27
Mar
অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ এতিয়া গৰম হৈ পৰিছে।জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি আৰু দলীয় সাংগঠনিক শক্তিৰ ওপৰত ভিত্তি কৰি আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ দলৰ 'বিজয় সংকল্প যাত্ৰা'ত ৰাইজৰ আশীৰ্বাদ লাভ কৰা বুলি দাবী কৰে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিৰোধী এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে। তেওঁ কয়, "বিজেপিয়ে অসমৰ শত্ৰুসকলৰ শক্তি ইতিমধ্যে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। অনাগত দিনত যিখিনি অৱশিষ্ট আছে, সেইখিনিও মই শেষ কৰি দিম।" বিজেপিৰ শাসনত অসমৰ…
