰ।ত্রিশূলীৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰৰ পাছতে উৎফুল্লিত উদ্ধাৰকাৰীৰ দল।
Read More
১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত

১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত

১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত। স্থানীয় বাসিন্দা আৰু সংখ্যালঘূ হিন্দু সম্প্ৰদায়ৰ দাবী, মাদ্ৰাছাৰ কাষত মাটিৰ প্ৰয়োজন হোৱাৰ বাবে মন্দিৰটো ভাঙি পেলোৱা হৈছে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘটনাক 'গৰ্হণীয় আৰু উচ্ছেদ কাৰ্য' বুলি অভিহিত কৰি তীব্ৰ ভাষাৰে গৰহণা দিছে।উল্লেখ্য যে,মন্দিৰ ভঙা ঘটনাত নিষিদ্ধ কট্টৰপন্থী সংগঠন তেহৰিক ই লাব্বাইক পাকিস্তানৰ সদস্যসকল জড়িত বুলি অভিযোগ স্থানীয়সকলৰ। মন্দিৰ ভাঙি পেলোৱাৰ পাছত মন্দিৰৰ চূড়াত থকা ধাতৱ অংশ, ইটা-সহ অন্যান্য সামগ্ৰীও দ্ৰুত আঁতৰাই পেলোৱা হৈছে বুলি দাবী তেওঁলোকৰ। মন্দিৰৰ কাষৰ মাটিত এভাকুই ট্ৰাষ্ট প্ৰপাৰ্টি বৰ্ডে এখন মাদ্ৰাছা তৈয়াৰৰ বাবে লিজত দিছিল। কিন্তু কেইবছৰ ভাড়া নিদিয়াত লিজ বাতিল হৈ যায়। তাৰপিছতেই মন্দিৰৰ মাটি…
Read More
এআই অটোফ’কাচ আৰু ৩০এফপিএছ শ্বুটিং সামৰ্থ্য বিশিষ্ট ছনী আৰX১০ V ভাৰতত মুকলি

এআই অটোফ’কাচ আৰু ৩০এফপিএছ শ্বুটিং সামৰ্থ্য বিশিষ্ট ছনী আৰX১০ V ভাৰতত মুকলি

ছনী ইণ্ডিয়াই অল-ইন-ৱান কেমেৰাৰ আৰX১০ শৃংখলাৰ পঞ্চম প্ৰজন্মৰ মডেল আৰX১০ V মুকলি কৰিছে, যি দীৰ্ঘ-দূৰত্বৰ জুম, এআই-চালিত অটোফ'কাচ আৰু উচ্চ-গতিৰ শ্বুটিং সামৰ্থ্যৰ সংমিশ্ৰণেৰে ফটোগ্ৰাফী অনুৰাগীসকলক উদ্দেশ্যি মুকলি কৰিছে। কেমেৰাটোত প্ৰায় ২০.১ কাৰ্যকৰী মেগাপিক্সেলযুক্ত এটা ১.০-টাইপ ষ্টেকড্ এক্সম'ৰ আৰএছ চিএমঅএছ চেন্সৰ আৰু ২৫ গুণ অপ্টিকেল জুম সামৰ্থ্যৰ এটা জাইজ ভেৰিঅ'-ছনাৰ টি* ২৪-৬০০এমএম এফ২.৪-৪.০ লেন্স আছে। ইয়াৰ এআই-চালিত বাস্তৱ সময়ৰ ৰিকগনিচন এএফে মানুহ, জন্তু, চৰাই, পোক-পতংগ, গাড়ী, ৰে'ল আৰু বিমান চিনাক্ত তথা ট্ৰেক কৰিব পাৰে, আনহাতে কেমেৰাটোৱে সম্পূৰ্ণ এএফ/এই ট্ৰেকিঙেৰে প্ৰতি ছেকেণ্ডত ৩০ খনলৈকে ফ্ৰেম শ্বুট কৰিব পাৰে। আৰX১০ V কেমেৰাটোৱে ৪কে ১২০পি ভিডিঅ' ৰেকৰ্ডিং, এক্টিভ ম'ড ষ্টেবিলাইজেচন আৰু এআই-চালিত অটো ফ্ৰেমিং…
Read More
ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি

