Sonakshi Sarkar

1909 Posts
দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এক অভিলাষী ভ্ৰমণসূচীৰে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্যখনৰ সাংস্কৃতিক গৌৰৱ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ আৰু অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেইবাটাও বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি সন্ধিয়া প্ৰায় ৬ বজাত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত ‘বাগৰুম্বা দৗহৌ ২০২৬’ শীৰ্ষক ভব্য সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ ১০,০০০ বড়ো শিল্পীৰ এক ঐতিহাসিক নৃত্যানুষ্ঠানৰ সাক্ষী হ’ব। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যৰ ২৩ খন জিলাৰ ৮১ টা বিধানসভা সমষ্টিৰ পৰা অহা শিল্পীসকলে একেলগে বাগৰুম্বা নৃত্য পৰিৱেশন কৰি এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে। বড়ো সমাজৰ অন্যতম সাংস্কৃতিক পৰিচয় তথা শান্তি আৰু আনন্দৰ প্ৰতীক এই…
Read More
২০২৬ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা ঘোষণাঃ মৰণোত্তৰভাৱে স্বীকৃতি সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ

২০২৬ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা ঘোষণাঃ মৰণোত্তৰভাৱে স্বীকৃতি সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ

অসমৰ কলা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰে ২০২৬ বৰ্ষৰ সন্মানীয় ‘শিল্পী বঁটা’ ঘোষণা কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা প্ৰদান কৰিবলগীয়া এই বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে প্ৰয়াত সমৰ হাজৰিকা আৰু বিশিষ্ট কণ্ঠশিল্পী ধনদা পাঠক। ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়োৱে শুকুৰবাৰে এখন সংবাদমেলযোগে এই বঁটাপ্ৰাপকসকলৰ তালিকাৰ লগতে শিল্পী পেন্সন আৰু বিভিন্ন ৰাজ্যিক পৰ্যায়ৰ সাংস্কৃতিক সন্মানসমূহৰ বিষয়েও জানিবলৈ দিয়ে। শিল্পী বঁটাৰ লগতে ২০২৫ বৰ্ষৰ কেইবাটাও গুৰুত্বপূৰ্ণ সন্মানৰ বাবেও চয়ন কৰা হৈছে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক। প্ৰখ্যাত সাহিত্যিক মনেশ্বৰ দেউৰীলৈ কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণী বঁটা আৰু জ্যেষ্ঠ সাংবাদিক ড° অমলেন্দু চক্ৰৱৰ্তীলৈ জাতীয় সংহতি আৰু সেৱাৰ বাবে গোপীনাথ বৰদলৈ বঁটা…
Read More
কংগ্ৰেছৰ ৰাজনীতিয়ে সংকটলৈ ঠেলি দিছে অসমীয়াৰ পৰিচয়ঃ গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কক লৈ সৰৱ মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ ৰাজনীতিয়ে সংকটলৈ ঠেলি দিছে অসমীয়াৰ পৰিচয়ঃ গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কক লৈ সৰৱ মুখ্যমন্ত্ৰী

নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থৰ বাবে এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত আঁঠু লৈ কংগ্ৰেছে অসমৰ জাতীয় স্বাৰ্থ আৰু পৰিচয়ৰ সৈতে আপোচ কৰিছে। - এইদৰেই পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে ফেচবুক লাইভৰ জৰিয়তে জনতাক সম্বোধন কৰি শৰ্মাই অভিযোগ কৰে যে ৰাজ্যৰ এজন সাংসদে পাকিস্তানৰ সৈতে গোপন যোগাযোগ ৰক্ষা কৰি চলিছে আৰু এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ থকা ‘বিশেষ মৰম’ৰ সবিশেষ এই মাহৰ শেষৰ ফালে ৰাজহুৱা কৰা হ’ব। যদিও তেওঁ পোনপটীয়াকৈ কাৰো নাম লোৱা নাই, তথাপিও বিজেপিয়ে দীৰ্ঘদিন ধৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ আৰু গৌৰৱ গগৈয়ে বুজি পোৱা…
Read More
কংগ্ৰেছ ত্যাগৰ পাছতে সৰৱ ৰেজাউল কৰিম! সংখ্যালঘু সমাজক শিক্ষা জেহাদৰ বাবে জনালে আহ্বান

