11
Jul
বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে পত্নী গৌৰী খানৰ সৈতে নিজৰ বিবাহিত জীৱন আৰম্ভ কৰা দিল্লীৰ ঘৰটো পুনৰ কিনি লৈছে। শেহতীয়া সম্পত্তিৰ চুক্তি অনুসৰি, দক্ষিণ দিল্লীৰ পাঞ্চশীল পাৰ্কৰ আৱাসিক বিল্ডিংটোৰ এতিয়া সম্পূৰ্ণ মালিক হ’ল SRK। তেওঁৰ আগতেই বেছমেণ্ট আৰু প্ৰথম মহলাটো তেওঁৰ নামত আছিল। মানিকণ্ট্ৰলৰ প্ৰতিবেদন অনুসৰি, প্ৰায় ৩৭ কোটি টকাত দ্বিতীয় আৰু তৃতীয় মহলা কিনাৰ পিছত এতিয়া গোটেই বিল্ডিংটো তেওঁৰ নামত আহিল। SRK আৰু গৌৰীৰ বাবে এইটো কেৱল আন এটা ৰিয়েল এষ্টেটৰ লেনদেন নহয়। পাঞ্চশীল পাৰ্কৰ এই ঘৰখনতে ১৯১ চনত তেওঁলোকে বিবাহিত জীৱন আৰম্ভ কৰিছিল। শ্বাহৰুখে বলীউডত পূৰ্ণকালীন কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ যোৱাৰ আগতে এইখনেই আছিল তেওঁলোকৰ প্ৰথম ঘৰ। প্ৰায় ১২০০ বৰ্গগজৰ…