পৰিৱেশ অনুকূল আৰু এক প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত পহিলা ছেপ্টেম্বৰত  চাৰিখন চাৰিচকীয়া ইলেকট্ৰিক বাহন মুকলি কৰা হয়। এই উপলক্ষে কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত পতাকা জোকাৰি বাহন চাৰিখন মুকলি কৰে ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে। অনুষ্ঠানত চমু ভাষণত মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কয় যে ডিজেল আৰু পেট্ৰলচালিত বাহনে বায়ু আৰু শব্দ প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। ইয়াৰ ফলত মানুহ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হবলগীয়া হৈছে।  গতিকে শব্দ আৰু বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ হলে পৰিবৰ্তিত পৰিস্থিতিত ইলেকট্ৰিক বাহনৰ কোনো বিকল্প নাই। এয়া সময়ৰ আহ্বান আৰু আমি…
Read More
নেপালৰ বানত প্ৰাণৰক্ষাৰ অনন্য নিদৰ্শন; মাত্ৰ ৬ দিনত ১০০ টা সফল উদ্ধাৰ অভিযান চলাই চৰ্চাত প্ৰথম মহিলা মহিলা পাইলট প্ৰিয়া অধিকাৰী

নেপালৰ বানত প্ৰাণৰক্ষাৰ অনন্য নিদৰ্শন; মাত্ৰ ৬ দিনত ১০০ টা সফল উদ্ধাৰ অভিযান চলাই চৰ্চাত প্ৰথম মহিলা মহিলা পাইলট প্ৰিয়া অধিকাৰী

ভয়ংকৰ বান আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰা নেপালত যেন জীৱনদায়িনী দূত হৈ পৰিছে এগৰাকী মহিলা পাইলট। নেপালৰ প্ৰথমগৰাকী মহিলা হেলিকপ্টাৰ কেপ্তেইন প্ৰিয়া অধিকাৰীৰ দুঃসাহসিক উদ্ধাৰ অভিযানে এতিয়া বিশ্বজুৰি লাভ কৰিছে চৰ্চা। দুৰ্যোগৰ মাজতেই বিমান উৰুৱাই মাত্ৰ ছয়টা দিনৰ ভিতৰত প্ৰায় ১০০ টা বিপজ্জনক উদ্ধাৰ অভিযান সফলভাৱে সম্পন্ন কৰে সাহসী পাইলটগৰাকীয়ে। ৰাছুৱা জিলাৰ তিমুৰে অঞ্চলকে ধৰি নেপাল-তিব্বত সীমান্তৰ চৰম দুৰ্গম এলেকা সমূহত নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কাৰ্য চলায় প্ৰিয়া অধিকাৰীয়ে। মন কৰিবলগীয়া যে, বান আৰু ভূমিস্খলনত পাহাৰীয়া পথ আৰু দলং উভালি যোৱাত বিচ্ছিন্ন হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে হেলিকপ্টাৰেই আছিল একমাত্ৰ উপায়। হিমালয়ৰ অতি ঠেক উপত্যকা, প্ৰতিকূল বতৰ আৰু নামিবলৈ…
Read More
ৰাইজৰ দলৰ সৈতে সকলো ৰাজনৈতিক সম্পৰ্ক ছেদ কংগ্ৰেছৰ; অৱশেষত আনুষ্ঠানিকভাৱে ভংগ বিৰোধী মিত্ৰজোঁট

ৰাইজৰ দলৰ সৈতে সকলো ৰাজনৈতিক সম্পৰ্ক ছেদ কংগ্ৰেছৰ; অৱশেষত আনুষ্ঠানিকভাৱে ভংগ বিৰোধী মিত্ৰজোঁট

অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ’ল কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰজোঁট। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ঠিক প্ৰাকমুহূৰ্তত ৰাইজৰ দলৰ সৈতে মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰে কংগ্ৰেছে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে দলটোৰ শীৰ্ষ নেতৃত্বৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধ আৰু মতবিৰোধৰ পৰিপ্ৰেক্ষিততে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে ৰাইজৰ দলৰ সৈতে থকা সকলো ৰাজনৈতিক সম্বন্ধ প্ৰত্যাহাৰ তথা কৰ্তন কৰা বুলি এক প্ৰেছ বাৰ্তাত প্ৰকাশ কৰে দলে। বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে এক আনুষ্ঠানিক সংবাদ মেল সম্বোধন কৰি এই সিদ্ধান্ত ৰাজহুৱা কৰে। উল্লেখ্য যে, বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন…
Read More
বকোৰ পহৰা চকীত সহকৰ্মীৰ এ কে-৪৭ৰ গুলীচালনা! ভাৰপ্ৰাপ্ত বিষয়াসহ দুজন আৰক্ষী জোৱান নিহত

বকোৰ পহৰা চকীত সহকৰ্মীৰ এ কে-৪৭ৰ গুলীচালনা! ভাৰপ্ৰাপ্ত বিষয়াসহ দুজন আৰক্ষী জোৱান নিহত

নিশা কৰ্তব্যৰত অৱস্থাত আৰক্ষীৰ মাজতেই সংঘটিত গুলীচালনাত প্ৰাণ হেৰুৱালে দুজন আৰক্ষী জোৱানে। কামৰূপ জিলাৰ বকোস্থিত গামেৰীমূৰা আৰক্ষী পহৰা চকীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। সহকৰ্মী জোৱানৰ অতৰ্কিত আক্ৰমণত নিহত হোৱা আৰক্ষী জোৱান দুগৰাকীক উক্ত পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰজিৎ বৰা আৰু কনিষ্টবল ফজৰুল আলী বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক অনুসন্ধানৰ অন্তত পোহৰলৈ অহা তথ্য মতে, চিৰঞ্জীৱ চৌধুৰী নামৰ আন এজন আৰক্ষী জোৱানে নিজৰ হাতত থকা এ কে-৪৭ ৰাইফলেৰে নিৰ্বিচাৰ গুলীচালনা কৰে। গুলীৰ আঘাতত থিতাতে নিহত হয় দুয়োগৰাকী আৰক্ষী বিষয়া-জোৱান। সহকৰ্মীৰ ওপৰত কি পৰিস্থিতিত এনেদৰে মাৰণাস্ত্ৰৰে আক্ৰমণ চলোৱা হ’ল, সেই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ সম্পৰ্কে এতিয়াও তদন্ত চলাই আছে উচ্চপদস্থ আৰক্ষী…
Read More
ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰুপ কেপ্তেইন অভিনন্দন বৰ্ধমানৰ; আৰম্ভ কৰিব নতুন ইনিংছ

ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰুপ কেপ্তেইন অভিনন্দন বৰ্ধমানৰ; আৰম্ভ কৰিব নতুন ইনিংছ

ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে ২০১৯ চনৰ বালাকোট আক্ৰমণৰ পৰৱৰ্তী আকাশী যুদ্ধত পাকিস্তানৰ যুদ্ধবিমান ভূপতিত কৰা গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমানে। বায়ুসেনাত প্ৰায় ২২ বছৰীয়া সেৱা আগবঢ়োৱাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে বীৰ চক্ৰ প্ৰাপক পাইলটগৰাকীয়ে। অৱসৰৰ পাছত এটা ব্যক্তিগত বিমান পৰিবহণ সংস্থাত এগৰাকী বাণিজ্যিক পাইলট হিচাপে নতুন কৰ্মজীৱন আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে বৰ্ধমানে। বায়ুসেনাৰ এক বিশ্বস্ত সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ২০২১ চনৰ ডিচেম্বৰ মাহত গ্ৰুপ কেপ্টেইন পদলৈ পদোন্নতি লাভ কৰা বিষয়াজনে সামৰিক বাহিনীৰ বাহিৰত নতুন পেচাদাৰী সুযোগ সন্ধান কৰাৰ লক্ষ্যৰেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সাধাৰণতে জ্যেষ্ঠ পদত প্ৰশাসনিক দায়িত্ব বৃদ্ধি পোৱাৰ বিপৰীতে বিমান উৰণৰ সুযোগ হ্ৰাস পোৱাৰ বাবেই…
Read More