বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে পত্নী গৌৰী খানৰ সৈতে নিজৰ বিবাহিত জীৱন আৰম্ভ কৰা দিল্লীৰ ঘৰটো পুনৰ কিনি লৈছে।
শেহতীয়া সম্পত্তিৰ চুক্তি অনুসৰি, দক্ষিণ দিল্লীৰ পাঞ্চশীল পাৰ্কৰ আৱাসিক বিল্ডিংটোৰ এতিয়া সম্পূৰ্ণ মালিক হ’ল SRK। তেওঁৰ আগতেই বেছমেণ্ট আৰু প্ৰথম মহলাটো তেওঁৰ নামত আছিল। মানিকণ্ট্ৰলৰ প্ৰতিবেদন অনুসৰি, প্ৰায় ৩৭ কোটি টকাত দ্বিতীয় আৰু তৃতীয় মহলা কিনাৰ পিছত এতিয়া গোটেই বিল্ডিংটো তেওঁৰ নামত আহিল।
SRK আৰু গৌৰীৰ বাবে এইটো কেৱল আন এটা ৰিয়েল এষ্টেটৰ লেনদেন নহয়। পাঞ্চশীল পাৰ্কৰ এই ঘৰখনতে ১৯১ চনত তেওঁলোকে বিবাহিত জীৱন আৰম্ভ কৰিছিল। শ্বাহৰুখে বলীউডত পূৰ্ণকালীন কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ যোৱাৰ আগতে এইখনেই আছিল তেওঁলোকৰ প্ৰথম ঘৰ।
প্ৰায় ১২০০ বৰ্গগজৰ বিশাল ভূখণ্ডৰ ওপৰত অৱস্থিত এই সম্পত্তি, যি প্ৰায় ১০,৮০০ বৰ্গফুট বা এটা একৰৰ প্ৰায় চতুৰ্থাংশ। দক্ষিণ দিল্লীৰ অন্যতম অভিজাত আৱাসিক অঞ্চলত থকা এই ঘৰখনৰ মাটিৰ দাম প্ৰতি বৰ্গফুট প্ৰায় ৩৪,২৬০ টকা বুলি অনুমান কৰা হৈছে।
শ্বাহৰুখ আৰু গৌৰীয়ে ১৯৯১ চনৰ ২৫ অক্টোবৰত বিবাহপাশত আবদ্ধ হৈছিল। সেই দিনটো বহু কাৰণত বিশেষ আছিল — একে দিনাই তেওঁলোকে তিনিটা বিবাহ কৰিছিল। এটা ৰেজিষ্টাৰ্ড চিভিল মেৰেজ, এটা পৰম্পৰাগত হিন্দু বিবাহ, আৰু এটা নিকাহ।
বছৰৰ পিছত বছৰ ধৰি গৌৰীয়ে দিল্লীৰ এই ঘৰখন তেওঁলোকৰ বাবে কিমান আৱেগিক সেই বিষয়ে কৈ আহিছে। iDiva ৰ সৈতে আগৰ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে ঘৰখন এনেকৈ ডিজাইন কৰা হৈছিল যাতে পৰিয়ালৰ স্মৃতিবোৰ ৰক্ষা কৰি ৰাখিব পাৰি।
এই নতুন ক্ৰয়ৰ জৰিয়তে কিং খানে নিশ্চিত কৰিলে যে গৌৰীৰ সৈতে তেওঁৰ প্ৰেম কাহিনী আৰম্ভ হোৱা ঠাইখন এতিয়া সম্পূৰ্ণৰূপে তেওঁলোকৰ।
