Sonakshi Sarkar

1909 Posts
আৰক্ষীৰ সন্মুখতে ২ ঘণ্টা ধৰি সহায় বিচাৰি চিঞৰি চিঞৰি কৰুণ মৃত্যু অভিযন্তাৰ! নয়ডাত শোকাবহ ঘটনা

আৰক্ষীৰ সন্মুখতে ২ ঘণ্টা ধৰি সহায় বিচাৰি চিঞৰি চিঞৰি কৰুণ মৃত্যু অভিযন্তাৰ! নয়ডাত শোকাবহ ঘটনা

প্ৰচণ্ড কুঁৱলীৰ মাজত নয়ডাৰ ১৫০ ছেক্টৰত শনিবাৰে পুৱতি নিশা এক অতি মৰ্মান্তিক ঘটনা সংঘটিত হয়। পানীৰে আধা ডুব গৈ থকা নিজৰ গাড়ীখনৰ ওপৰত থিয় হৈ প্ৰায় ২ ঘণ্টা ধৰি সহায় বিচাৰি আৰ্তনাদ কৰাৰ পাছতো এগৰাকী ২৭ বছৰীয়া ছফ্টৱেৰ অভিযন্তাৰ নলাৰ পানীত ডুবি মৃত্যু ঘটে। অভিযোগ অনুসৰি, আৰক্ষীৰ কেইবাগৰাকীও কৰ্মী ঘটনাস্থলীত উপস্থিত আছিল যদিও পানী ঠাণ্ডা হোৱাৰ দোহাই দি কোনোৱে যুৱকজনক উদ্ধাৰৰ বাবে পানীত জাপ নিদিলে। মৃত যুৱকজনৰ নাম যুৱৰাজ মেহতা বুলি চিনাক্ত কৰা হৈছে। গুৰুগ্ৰামৰ এখন ব্যক্তিগত কোম্পানীত কৰ্মৰত যুৱৰাজ নিশা প্ৰায় ১২:৩০ বজাত নিজৰ ঘৰলৈ উভতি আহি থাকোঁতে ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৭০ ফুট গভীৰ নলাত তেওঁৰ…
Read More
ইন্দোৰত দূষিত পানী সেৱন কৰি মৃত্যু হোৱা লোকৰ পৰিয়ালক সাক্ষাৎ ৰাহুল গান্ধীৰঃ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা

ইন্দোৰত দূষিত পানী সেৱন কৰি মৃত্যু হোৱা লোকৰ পৰিয়ালক সাক্ষাৎ ৰাহুল গান্ধীৰঃ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা

মধ্যপ্ৰদেশৰ ইন্দোৰৰ ভাগীৰথপুৰা অঞ্চলত দূষিত পানী সেৱন কৰাৰ ফলত সংঘটিত বিষক্ৰিয়াৰ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক আজি সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বমি আৰু ডায়েৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীসকলক মুম্বাই হাস্পতালত সাক্ষাৎ কৰি গান্ধীয়ে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। এই শোকাৱহ ঘটনাত ইতিমধ্যে ১২ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে যদিও চৰকাৰী তথ্য অনুসৰি এই সংখ্যা মাত্ৰ ৬ জনহে। বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰক লক্ষ্য কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰী অৱহেলাৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘বিজেপিৰ স্মাৰ্ট চিটী মডেলত এতিয়া পানী, বায়ু আৰু ঔষধতো বিষ মিহলি হৈছে। যিসকলৰ…
Read More
পথ সুৰক্ষা মাহত কাছাৰ আৰক্ষীৰ অভিনৱ পদক্ষেপঃ হেলমেট নিপিন্ধাক উপহাৰ আৰু নিয়ম মানিলে গোলাপ ফুল

পথ সুৰক্ষা মাহত কাছাৰ আৰক্ষীৰ অভিনৱ পদক্ষেপঃ হেলমেট নিপিন্ধাক উপহাৰ আৰু নিয়ম মানিলে গোলাপ ফুল

সমগ্ৰ দেশৰ লগতে কাছাৰ জিলাতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে জিলা আৰক্ষী প্ৰশাসনে এক বিশেষ সজাগতা অভিযান চলাই আছে। শিলচৰ চহৰৰ সদৰঘাট পইণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত যান-বাহন আৰু পৰিবহণ বিভাগৰ সহযোগত এই অভিযান চলোৱা হৈছে। এই অভিযানৰ বিশেষত্বটো হ’ল যে আৰক্ষীয়ে কেৱল জৰিমনা বিহাতকৈ মানুহক সচেতন কৰাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে। অভিযানৰ সময়ত হেলমেট পৰিধান নকৰাকৈ বাইক চলাই অহা আৰোহীসকলক আৰক্ষীয়ে জৰিমনা বিহাৰ পৰিৱৰ্তে হেলমেট উপহাৰ হিচাপে প্ৰদান কৰে। একেদৰে ভৱিষ্যতে সকলো নিয়ম মানি চলিবলৈ তেওঁলোকক শপত গ্ৰহণো কৰোৱা হয়। আনহাতে যিসকল লোকে যান-বাহন আইন মানি সুৰক্ষিতভাৱে যাতায়াত কৰিছে, তেওঁলোকক উৎসাহিত কৰিবলৈ আৰক্ষীয়ে গোলাপ ফুল দি…
Read More
অসমৰ ৰাজনীতিত অপ্ৰাসংগিক আজমল! সংখ্যালঘু সমাজত জনপ্ৰিয়তাৰ দৌৰৰ শীৰ্ষত গৌৰৱ গগৈ

অসমৰ ৰাজনীতিত অপ্ৰাসংগিক আজমল! সংখ্যালঘু সমাজত জনপ্ৰিয়তাৰ দৌৰৰ শীৰ্ষত গৌৰৱ গগৈ

২০২৪ চনৰ লোকসভা নিৰ্বাচনত আৰম্ভ হোৱা বদৰুদ্দিন আজমল বিৰোধী ঢৌ এতিয়াও ৰাজ্যৰ ৰাজনীতিত অব্যাহত থকা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাজ্যৰ সংখ্যালঘু তথা মিঞা প্ৰধান সমষ্টিসমূহত এআইইউডিএফৰ মুৰব্বীগৰাকীৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাৰ বিপৰীতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱা দেখা গৈছে। শেহতীয়াকৈ ‘ভোট ভাইব’ নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা এক সমীক্ষাই আজমলৰ শিবিৰত তীব্ৰ জোকাৰণি তুলিছে। এই সমীক্ষা অনুসৰি, সংখ্যালঘু অধ্যুষিত এলেকাৰ সৰ্বাধিক ভোটাৰৰ পছন্দৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। আচৰিত ধৰণে মাত্ৰ ৩ শতাংশ সংখ্যালঘু ভোটাৰেহে বদৰুদ্দিন আজমলক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে বুলি মত প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে ৭৯ শতাংশ লোকে গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ আসনত দেখাৰ ইচ্ছা ব্যক্ত কৰিছে। লোকসভা…
Read More
ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ দৈনিক শ শ লোকৰ সমাগম

ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ দৈনিক শ শ লোকৰ সমাগম

ব্ৰহ্মপুত্ৰৰ মাজত থকা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত আৰু সমষ্টি পুনৰ গঠনৰ পাছত  জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ধাৰাপুৰৰ সমীপৰ ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুব্যবস্থা, বিদ্যুৎ সংযোগ স্থাপনৰে আলোকিত কৰাৰ বাবে বিগত ২০২৫ বৰ্ষত ভোগালী বিহুৰ সময়ত কৰা  ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত  খৰালি কালত ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত  প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে ২৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন ভাসমান দলং নিৰ্মাণৰ কাম সমাপ্ত হৈছে।  একেদৰে  প্ৰায় চাৰে ছয় কোটি টকা ব্যয়ৰে ৰাণী চাপৰিত বিদ্যুৎ সংযোগ দিয়াৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম চলি আছে ।…
Read More
অৰুণাচলৰ চেলা লেকৰ বৰফ ভাঙি নিৰুদ্দেশ এজন পৰ্যটকঃ সেনাৰ সাহসী অভিযানত উদ্ধাৰ আন দুগৰাকী