কংগ্ৰেছ ত্যাগৰ পাছতে সৰৱ ৰেজাউল কৰিম! সংখ্যালঘু সমাজক শিক্ষা জেহাদৰ বাবে জনালে আহ্বান

প্ৰত্যক্ষ ৰাজনীতিত খোজ দিয়াই চৰম অপমান তথা অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হোৱা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছ ত্যাগৰ পাছতে এতিয়া অধিক আক্ৰমণাত্মক ৰূপত অৱতীৰ্ণ হৈছে। যোৱা ১১ জানুৱাৰীত কংগ্ৰেছত যোগদান কৰি মাত্ৰ তিনিদিনৰ পাছতে দল ত্যাগ কৰা যুৱনেতাগৰাকীয়ে সংখ্যালঘু মুছলমান সমাজক প্ৰশাসনীয় বিভাগৰ শীৰ্ষ পদ দখলৰ বাবে এক নতুন আহ্বান জনাইছে। বঙাইগাঁও আৰু ধুবুৰীৰ দৰে সংখ্যালঘু প্ৰধান জিলাৰ জিলা আয়ুক্তৰ পদত সমাজৰ সন্তানক বহুৱাৰ লক্ষ্যৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। বঙাইগাঁও জিলাৰ টাপাট্টৰীত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰেজাউল কৰিম সৰকাৰে সংখ্যালঘু জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে শিক্ষাক আটাইতকৈ শক্তিশালী আহিলা হিচাপে অভিহিত কৰে। অভিভাৱকসকলক উদ্দেশ্যি তেওঁ কয় যে…
Read More
বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ১০ হাজাৰ শিল্পীঃ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী মোদী

বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ১০ হাজাৰ শিল্পীঃ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী মোদী

বিহু আৰু ঝুমুইৰৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে অসম। বড়ো লোক-সংস্কৃতিৰ চহকী ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰে সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰিছে ‘বাগৰুম্বা দ’হৌ’ নামৰ এক বিশাল সাংস্কৃতিক কাৰ্যসূচী। আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত একেলগে ১০,০০০ বড়ো শিল্পীয়ে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ দিশে অগ্ৰসৰ হ’ব। ইতিমধ্যে এই ঐতিহাসিক অনুষ্ঠানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। খাম, চিফুং আৰু চেৰজাৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সুৰত বড়ো গাভৰুসকলে তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সৰুসজাইৰ আকাশ-বতাহ মুখৰিত কৰি তুলিব। উল্লেখ্য যে, এই মেগা ইভেণ্টৰ…
Read More
ভোগালী বিহু উপলক্ষে আদিংগিৰিত মত বিনিময় অনুষ্ঠান

