Sonakshi Sarkar

1909 Posts
কাৰ্বি আংলঙত প্ৰশাসনৰ উচ্ছেদ অভিযানঃ চৰকাৰী ভূমিত থকা ৭৫০ তকৈ অধিক বাসগৃহত চলিল বুলড’জাৰ

কাৰ্বি আংলঙত প্ৰশাসনৰ উচ্ছেদ অভিযানঃ চৰকাৰী ভূমিত থকা ৭৫০ তকৈ অধিক বাসগৃহত চলিল বুলড’জাৰ

কৃষি কাৰ্যৰ বাবে সংৰক্ষিত চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ মঙলবাৰে পুৱাৰে পৰা এক বৃহৎ উচ্ছেদ অভিযান চলায় প্ৰশাসনে। কাৰ্বি আংলং জিলাৰ বকুলীয়া অঞ্চলৰ প্ৰায় ৩৫০ বিঘা জলসিঞ্চনৰ মাটিত চলোৱা এই অভিযানে ৭৫০ টাতকৈও অধিক বাসগৃহ আৰু ২০০০ ৰো অধিক পৰিয়ালক প্ৰভাৱিত কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তত্ত্বাৱধানত মঙলবাৰে পুৱাৰে পৰা এই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হয়। অৱশ্যে প্ৰশাসনে আগতীয়াকৈ জাননী জাৰি কৰাৰ বাবে বহু পৰিয়ালে নিজৰ সা-সম্পত্তি লৈ পূৰ্বেই স্থান খালী কৰি দিয়ে, যাৰ ফলত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান আগবাঢ়ে। চৰকাৰী জলসিঞ্চন প্ৰকল্পৰ বাবে আৱণ্টিত মাটিত দীৰ্ঘদিন ধৰি চলা বেদখল উচ্ছেদ কৰাই এই অভিযানৰ মূল লক্ষ্য। আইন-শৃংখলা…
Read More
বিজেপিৰ ১২ সংখ্যক ৰাষ্ট্ৰীয় সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ নীতিন নবীনৰ

বিজেপিৰ ১২ সংখ্যক ৰাষ্ট্ৰীয় সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ নীতিন নবীনৰ

দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিৰ সাংগঠনিক নেতৃত্বত এক নতুন অধ্যায়ৰ সূচনা কৰি দলৰ শীৰ্ষ পদত অধিষ্ঠিত হ’ল ৪৫ বছৰীয়া এগৰাকী নেতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত নীতিন নবিনক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি ঘোষণা কৰা হয়। বিজেপিৰ সাংগঠনিক নিৰ্বাচনৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত 'সংগঠন পৰ্ব'ৰ বিশেষ সমাৱেশত নীতিন নবীনক নিৰ্বাচনৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত বিদায়ী ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ দৰে জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। নৱ-নিৰ্বাচিত সভাপতিগৰাকীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ নিৰ্বাচন…
Read More
সৰ্বানন্দ সোণোৱালৰ ভুৱা স্বাক্ষৰ আৰু লেটাৰহেড ভাইৰেলঃ কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পীযুষ হাজৰিকাৰ

সৰ্বানন্দ সোণোৱালৰ ভুৱা স্বাক্ষৰ আৰু লেটাৰহেড ভাইৰেলঃ কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পীযুষ হাজৰিকাৰ

সাংবিধানিক পদমৰ্যাদাক কালিমালিপ্ত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী পৰিচয় পত্ৰ জাল কৰি চলোৱা এক ষড়যন্ত্ৰই ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ন্যস্ত স্বাৰ্থজড়িত মহলে জ্যেষ্ঠ জনপ্ৰতিনিধিগৰাকীৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি চলোৱা এই অপপ্ৰচাৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে চৰকাৰী পক্ষ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ সম্বলিত এখন পত্ৰ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। মন্ত্ৰী সোণোৱালে কয় যে দুষ্কৃতিকাৰীয়ে তেওঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ উদ্দেশ্যপ্ৰণোদিতভাৱে এই জালিয়াতি কৰিছে। এয়া চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰ আৰু এক গুৰুতৰ অপৰাধ বুলি উল্লেখ কৰি তেওঁ তদন্তকাৰী সংস্থাক দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল’বলৈ আহ্বান…
Read More
অৰুণাচলত কৰ্তব্যৰত অৱস্থাত ভাৰতীয় সেনাৰ জোৱানৰ মৃত্যুঃ ৰুদ্ৰপ্ৰয়াগত সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া

অৰুণাচলত কৰ্তব্যৰত অৱস্থাত ভাৰতীয় সেনাৰ জোৱানৰ মৃত্যুঃ ৰুদ্ৰপ্ৰয়াগত সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া

দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে সীমান্তৰ দুৰ্গম অঞ্চলত নিয়োজিত হৈ থকা অৱস্থাতে অকাল মৃত্যুক সাৱটি লয় এজন নিষ্ঠাবান জোৱানে। কৰ্তব্যৰত অৱস্থাত হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱা সেনা জোৱানগৰাকীৰ মৃত্যুত এতিয়া শোকত ভাঙি পৰিছে তেওঁৰ পৰিয়ালৰ লগতে জন্মভূমি। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় সেনাৰ ১৫ নং গাড়ৱাল ৰাইফলছৰ হাবিলদাৰ ৰবীন্দ্ৰ সিঙে অৰুণাচল প্ৰদেশৰ আলঙত কৰ্তব্য পালন কৰি থকা অৱস্থাত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে। ৩৬ বছৰীয়া হাবিলদাৰগৰাকী ৰুদ্ৰপ্ৰয়াগৰ দশজুলা পট্টীৰ আগৰ গাঁৱৰ নিবাসী আছিল। জোৱানগৰাকীৰ নশ্বৰ দেহ সোমবাৰে নিশা ৰুদ্ৰপ্ৰয়াগৰ সেনা শিবিৰত উপস্থিত হয় আৰু আজি পুৱা তেওঁৰ পৈতৃক গাঁৱলৈ লৈ যোৱা হয়। পৰিয়ালৰ লোকে জনোৱা মতে, ৰুদ্ৰপ্ৰয়াগৰ অলকানন্দা আৰু মন্দাকিনী নদীৰ সংগমস্থলীত সম্পূৰ্ণ…
Read More
খেলিব নে নেখেলে ভাৰতত? আই চি চিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক চৰম সীমা বান্ধি দিলে

খেলিব নে নেখেলে ভাৰতত? আই চি চিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক চৰম সীমা বান্ধি দিলে

সমাগত টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশৰ ভৱিষ্যত নিৰ্ধাৰণ হ’ব অহা বুধবাৰে। ভাৰতত ক্ৰিকেট মেচ নেখেলো বুলি লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত নিজৰ চূড়ান্ত স্থিতি জনাবলৈ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক চৰম সময়সীমা বান্ধি দিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আই চি চি)। ভাৰতত নিৰাপত্তাজনিত কাৰণত নেখেলো বুলি জনোৱা বাংলাদেশৰ স্থিতিৰ বিপৰীতে আই চি চিয়ে এতিয়া বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকি দিছে। আই চি চিৰ এই কঠোৰ স্থিতিৰ পাছতে বাংলাদেশ ক্ৰিকেট ব’ৰ্ড তীব্ৰ চাপৰ মুখত পৰিছে। এই অচলৱস্থা দূৰ কৰিবলৈ যোৱা শনিবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সৈতে আই চি চিৰ প্ৰতিনিধি দলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বাংলাদেশ ব’ৰ্ডে তেওঁলোকক অন্য এটা গ্ৰুপলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিছিল যদিও…
Read More
মহানগৰীৰ ব্যৱসায়ীৰ বাসগৃহত ডকাইতি! সশস্ত্ৰ দুষ্কৃতিকাৰীৰ আক্ৰমণত আহত পৰিয়ালৰ সদস্য

মহানগৰীৰ ব্যৱসায়ীৰ বাসগৃহত ডকাইতি! সশস্ত্ৰ দুষ্কৃতিকাৰীৰ আক্ৰমণত আহত পৰিয়ালৰ সদস্য

মহানগৰীৰ আৱাসিক এলেকাৰ এপাৰ্টমেণ্টৰ ভিতৰত সোমাই পিস্তল আৰু চোকা অস্ত্ৰৰে এটা পৰিয়ালক পণবন্দী কৰি ডকাইতৰ দলে চলায় এক লোমহৰ্ষক লুটপাত। মহানগৰীৰ গণেশপাৰা অঞ্চলত সোমবাৰে নিশা সংঘটিত হোৱা এই ডকাইতি কাণ্ডত চাৰিজনীয়া এটা সশস্ত্ৰ দলে এজন ব্যৱসায়ীৰ বাসগৃহত সন্ত্ৰাসৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য অনুসৰি, গণেশপাৰাৰ 'স্নেহৰায়' নামৰ এটা এপাৰ্টমেণ্টত থকা ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত এই ঘটনা ঘটে। এখন বগা ৰঙৰ চুইফ্ট গাড়ীত অহা চাৰিজনীয়া মুখাপিন্ধা ডকাইতৰ দলটোৱে প্ৰায় ৪০ মিনিট ধৰি ব্যৱসায়ীজনৰ ঘৰত লুটপাত চলায়। যি সময়ত এই ঘটনা ঘটে, সেই সময়ত অনিল ডেকা আৰু তেওঁৰ কন্যা ঘৰত নাছিল। কিন্তু ডকাইতৰ দলটোৱে তেওঁৰ পত্নী কৰবী ডেকা আৰু চালকজনক পিস্তল দেখুৱাই ভাবুকি…
Read More
অসম অবিহনে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি সম্পূৰ্ণ নহয়ঃ ডাভোচত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম অবিহনে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি সম্পূৰ্ণ নহয়ঃ ডাভোচত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ উন্নয়নৰ লগত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ এক গভীৰ সম্পৰ্ক আছে। - এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চুইজাৰলেণ্ডৰ ডাভোচত অনুষ্ঠিত ‘বিশ্ব অৰ্থনৈতিক মঞ্চ’ৰ বৈঠকৰ মাজতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভৌগোলিক অৱস্থান, প্ৰতিভা আৰু আন্তঃগাঁথনিৰ বাবে অসমৰ যিকোনো বিকাশে স্বয়ংক্ৰিয়ভাৱে সমগ্ৰ অঞ্চলটোক উপকৃত কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, অসমত হোৱা টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দৰে ডাঙৰ বিনিয়োগসমূহ কেৱল এখন ৰাজ্যৰ বাবে নহয়, ইয়াৰ অৰ্থনৈতিক প্ৰভাৱ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে পৰিব। গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি তেওঁ কয় যে পাহাৰীয়া ৰাজ্যসমূহত উদ্যোগ স্থাপনৰ সীমাবদ্ধতা থকাৰ বিপৰীতে অসমৰ সমভূমি অঞ্চলে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। সেইবাবেই অসমত বিনিয়োগ হোৱা প্ৰতিটো টকাই আচলতে সমগ্ৰ…
Read More
অৰুণাচল প্ৰদেশত ন’ আই এল পি, ন’ এন্ট্ৰি অভিযান

অৰুণাচল প্ৰদেশত ন’ আই এল পি, ন’ এন্ট্ৰি অভিযান

অৰুণাচল প্ৰদেশত প্ৰদেশ প্ৰশাসনৰ লগতে স্থানীয় খিলঞ্জীয়া দল-সংগঠনৰ নেতৃত্বৰ আহ্বানত বৈধ আই এল পিক লৈ সমগ্ৰ ৰাজ্যখনতে এক সজাগতা অভিযান আৰম্ভ হৈছে। অৰুণাচল প্ৰদেশৰ বিশিষ্ট সমাজকৰ্মী টানা তামাৰ তাৰাই আজি এই অভিযানৰ বিষয়ে অৱগত কৰি এটা ষ্টিকাৰ মুকলি কৰে। এই সজাগতা অভিযানৰ অংশ হিচাপে সকলো অৰুণাচলী লোক আৰু শুভাকাঙ্ক্ষীক ‘ন’ আই এল পি, ন’ এন্ট্ৰি’ বাৰ্তাসম্বলিত ষ্টিকাৰ ঘৰে ঘৰে লগাবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ লগতে খিলঞ্জীয়া দল-সংগঠনৰ নেতা-কৰ্মীসকলে ঘৰে ঘৰে অবৈধ অনুপ্ৰৱেশকাৰী বিচাৰি অভিযান চলাইছে আৰু শ শ অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰশাসনক চমজাই দি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। অৰুণাচল প্ৰদেশত আই এল পি লৈহে প্ৰৱেশ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি টানা…
Read More
চাকৰি দিয়াৰ নামত কোটি টকা আত্মসাৎ: হাতীগাঁও থানাৰ লকআপত প্ৰবঞ্চক বাণীকান্ত মেধি

