অসম অবিহনে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি সম্পূৰ্ণ নহয়ঃ ডাভোচত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ উন্নয়নৰ লগত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ এক গভীৰ সম্পৰ্ক আছে। – এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চুইজাৰলেণ্ডৰ ডাভোচত অনুষ্ঠিত ‘বিশ্ব অৰ্থনৈতিক মঞ্চ’ৰ বৈঠকৰ মাজতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভৌগোলিক অৱস্থান, প্ৰতিভা আৰু আন্তঃগাঁথনিৰ বাবে অসমৰ যিকোনো বিকাশে স্বয়ংক্ৰিয়ভাৱে সমগ্ৰ অঞ্চলটোক উপকৃত কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, অসমত হোৱা টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দৰে ডাঙৰ বিনিয়োগসমূহ কেৱল এখন ৰাজ্যৰ বাবে নহয়, ইয়াৰ অৰ্থনৈতিক প্ৰভাৱ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে পৰিব। গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি তেওঁ কয় যে পাহাৰীয়া ৰাজ্যসমূহত উদ্যোগ স্থাপনৰ সীমাবদ্ধতা থকাৰ বিপৰীতে অসমৰ সমভূমি অঞ্চলে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। সেইবাবেই অসমত বিনিয়োগ হোৱা প্ৰতিটো টকাই আচলতে সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতিকে সচল কৰি ৰাখে।

বিশেষকৈ ছেমিকণ্ডাক্টৰ আৰু পৰ্যটন খণ্ডৰ বিষয়ে উল্লেখ কৰি শৰ্মাই কয় যে টাটাৰ আগমনৰ পিছত এই খণ্ডত আন বহু প্ৰতিষ্ঠান উৎসাহিত হৈছে। গুৱাহাটী আৰু কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনৰ বাবেও ইতিমধ্যে কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ বাবে সাজু কৰিছে চৰকাৰে। যোৱা বছৰৰ ‘এডভাণ্টেজ আছাম ২.০’ সন্মিলনৰ পাছত প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আহিছে, যাৰ ভিতৰত ইতিমধ্যে ৩ লাখ কোটি টকাৰ কাম ভূমি পৰ্যায়ত আৰম্ভ হৈছে। ডাভোচ ভ্ৰমণৰ সময়ত অসমে বিশেষকৈ ‘গ্ৰীণ এনাৰ্জি’ আৰু বাঁহৰ পৰা মিথানল প্ৰস্তুত কৰাৰ দৰে নতুন খণ্ডত গুৰুত্ব দিছে। এই ভ্ৰমণৰ জৰিয়তে প্ৰায় ১ লাখ কোটি টকাৰ নতুন বিনিয়োগৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম বৰ্তমান দেশৰ ভিতৰতে দ্ৰুতগতিত অগ্ৰসৰ হোৱা ৰাজ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ পৰিৱৰ্তিত অৰ্থনৈতিক পৰিৱেশত বিনিয়োগকাৰীসকলৰ বাবে অসম এতিয়া এক শক্তিশালী মঞ্চত পৰিণত হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *