বাথৰুমত ব্যৱহাৰ কৰা গেছ গীজাৰৰ পৰা নিৰ্গত ধোঁৱাই মৃত্যুৰ কাৰণ হৈ পৰিল এহাল দম্পতীৰ বাবে। উত্তৰ প্ৰদেশৰ পিলভিট চহৰৰ গুৰুকুল পুৰম কলনীত সংঘটিত এই মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য অনুসৰি, মৃত দম্পতীহাল ডি আৰ ডি এৰ কৰ্মচাৰী হৰজিন্দৰ সিং (৪২) আৰু তেওঁৰ পত্নী ৰেণু সক্সেনা (৪০) বুলি চিনাক্ত কৰা হৈছে। মঙলবাৰে পুৱা চুবুৰীয়াই বহুসময় ধৰি ফোন কৰাৰ পাছতো কোনো সঁহাৰি নোপোৱাত আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ বাথৰুমৰ দুৱাৰ ভাঙি ভিতৰত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে।
প্ৰাৰম্ভিক তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত প্ৰকাশ পাইছে যে পত্নী ৰেণুৱে গা ধুই থকা অৱস্থাত অক্সিজেনৰ অভাৱত উশাহ ল’বলৈ কষ্ট পোৱাত তেওঁক উদ্ধাৰ কৰিবলৈ স্বামী হৰজিন্দৰ বাথৰুমত সোমাইছিল। কিন্তু বাথৰুমৰ ভিতৰত অক্সিজেনৰ মাত্ৰা তেনেই কমি যোৱাৰ বাবে তেওঁ পত্নীক বাহিৰলৈ উলিয়াই আনিব পৰাৰ পূৰ্বেই দুয়োৰে উশাহ বন্ধ হৈ মৃত্যু ঘটে। উল্লেখ্য যে, হৰজিন্দৰ আৰু ৰেণুৱে পাঁচ বছৰ পূৰ্বে প্ৰেম বিবাহ কৰিছিল আৰু বিগত এবছৰ ধৰি এই কলনীটোত ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল। আৰক্ষী অধীক্ষক বিক্ৰম দহিয়াই জনোৱা মতে, বন্ধ বাথৰুমত পৰ্যাপ্ত বায়ু চলাচলৰ ব্যৱস্থা নথকাকৈ গেছ গীজাৰ ব্যৱহাৰ কৰাটোৱেই এই শোকাৱহ দুৰ্ঘটনাৰ মূল কাৰণ।