অৰুণাচলৰ চেলা লেকৰ বৰফ ভাঙি নিৰুদ্দেশ এজন পৰ্যটকঃ সেনাৰ সাহসী অভিযানত উদ্ধাৰ আন দুগৰাকী

অৰুণাচল প্ৰদেশৰ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৩,৭০০ ফুট উচ্চতাত অৱস্থিত চেলা লেকত শুকুৰবাৰে সাতজনীয়া পৰ্যটকৰ এটা দল এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। প্ৰচণ্ড শীতৰ বাবে গোট মাৰি বৰফ হৈ থকা হ্ৰদটোৰ মাজভাগলৈ এজন পৰ্যটক আগবাঢ়ি যাওঁতেই হঠাৎ বৰফৰ তৰপটো ভাঙি পৰাত তেওঁ হিমশীতল পানীত ডুবি যায়। তেওঁক বচাবলৈ যোৱা আন দুজন পৰ্যটকো পানীত আৱদ্ধ হৈ পৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ এটা উদ্ধাৰকাৰী দল যুদ্ধকালীন তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। প্ৰতিকূল বতৰ আৰু শূন্য ডিগ্ৰীতকৈও তলৰ তাপমাত্ৰাক নেওচি সেনাৰ ডুবাৰু দল, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে যৌথভাৱে চলোৱা অভিযানত গোট মৰা হ্ৰদটোৰ পৰা দুজন পৰ্যটকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম…
Read More
বাংলাদেশত পুনৰ হিন্দু হত্যা! গাড়ীৰে মহতিয়াই হত্যা কৰা হ’ল ৰিপন সাহাক

বাংলাদেশত পুনৰ হিন্দু হত্যা! গাড়ীৰে মহতিয়াই হত্যা কৰা হ’ল ৰিপন সাহাক

বাংলাদেশত আগন্তুক সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুৰ ওপৰত চলি থকা আক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত থকাৰ মাজতে ৰাজবাৰী জিলাত এজন হিন্দু যুৱকক গাড়ীৰে পিষ্ট কৰি হত্যা কৰাৰ এক জঘন্য ঘটনা সংঘটিত হয়। পেট্ৰ’ল পাম্পত কৰ্মৰত ৩০ বছৰীয়া ৰিপন সাহা নামৰ যুৱকজনে ইন্ধনৰ মূল্য আদায় নিদিয়াকৈ পলাই যাব খোজা এখন বাহনক বাধা দিবলৈ চেষ্টা কৰোঁতেই এই কৰুণ মৃত্যুক সাৱটি লয়। শুকুৰবাৰে পুৱতি নিশা ৰাজবাৰী জিলাৰ গোৱালন্দ মোৰস্থিত ‘কৰিম ফিলিং ষ্টেচন’ত এই ঘটনা সংঘটিত হৈছে। আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় ৪:৩০ বজাত এখন ক’লা ৰঙৰ এছইউভি বাহনে পাম্পটোৰ পৰা প্ৰায় ৫,০০০ টকাৰ ইন্ধন ভৰায়। ইয়াৰ পাছতে চালকজনে টকা নিদিয়াকৈ তীব্ৰ বেগেৰে পলায়নৰ…
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চতুৰ্থটো শুনানি সম্পন্নঃ দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী পত্নী গৰিমাৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চতুৰ্থটো শুনানি সম্পন্নঃ দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী পত্নী গৰিমাৰ

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ আজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চতুৰ্থটো শুনানি সম্পন্ন হয়। আদালতত আজি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে তদন্তকাৰী বিষয়া আৰু উভয় পক্ষৰ অধিবক্তাসকল উপস্থিত থাকে। চৰকাৰী পক্ষৰ অধিবক্তাই আদালতত নিজৰ যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আগন্তুক ২২ জানুৱাৰীত জামিন আবেদনৰ শুনানি আৰু ৩০ জানুৱাৰীত নিয়মীয়া শুনানিৰ দিন ধাৰ্য কৰিছে। আদালতৰ শুনানিৰ পাছতে সংবাদ মাধ্যমৰ আগত অত্যন্ত আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। তেওঁ কয়, ‘‘অশুভ শক্তিৰ বিনাশ হ’বই লাগিব আৰু দোষীয়ে ভয়ংকৰ শাস্তি পাব লাগিব।’’ ছিংগাপুৰৰ তদন্তই কেৱল এটা নিৰ্দিষ্ট দিনৰ কথাহে সামৰি লৈছে বুলি উল্লেখ কৰি তেওঁ সমগ্ৰ ষড়যন্ত্ৰৰ চিবিআই…
Read More
অসম নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতঃ দিল্লীত খাৰ্গে-ৰাহুলৰ উপস্থিতিত কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠক

অসম নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতঃ দিল্লীত খাৰ্গে-ৰাহুলৰ উপস্থিতিত কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠক

আগন্তুক বিধানসভা নিৰ্বাচনত গেৰুৱা দলক পৰাস্ত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত তেওঁৰ দিল্লীস্থ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত বিৰোধী দলনেতা ৰাহুল গান্ধীকে ধৰি দলৰ সাংগঠনিক দায়িত্বত থকা সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু অসমৰ তত্ত্ববধায়ক জীতেন্দ্ৰ সিঙেও অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট আৰু দলীয় শক্তি বৃদ্ধিৰ ওপৰত আলোকপাত কৰাই আছিল এই উচ্চস্তৰীয় আলোচনাৰ মূল উদ্দেশ্য সদ্য নিয়োজিত নিৰ্বাচনী পৰ্যবেক্ষক ডি কে শিৱকুমাৰ, ভূপেশ বাঘেল আৰু বন্ধু তীৰ্কিয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰা নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। বৈঠকত প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ, বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু সাংসদ ৰকিবুল হুছেইনো উপস্থিত থাকে। পাছত…
Read More
‘এয়া এক সন্মান’: ভাৰত-পাকিস্তানৰ যুদ্ধ ৰখাই ১০ নিযুত লোকক ৰক্ষা কৰাৰ দাবী ট্ৰাম্পৰ

‘এয়া এক সন্মান’: ভাৰত-পাকিস্তানৰ যুদ্ধ ৰখাই ১০ নিযুত লোকক ৰক্ষা কৰাৰ দাবী ট্ৰাম্পৰ

বিশ্বৰ দুই পাৰমাণৱিক শক্তিধৰ দেশ ভাৰত আৰু পাকিস্তানৰ মাজত সম্ভাৱ্য এক বিধ্বংসী যুদ্ধ ৰখাই ১০ মিলিয়ন লোকৰ প্ৰাণ ৰক্ষা কৰা বুলি পুনৰ বিস্ফোৰক দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। শুকুৰবাৰে ফ্ল’ৰিডাত এক অনুষ্ঠানত ভাষণ দি ট্ৰাম্পে কয় যে যোৱা এটা বছৰৰ ভিতৰত তেওঁ আঠখনকৈ শান্তি চুক্তিত স্বাক্ষৰ কৰিছে আৰু গাজা যুদ্ধৰো অৱসান ঘটাইছে। তেওঁৰ দাবী অনুসৰি, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নিজেই ট্ৰাম্পক ভাৰত-পাক সংঘাত বন্ধ কৰি কোটি কোটি লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে কৃতিত্ব দিছে। ট্ৰাম্পে ইয়াক এক বৃহৎ "সন্মান" বুলি অভিহিত কৰি শান্তিৰ নোবেল বঁটাৰ বাবেও নিজৰ দাবী পুনৰবাৰ উত্থাপন কৰে। উল্লেখ্য যে যোৱা বৰ্ষৰ ১০ মে’ত হোৱা ভাৰত-পাক…
Read More