Uncategorized

কৃষ্ণাইত নাহৰফুটুকীৰ ছাল আৰু হাড় জব্দ! তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

কৃষ্ণাইত নাহৰফুটুকীৰ ছাল আৰু হাড় জব্দ! তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তত বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ (ডব্লিউ চি চি বি) অভিযানে এক বৃহৎ সফলতা লাভ কৰে। অভিযানকাৰী দলে নাহৰফুটুকী বাঘৰ ছাল আৰু কিছুমান হাড় জব্দ কৰাৰ লগতে এই অপৰাধৰ সৈতে জড়িত তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, কালি সন্ধিয়া প্ৰায় ৫ বজাত বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ আৰু কৃষ্ণাই কেন্দ্ৰীয় বনাঞ্চল কাৰ্যালয়ে এক গোপন সূত্ৰৰ আধাৰত কৃষ্ণাইৰ পাইকানৰ মাদাপাৰাত ২১১ নং ৰাষ্ট্ৰীয় পথৰ কাষত খাপ পিটি আছিল। কিছু সময়ৰ পাছতে তিনিজন যুৱকে বস্তাৰ টোপোলা লৈ ৰাষ্ট্ৰীয় পথেৰে আহি থকা অৱস্থাত বনৰক্ষী বাহিনীয়ে তেওঁলোকক ঘেৰাও কৰি টোপোলাটোত তালাচী চলায়। তালাচীত এটা নাহৰফুটুকী বাঘৰ ছাল আৰু কেতবোৰ হাড়…
Read More
অৰুণাচল প্ৰদেশত ন’ আই এল পি, ন’ এন্ট্ৰি অভিযান

অৰুণাচল প্ৰদেশত ন’ আই এল পি, ন’ এন্ট্ৰি অভিযান

অৰুণাচল প্ৰদেশত প্ৰদেশ প্ৰশাসনৰ লগতে স্থানীয় খিলঞ্জীয়া দল-সংগঠনৰ নেতৃত্বৰ আহ্বানত বৈধ আই এল পিক লৈ সমগ্ৰ ৰাজ্যখনতে এক সজাগতা অভিযান আৰম্ভ হৈছে। অৰুণাচল প্ৰদেশৰ বিশিষ্ট সমাজকৰ্মী টানা তামাৰ তাৰাই আজি এই অভিযানৰ বিষয়ে অৱগত কৰি এটা ষ্টিকাৰ মুকলি কৰে। এই সজাগতা অভিযানৰ অংশ হিচাপে সকলো অৰুণাচলী লোক আৰু শুভাকাঙ্ক্ষীক ‘ন’ আই এল পি, ন’ এন্ট্ৰি’ বাৰ্তাসম্বলিত ষ্টিকাৰ ঘৰে ঘৰে লগাবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ লগতে খিলঞ্জীয়া দল-সংগঠনৰ নেতা-কৰ্মীসকলে ঘৰে ঘৰে অবৈধ অনুপ্ৰৱেশকাৰী বিচাৰি অভিযান চলাইছে আৰু শ শ অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰশাসনক চমজাই দি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। অৰুণাচল প্ৰদেশত আই এল পি লৈহে প্ৰৱেশ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি টানা…
Read More