ভোগালী বিহু উপলক্ষে আদিংগিৰিত মত বিনিময় অনুষ্ঠান

ভোগালী বিহু উপলক্ষে পূৰ্বৰ পশ্চিম গুৱাহাটী তথা বৰ্তমানৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত মালিগাঁৱৰ কাষৰীয়া পাহাৰীয়া অঞ্চল আদিংগিৰিৰ শংকৰদেৱ নগৰত অগপৰ মধ্য গুৱাহাটী  বিধান পৰিষদৰ উদ্যোগত আজি এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক  ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাগ লৈ  মাঘ বিহু তথা ভোগালী বিহুৰ তাৎপৰ্য দাঙি ধৰি উপস্থিত  সকলোকে  ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।   অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপিকা অজন্তা চক্ৰৱৰ্তী কলিতা, মধ্য গুৱাহাটী বিধান পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন ডেকা,সম্পাদক ক্ৰমে ভূপেন ঠাকুৰীয়া, নাৰায়ণ মালাকাৰ, মইনুল হক চৌধুৰী, অগপৰ পশ্চিম গুৱাহাটী  বিধান পৰিষদৰ সম্পাদক ৰবীন দৈমাৰী, অগপৰ  কেন্দ্ৰীয় সম্পাদক সুভাষ  শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য…
Read More
বলীউডত কাম কমিছে এ আৰ ৰহমানৰ! সাম্প্ৰদায়িক মেৰুকৰণৰ বিস্ফোৰক অভিযোগ অস্কাৰ বিজয়ী সংগীতজ্ঞৰ

বলীউডত কাম কমিছে এ আৰ ৰহমানৰ! সাম্প্ৰদায়িক মেৰুকৰণৰ বিস্ফোৰক অভিযোগ অস্কাৰ বিজয়ী সংগীতজ্ঞৰ

কৰভাৱে সলনি হৈছে হিন্দী ছবিজগত, যাৰ প্ৰভাৱ বৰ্তমান অনুভৱ কৰিছে প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰহমানেও। বিগত আঠ বছৰত বলীউডত হোৱা ক্ষমতাৰ পৰিৱৰ্তনৰ বাবে পূৰ্বৰ তুলনাত কাম হ্ৰাস পোৱা বুলি বিস্ফোৰক মন্তব্য কৰে অস্কাৰ বিজয়ী সংগীতজ্ঞগৰাকীয়ে। শেহতীয়াকৈ বিবিচি এছিয়ান নেটৱৰ্কক দিয়া এটা সাক্ষাৎকাৰত ৰহমানে কয় যে বলীউডত চলি থকা এই পৰিৱৰ্তনৰ আঁৰত হয়তো কোনো ‘সাম্প্রদায়িক কাৰণ’ থাকিব পাৰে, যদিও তেওঁৰ সন্মুখত কোনেও এই বিষয়ে পোনপটীয়াকৈ একো নকয়। তেওঁৰ মতে, বৰ্তমান উদ্যোগটোত সৃজনীশীল নোহোৱা লোকৰ হাততহে সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে আৰু তাৰ বাবেই বহু ক্ষেত্ৰত তেওঁক কামৰ পৰা বঞ্চিত কৰা হৈছে। ৫৯ বছৰীয়া সংগীতজ্ঞগৰাকীয়ে উল্লেখ কৰে যে বহু সময়ত কোনো চিনেমাৰ বাবে…
Read More
চিলাৰ সূতা ডিঙিত মেৰ খাই কৰুণ মৃত্যু শিশুৰ: চুৰাটত হৃদয়বিদাৰক ঘটনা

চিলাৰ সূতা ডিঙিত মেৰ খাই কৰুণ মৃত্যু শিশুৰ: চুৰাটত হৃদয়বিদাৰক ঘটনা

চাইকেল চলাই গৈ থকাৰ সময়তে চিলাৰ সূতা ডিঙিত মেৰ খাই কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এটি ৮ বছৰীয়া শিশুৱে। গুজৰাটৰ চুৰাটত সংঘটিত এই মৰ্মান্তিক ঘটনা। বৃহস্পতিবাৰে চুৰাটৰ আনন্দ ভিলা নামৰ এটা আৱাসিক এলেকাত সংঘটিত ঘটনাত অকাল মৃত্যুক সাৱটে ৰেহাংশ ৰবছে নামৰ শিশুৱে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আন এজন শিশুৰ সৈতে নিজৰ আৱাসিক গৃহৰ চৌহদত চাইকেল চলাই থকাৰ সময়তে চিলাৰ চোকা সূতাই ৰেহাংশৰ ডিঙি কাটি পেলায় আৰু থিতাতে তেওঁ চাইকেলৰ পৰা বাগৰি পৰে। ৰাণ্ডেৰ আৰক্ষী থানাৰ পৰিদৰ্শক আৰ জে চৌধুৰীয়ে জনোৱা মতে, সূতাডাল ইমানেই তীক্ষ্ণ আছিল যে ই শিশুটিৰ ডিঙি গভীৰভাৱে কাটি পেলায়। দেশজুৰি চিলা উৰুওৱা সূতাৰ বাবে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা…
Read More
মধ্যপ্ৰদেশৰ বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰক বৰ্বৰ আক্ৰমণ! ৫ ছাত্ৰক বহিষ্কাৰ

মধ্যপ্ৰদেশৰ বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰক বৰ্বৰ আক্ৰমণ! ৫ ছাত্ৰক বহিষ্কাৰ

পুনৰ ভাৰতীয়ৰ হাততে নিজৰ পৰিচয়ৰ বাবে লাঞ্ছিত হ’বলগীয়া হ’ল উত্তৰ-পূৰ্বৰ ছাত্ৰ। ডেৰাডুনত এঞ্জেল চাকমাৰ নৃশংস হত্যাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ মধ্যপ্ৰদেশৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ভিতৰতে এজন অসমৰ স্নাতকোত্তৰ ছাত্ৰক আঞ্চলিক পৰিচয়ৰ বাবেই বৰ্বৰভাৱে আক্ৰমণ কৰে এদল উন্মত্ত ছাত্ৰই। যোৱা ১৩ জানুৱাৰীৰ পুৱতি নিশা প্ৰায় ৪ বজাত সংঘটিত এই ঘটনাত অৰ্থনীতি বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হিৰশ জ্যোতি দাস গুৰুতৰভাৱে আহত হয়। ভুক্তভোগী ছাত্ৰজনে অভিযোগ কৰা মতে, তেওঁ শৌচাগাৰলৈ যোৱাৰ সময়তে ৬-৭ জনীয়া এটা দলে তেওঁৰ নাম আৰু ঘৰ ক’ত বুলি সোধপোছ কৰি আক্ৰমণ চলায়। তেওঁ অসমৰ বুলি জানিব পৰাৰ পাছতে দলটোৱে তেওঁক মৰিয়াই মৰিয়াই হত্যাৰ ভাবুকি প্ৰদান কৰে।…
Read More
অসমত পুনৰ গঠন হ’ব বিজেপি চৰকাৰঃ ১০০ শতাংশ প্ৰতিশ্ৰুতি পূৰণৰ দাবীৰে তীব্ৰ নিৰ্বাচনী হুংকাৰ মুখ্যমন্ত্ৰীৰ

অসমত পুনৰ গঠন হ’ব বিজেপি চৰকাৰঃ ১০০ শতাংশ প্ৰতিশ্ৰুতি পূৰণৰ দাবীৰে তীব্ৰ নিৰ্বাচনী হুংকাৰ মুখ্যমন্ত্ৰীৰ

আগন্তুক বিধানসভা নিৰ্বাচনত অসমত পুনৰ ক্ষমতা দখল কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে- এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ত্ৰিপুৰাৰ উদয়পুৰত অৱস্থিত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত পূজা অৰ্চনা কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ফেব্ৰুৱাৰী মাহত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। মাৰ্চ বা এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া ১২৬ জনীয়া বিধানসভাৰ এই নিৰ্বাচনত বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কামৰ বাবেই দলটোৱে বৃহৎ সংখ্যাত জয়লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। চৰকাৰে বিগত পাঁচ বছৰত ১০০ শতাংশ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লগতে প্ৰায় ১.৬ লাখ যুৱক-যুৱতীক স্বচ্ছতাৰে চৰকাৰী চাকৰি প্ৰদান কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ উল্লেখ কৰে যে এইবাৰৰ নিৰ্বাচনত উন্নয়ন আৰু…
Read More