25
Mar
প্ৰায় চাৰে চাৰি মাহৰ অন্তত চলিত মাৰ্চ মাহৰ মাজে সময়ে বৰষুণ হৈ আছে। পলমকৈ হলেও অহা এই বৰষুণৰ ফলত ধুলিয়াৰী পৰিবেশৰ লগতে গৰমৰ পৰাও ৰাইজে বহুখিনী সকাহ দি কৰিছে। আনহাতে এই বৰষুণৰ বাবে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ দীপৰ বিলৰ সমীপৰ দেউচতালকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত বৰো ধানৰ খেতিয়কৰ মুখত হাঁহি বিৰিঙাইছে। একেৰাহে প্ৰায় চাৰে চাৰি মাহ ধৰি বৰষুণ নোহোৱাৰ ফলত পানীৰ অভাৱত বৰো ধানৰ পথাৰত ছিঁৰাল ফাঁট মেলিছিল। বৰো ধান খেতিত ব্যস্ত আজাৰা ৰাজহ চক্ৰৰ বিভিন্ন ঠাইৰ চহা কৃষক সকল চিন্তিত হৈ পৰিছিল। এই সন্দৰ্ভত বৰো ধানৰ খেতি কৰি অহা দীপৰ বিলৰ সমীপৰ…
