বকোৰ পহৰা চকীত সহকৰ্মীৰ এ কে-৪৭ৰ গুলীচালনা! ভাৰপ্ৰাপ্ত বিষয়াসহ দুজন আৰক্ষী জোৱান নিহত

নিশা কৰ্তব্যৰত অৱস্থাত আৰক্ষীৰ মাজতেই সংঘটিত গুলীচালনাত প্ৰাণ হেৰুৱালে দুজন আৰক্ষী জোৱানে। কামৰূপ জিলাৰ বকোস্থিত গামেৰীমূৰা আৰক্ষী পহৰা চকীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। সহকৰ্মী জোৱানৰ অতৰ্কিত আক্ৰমণত নিহত হোৱা আৰক্ষী জোৱান দুগৰাকীক উক্ত পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰজিৎ বৰা আৰু কনিষ্টবল ফজৰুল আলী বুলি চিনাক্ত কৰা হৈছে।

প্ৰাথমিক অনুসন্ধানৰ অন্তত পোহৰলৈ অহা তথ্য মতে, চিৰঞ্জীৱ চৌধুৰী নামৰ আন এজন আৰক্ষী জোৱানে নিজৰ হাতত থকা এ কে-৪৭ ৰাইফলেৰে নিৰ্বিচাৰ গুলীচালনা কৰে। গুলীৰ আঘাতত থিতাতে নিহত হয় দুয়োগৰাকী আৰক্ষী বিষয়া-জোৱান। সহকৰ্মীৰ ওপৰত কি পৰিস্থিতিত এনেদৰে মাৰণাস্ত্ৰৰে আক্ৰমণ চলোৱা হ’ল, সেই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ সম্পৰ্কে এতিয়াও তদন্ত চলাই আছে উচ্চপদস্থ আৰক্ষী বিষয়াসকলে।

নিহত আৰক্ষী বিষয়া ইন্দ্ৰজিৎ বৰাৰ ঘৰ কামৰূপ জিলাৰ চাংসাৰিৰ বলাইবিলত। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে মঙলবাৰে ঘৰত অনুষ্ঠিত বিষ্ণু পূজাত গাঁওবাসীৰ সৈতে ভাগ লৈ বুধবাৰে পুৱাহে কৰ্তব্যত যোগদান কৰিবলৈ গৈছিল বৰাই।

আনহাতে, আনগৰাকী নিহত জোৱান ফজৰুল আলীও নিজ গৃহৰ একমাত্ৰ অন্নদাতাই আছিল। তেওঁ ইহসংসাৰত বৃদ্ধা মাতৃৰ লগতে পত্নী আৰু দুটি সন্তানক এৰি থৈ যায়। একেলগে দুজন আৰক্ষী জোৱানৰ এনে আকস্মিক আৰু শোকাবহ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ উচ্চপৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *