21
Jan
অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে শেষবাৰৰ বাবে নিজৰ শক্তি পৰীক্ষা কৰাৰ লক্ষ্যৰে আজি নাগপুৰত আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দল। পাঁচখনীয়া টি-২০ মেচৰ এই শৃংখলাটোৰ প্ৰথমখন মেচত ঘৰুৱা দলটোৱে এক প্ৰত্যয়জনক আৰম্ভণি কৰি এদিনীয়া শৃংখলাৰ পৰাজয়ৰ পোতক তোলাৰ পৰিকল্পনা কৰিছে। বিশ্বকাপৰ পূৰ্বে এয়া টীম ইণ্ডিয়াৰ অন্তিমটো টি-২০ শৃংখলা হোৱাৰ বাবে দলৰ প্ৰতিগৰাকী খেলুৱৈৰ বাবে এই যুঁজখন অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। বিশেষকৈ অধিনায়ক সূর্যকুমাৰ যাদৱৰ বাবে আজিৰ মেচখন এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব, কাৰণ বিগত কেইবাটাও শৃংখলাত তেওঁৰ বেটৰ পৰা আশানুৰূপ ৰাণ অহা নাই। বিশ্বকাপৰ চূড়ান্ত দলত নিজৰ স্থান আৰু নেতৃত্বৰ প্ৰমাণ দিবলৈ সূৰ্যই…
