Sonakshi Sarkar

1909 Posts
বিলাসী গাড়ী-অট্টালিকাৰ মালিক এইজন ভিক্ষাৰী! কোটিটকীয়া সম্পত্তিৰ গৰাকী হৈও খুজি ফুৰে ভিক্ষা

বিলাসী গাড়ী-অট্টালিকাৰ মালিক এইজন ভিক্ষাৰী! কোটিটকীয়া সম্পত্তিৰ গৰাকী হৈও খুজি ফুৰে ভিক্ষা

অট্টালিকা, বিলাসী গাড়ী আৰু অট’ৰিক্সাৰ মালিক হৈও এজন লোকে ৰাজপথত ভিক্ষা খুজি ফুৰা ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰক ভিক্ষাৰীমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এক বিশেষ অভিযানৰ সময়ত প্ৰশাসনে এগৰাকী কুষ্ঠ ৰোগী ভিক্ষাৰীক উদ্ধাৰ কৰে। কিন্তু উদ্ধাৰৰ পাছত লোকজনৰ সম্পত্তিৰ খতিয়ান দেখি আচৰিত হৈ পৰে চৰকাৰী বিষয়াসকল। তদন্তৰ সময়ত জানিব পৰা মতে, ভিক্ষা খুজি ফুৰা এই লোকজনৰ নামত তিনিটাকৈ পকী ঘৰ, এখন বিলাসী কাৰ আৰু তিনিখনকৈ অট’ৰিক্সা আছে। আনকি তেওঁৰ নামত লাখ লাখ টকাৰ সম্পত্তি থকাৰ পাছতো তেওঁ চহৰখনৰ চাৰাফা অঞ্চলত নিয়মীয়াকৈ ভিক্ষা খোজে। লোকজনে আনকি এজন চালক ৰাখি কাৰত বহি ভিক্ষা খুজিবলৈ যোৱাৰ দৰে তথ্যও প্ৰকাশ পাইছে।…
Read More
স্পেইনত মৃত্যুৰ বিভীষিকা! দুখন দ্ৰুতবেগী ৰে’লৰ মুখামুখি সংঘৰ্ষত ৩৯ জন যাত্ৰীৰ কৰুণ মৃত্যু

স্পেইনত মৃত্যুৰ বিভীষিকা! দুখন দ্ৰুতবেগী ৰে’লৰ মুখামুখি সংঘৰ্ষত ৩৯ জন যাত্ৰীৰ কৰুণ মৃত্যু

দুখনকৈ দ্ৰুতবেগী ৰে’লৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষই নমাই আনিলে মৃত্যুৰ এক কৰুণ বিভীষিকা। দক্ষিণ স্পেইনৰ কর্ডোবা প্ৰদেশৰ এডামুজত দেওবাৰে নিশা এক শোকাৱহ ৰে’ল দুৰ্ঘটনা প্ৰাণ কাঢ়ে ৩৯ গৰাকী লোকৰ আৰু ১৫২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এখন ব্যক্তিগত খণ্ডৰ দ্ৰুতবেগী ৰে’ল হঠাতে চিটিকি পৰি বিপৰীত দিশৰ পৰা আহি থকা আন এখন ৰে’লত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই এই মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য অনুসৰি, মালাগাৰ পৰা মাদ্ৰিদ অভিমুখে যোৱা ‘ইৰিঅ’ ৬১৮৯’ নামৰ ৰে’লখন এডামুজৰ সমীপত হঠাতে লাইনচ্যুত হৈ কাষৰ ট্ৰেকত সোমাই পৰে। সেই একে সময়তে মাদ্ৰিদৰ পৰা হুৱেলভা অভিমুখে অহা ৰাষ্ট্ৰীয় ৰে’ল প্ৰাধিকৰণৰ ‘ৰেনফে’…
Read More
পুৰণি প্ৰজন্মই এতিয়া নতুনৰ বাবে পথ এৰি দিয়াৰ সময় হৈছে: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

পুৰণি প্ৰজন্মই এতিয়া নতুনৰ বাবে পথ এৰি দিয়াৰ সময় হৈছে: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

স্পষ্টবাদী হিচাপে পৰিচিত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীয়ে পুনৰ এক চাঞ্চল্য্যকৰ মন্তব্য কৰি ৰাজনৈতিক মহলত বিতৰ্কৰ সূচনা কৰিছে। দেওবাৰে সন্ধিয়া নাগপুৰত এক সংবাদমেলত অংশ লৈ ৬৮ বছৰীয়া নেতাগৰাকীয়ে কয় যে যেতিয়া কামবোৰ সূচাৰুৰূপে চলিবলৈ আৰম্ভ কৰে, তেতিয়া পুৰণি প্ৰজন্মই আঁতৰি আহি নতুন প্ৰজন্মক পথ এৰি দিব লাগে। প্ৰণিধানযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি ৪৯ বছৰীয়া নীতিন নবিনে দলৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰাৰ ঠিক আগে আগে গাডকাৰীয়ে এই মন্তব্য আগবঢ়াইছে। আৰএছএছৰ মুখ্য কাৰ্যালয় থকা তেওঁৰ গৃহ চহৰ নাগপুৰত অনুষ্ঠিত ‘এডভান্টেজ বিদৰ্ভ’ সম্পৰ্কীয় এক অনুষ্ঠানত তেওঁ কয়, ‘‘মই বিশ্বাস কৰোঁ যে লাহে লাহে…
Read More
জুবিন গাৰ্গৰ বিৰুদ্ধে বিৰূপ মন্তব্যঃ বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ

জুবিন গাৰ্গৰ বিৰুদ্ধে বিৰূপ মন্তব্যঃ বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ

অসমীয়া সংগীত জগতৰ মহাতাৰকা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ চাৰিটা মাহ সম্পূৰ্ণ হোৱাৰ দিনাই আজি ৰাজ্যৰ পৰিৱেশ উত্তপ্ত হৈ পৰিছে। শিল্পীগৰাকীৰ মৃত্যুৰ পাছত ধাৰাবাহিকভাৱে তেওঁৰ চৰিত্ৰ হনন আৰু বিৰূপ মন্তব্য কৰি অহা বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আজি আইনৰ কাষ চাপে জুবিন গাৰ্গৰ পৰিয়াল। শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈ শিখা শৰ্মাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে। উল্লেখ্য যে জুবিন গাৰ্গৰ বিয়োগৰ পাছৰে পৰা শিখা শৰ্মাই সামাজিক মাধ্যমত শিল্পীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও কটু সমালোচনা আৰু আপত্তিজনক মন্তব্য কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি গৰিমা শইকীয়া গাৰ্গৰ লগতে শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰেও শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল…
Read More
বিশ্ব অৰ্থনৈতিক মঞ্চত অসমক প্ৰতিনিধিত্ব কৰিবলৈ ডাভোছলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিশ্ব অৰ্থনৈতিক মঞ্চত অসমক প্ৰতিনিধিত্ব কৰিবলৈ ডাভোছলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া অতি সন্মানীয় বিশ্ব অৰ্থনৈতিক মঞ্চত (ডব্লিউ ই এফ) ভাৰতৰ হৈ অসমক প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰে এক বিৰল সুযোগ প্ৰদান কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বাবে অসমক মনোনীত কৰাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডাভোছ অভিমুখে যাত্ৰা কৰে। উল্লেখ্য যে বিশ্ব অৰ্থনৈতিক মঞ্চত অংশ লোৱা ড° শৰ্মাই হ’ব প্ৰথমগৰাকী অসমীয়া। চাৰিদিনীয়া ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে বিশ্বৰ অগ্ৰণী উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ দৰে সংস্থাৰ মুৰব্বীসকলৰ সৈতে মত-বিনিময় কৰিব। তেওঁ ১৭খনতকৈও অধিক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ ভৱিষ্যতৰ কৰ্মশক্তিৰ…
Read More
পুনৰ অসম সীমান্তৰে স্বদেশলৈ ওভতাই পঠিওৱা হ’ল ১৪ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক

পুনৰ অসম সীমান্তৰে স্বদেশলৈ ওভতাই পঠিওৱা হ’ল ১৪ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক

ৰাজ্যত চলোৱা এক সমন্বিত নিৰাপত্তা অভিযানৰ অন্তত আজি পুৱতি নিশা ১৪ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰি পুনৰ নিজ দেশলৈ ওভোতাই পঠোৱা হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই তথ্য সদৰী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ৰাজ্যৰ জনগাঁথনি আৰু আভ্যন্তৰীণ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ তেওঁৰ চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। অনুপ্ৰৱেশকাৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী শৰ্মাই এক সকীয়ানি প্ৰদান কৰি লিখে, ‘‘আপোনালোক হয়তো আত্মগোপন কৰি আছে, কিন্তু আমি আপোনালোকক বিচাৰি উলিয়াম আৰু ভাৰতৰ পৰা বহিষ্কাৰ কৰিম। আজি পুৱতি নিশা আমি ১৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিছোঁ। ইয়াৰে একাংশ নতুনকৈ সোমোৱা আৰু একাংশ পুৰণি উপদ্ৰৱকাৰী।’’ তেওঁ লগতে উল্লেখ কৰে যে এই অভিযান…
Read More
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বেহেলা বাদক মিনতি খাউণ্ডৰ দেহাৱসানঃ অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বেহেলা বাদক মিনতি খাউণ্ডৰ দেহাৱসানঃ অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ

হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ স্বনামধন্য বেহেলা বাদক মিনতি খাউণ্ডৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপ আৰু হৃদৰোগজনিত সমস্যাত ভুগি থকা সংগীতশিল্পীগৰাকী বিগত ৪০ দিন ধৰি চিকিৎসাধীন হৈ আছিল। তেওঁৰ বিয়োগত ৰাজ্যৰ সংগীত সমাজত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে। ১৯৪০ চনত জন্মগ্ৰহণ কৰা মিনতি খাউণ্ডৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল মাত্ৰ ১০ বছৰ বয়সতে। যোৰহাটৰ দৰ্পনাথ শৰ্মা সংগীত বিদ্যালয়ত ইন্দ্ৰেশ্বৰ শৰ্মাৰ তত্ত্বাৱধানত তেওঁ বেহেলাৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৭২ চনত সদৌ অসম সংগীত সন্মিলনত তেওঁৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি কিংবদন্তি বেহেলা বাদক পণ্ডিত ভি জি যোগে তেওঁক শিষ্য হিচাপে…
Read More
মেঘালয়ৰ অবৈধ কয়লা খনিত পুনৰ অঘটন! অসমৰ শ্ৰমিকৰ মৃত্যু

মেঘালয়ৰ অবৈধ কয়লা খনিত পুনৰ অঘটন! অসমৰ শ্ৰমিকৰ মৃত্যু

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত চলি থকা অবৈধ কয়লা খনিৰ চিকাৰ হৈ পুনৰ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল অসমৰ এজন শ্ৰমিকে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যোৱা ১৪ জানুৱাৰীত উমথে গাঁৱৰ এক অবৈধ কয়লা খনিৰ স্থানত কাম কৰি থকাৰ সময়তে এজন শ্ৰমিক ঢলি পৰে আৰু পাছত তেওঁৰ মৃত্যু হয়। মৃত শ্ৰমিকজনক অসমৰ হোজাই জিলাৰ যমুনা মৌদাঙাৰ নিবাসী ৪৮ বছৰীয়া মোচাইড আলী বুলি চিনাক্ত কৰা হৈছে। জিলা আৰক্ষী অধীক্ষক বিকাশ কুমাৰে জানিবলৈ দিয়া মতে, আলী খনিটোত হঠাৎ অসুস্থ হৈ পৰাৰ পাছত তেওঁক ততাতৈয়াকৈ সুতংগা সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাৰ পাছতে আৰক্ষীয়ে উক্ত খনিটো ছীল কৰাৰ…
Read More
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ অন্তিম সময়সীমা ২২ জানুৱাৰীঃ ভোটাৰসকলক বিশেষ আহ্বান মুখ্য নিৰ্বাচনী বিষয়াৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ অন্তিম সময়সীমা ২২ জানুৱাৰীঃ ভোটাৰসকলক বিশেষ আহ্বান মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া বৰ্তমান অন্তিম পৰ্যায়ত উপনীত হৈছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে দেওবাৰে জাৰি কৰা এক জাননী অনুসৰি, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, কৰ্তন বা সংশোধনৰ বাবে আবেদন জনোৱাৰ অন্তিম তাৰিখ অহা ২২ জানুৱাৰী ধাৰ্য কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি চলি থকা এই প্ৰক্ৰিয়াৰ সুবিধা ল’বলৈ যোগ্য ভোটাৰসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত পদক্ষেপ ল’বলৈ আহ্বান জনোৱা হৈছে। যিসকল যোগ্য নাগৰিকে নতুনকৈ ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব বিচাৰে, তেওঁলোকে ‘ফৰ্ম-৬’ ব্যৱহাৰ কৰি আবেদন কৰিব পাৰিব। আনহাতে, নাম কৰ্তন বা আপত্তিৰ বাবে ‘ফৰ্ম-৭’ আৰু নাম-ঠিকনা আদি সংশোধনৰ বাবে ‘ফৰ্ম-৮’ ব্যৱহাৰ কৰিব লাগিব। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, আবেদনকাৰীসকলে…
Read More
ছয়গাঁওত নিশা বিধ্বংসী অগ্নিকাণ্ড! ঘৰৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যু দৃষ্টিহীন যুৱতীৰ

ছয়গাঁওত নিশা বিধ্বংসী অগ্নিকাণ্ড! ঘৰৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যু দৃষ্টিহীন যুৱতীৰ

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বতাহীয়া চৰৰ দীঘলডোবা গাঁৱত নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। এই মৰ্মান্তিক ঘটনাত এগৰাকী দৃষ্টিহীন যুৱতীৰ অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে চাৰিটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দীঘলডোবা গাঁৱৰ নিবাসী টাইমুদ্দিন আহমেদৰ ঘৰত নিশা হঠাতে জুইৰ সূত্ৰপাত ঘটে। মুহূৰ্তৰ ভিতৰতে জুয়ে কালৰূপ ধাৰণ কৰি টাইমুদ্দিন আহমেদৰ লগতে ওচৰৰ মুঠ চাৰিটা বাসগৃহ নিমিষতে ছাই কৰি পেলায়। এই অগ্নিকাণ্ডত টাইমুদ্দিনৰ দৃষ্টিহীন কন্যা কৰফুল নেছা ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰে আৰু তেওঁৰ থিতাতে মৰ্মান্তিক মৃত্যু ঘটে। অগ্নিকাণ্ডত পৰিয়ালটোৰ চাৰিটা পশুধনৰো মৃত্যু হোৱাৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ, সা-সম্পত্তি আৰু কেইবা লাখ টকাৰ…
Read More