22
Jan
ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সন্মিলনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি অসম চৰকাৰে ৰাজ্যখনলৈ প্ৰায় ১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ অৰ্থনৈতিক ইতিহাসত এক মাইলৰ খুঁটি হিচাপে বিবেচিত এই ভ্ৰমণৰ সন্দৰ্ভত সংবাদ সংস্থা পি টি আইৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক বিশ্বৰ দৰবাৰত এক নতুন পৰিচয়ৰে প্ৰক্ষেপ কৰে। সাক্ষাৎকাৰটোত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসম বৰ্তমান দেশৰ ভিতৰতে দ্ৰুততম গতিত বিকশিত হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত অসমে ধাৰাবাহিকভাৱে ১৩ শতাংশ বিকাশৰ হাৰ অতিক্ৰম কৰিছে আৰু আগন্তুক বৰ্ষত এই হাৰ ১৫ শতাংশলৈ বৃদ্ধি পোৱাৰ…