চাকৰি দিয়াৰ নামত কোটি টকা আত্মসাৎ: হাতীগাঁও থানাৰ লকআপত প্ৰবঞ্চক বাণীকান্ত মেধি

ৰাজ্য চৰকাৰৰ বিভিন্ন পদত নিযুক্তি দিয়াৰ টোপ দি বহু প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা এজন প্ৰবঞ্চকক আজি হাতীগাঁও থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ সাতগাঁও অঞ্চলৰ এই প্ৰবঞ্চকটোক বাণীকান্ত মেধি বুলি চিনাক্ত কৰা হৈছে। বাণীকান্ত মেধিয়ে দীৰ্ঘদিন ধৰি চৰকাৰী চাকৰিৰ ভুৱা বিজ্ঞাপন দেখুৱাই একাংশ প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আহিছিল। এইদৰে তেওঁ সংগ্ৰহ কৰা টকাৰ পৰিমাণে কোটিৰ ঘৰ স্পৰ্শ কৰা বুলি অভিযোগ উঠিছে। চাকৰিৰ আশাত লাখ লাখ টকা দি প্ৰতাৰিত হোৱা একাংশ ভুক্তভোগীয়ে অৱশেষত হাতীগাঁও থানাত বাণীকান্ত মেধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে হাতীগাঁও থানাৰ আৰক্ষীয়ে যোৱা নিশা সাতগাঁৱৰ ঘৰৰ পৰা প্ৰবঞ্চক বাণীকান্ত মেধিক গ্ৰেপ্তাৰ কৰে। আজি…
Read More
গণতন্ত্ৰ দিৱসত ইতিহাস ৰচিব কাশ্মীৰী কন্যাইঃ পুৰুষ জোৱানৰ দলক নেতৃত্ব দিব চিআৰপিএফৰ মহিলা বিষয়াই

গণতন্ত্ৰ দিৱসত ইতিহাস ৰচিব কাশ্মীৰী কন্যাইঃ পুৰুষ জোৱানৰ দলক নেতৃত্ব দিব চিআৰপিএফৰ মহিলা বিষয়াই

অহা ২৬ জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ পেৰেডত দেখা যাব এক অভূতপূৰ্ব দৃশ্য। জম্মু-কাশ্মীৰৰ ২৬ বছৰীয়া যুৱতী তথা চিআৰপিএফৰ সহকাৰী কমাণ্ডেণ্ট চিমৰন বালাই এইবাৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৪০ জনীয়া পুৰুষ জোৱানৰ দলটোক নেতৃত্ব দি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰশাসনৰ সূত্ৰই সদৰী কৰা মতে, ইয়াৰ পূৰ্বে মহিলা বিষয়াই পেৰেডত অংশ লৈছে যদিও এয়া প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিষয়াই ১৪০ জনতকৈ অধিক পুৰুষ জোৱানৰ দলক নেতৃত্ব দিব। ৰাজৌৰী জিলাৰ নিবাসী চিমৰন বালাই দেশৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীটোত বিষয়া হিচাপে যোগদান কৰা নিজ জিলাৰ প্ৰথমগৰাকী মহিলা। উল্লেখ্য যে, ৩.২৫ লাখ জোৱানৰ এই বাহিনীটোৱে দেশৰ অভ্যন্তৰীণ নিৰাপত্তা, নক্সাল বিৰোধী…
Read More