মহানগৰীৰ আৱাসিক এলেকাৰ এপাৰ্টমেণ্টৰ ভিতৰত সোমাই পিস্তল আৰু চোকা অস্ত্ৰৰে এটা পৰিয়ালক পণবন্দী কৰি ডকাইতৰ দলে চলায় এক লোমহৰ্ষক লুটপাত। মহানগৰীৰ গণেশপাৰা অঞ্চলত সোমবাৰে নিশা সংঘটিত হোৱা এই ডকাইতি কাণ্ডত চাৰিজনীয়া এটা সশস্ত্ৰ দলে এজন ব্যৱসায়ীৰ বাসগৃহত সন্ত্ৰাসৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য অনুসৰি, গণেশপাৰাৰ ‘স্নেহৰায়’ নামৰ এটা এপাৰ্টমেণ্টত থকা ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত এই ঘটনা ঘটে। এখন বগা ৰঙৰ চুইফ্ট গাড়ীত অহা চাৰিজনীয়া মুখাপিন্ধা ডকাইতৰ দলটোৱে প্ৰায় ৪০ মিনিট ধৰি ব্যৱসায়ীজনৰ ঘৰত লুটপাত চলায়। যি সময়ত এই ঘটনা ঘটে, সেই সময়ত অনিল ডেকা আৰু তেওঁৰ কন্যা ঘৰত নাছিল। কিন্তু ডকাইতৰ দলটোৱে তেওঁৰ পত্নী কৰবী ডেকা আৰু চালকজনক পিস্তল দেখুৱাই ভাবুকি প্ৰদান কৰে।
দুষ্কৃতিকাৰীকেইটাই কৰবী ডেকাৰ মুখত পিস্তল টোঁৱাই ধৰে আৰু চোকা অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰি আহত কৰে। ডকাইতৰ দলটোৱে ঘৰৰ পৰা নগদ ধন, সোণৰ অলংকাৰ আৰু অন্যান্য বহু মূল্যবান সামগ্ৰী লুটি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই সমগ্ৰ ডকাইতিৰ দৃশ্য এপাৰ্টমেণ্টটোত থকা চিচিটিভি কেমেৰাত আৱদ্ধ হৈছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষীৰ দল এটা উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি ডকাইতৰ দলটোক কৰায়ত্ব কৰিবলৈ বৰ্তমান অভিযান তীব্ৰতৰ কৰি তুলিছে।
