সাংসদ পদ ত্যাগ প্ৰদ্যুৎ বৰদলৈৰ; লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা বাজি থকাৰ মাজতে সাংসদ পদ ত্যাগ কৰিলে কংগ্ৰেছ এৰি গেৰুৱা শিৱিৰত ভৰি দিয়া নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। তেওঁৰ এই পদত্যাগ পত্ৰ কালি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে। যোৱা ১৭ মাৰ্চতে সংসদৰ সদস্যপদৰ পৰা অব্যাহতি লোৱা জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীক এইবাৰ দিছপুৰ সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

বিজেপিৰ ৮৮ গৰাকী মনোনীত প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত স্থান লাভ কৰা বৰদলৈয়ে এতিয়া নতুন উৎসাহেৰে নিৰ্বাচনী যুঁজত নামিবলৈ সাজু হৈছে। গেৰুৱা দলটোত যোগদানৰ পিছত তেওঁ স্পষ্ট কৰি দিয়ে যে কোনো পদবীৰ লালসাত নহয়, বৰঞ্চ জনসেৱাৰ এক বলিষ্ঠ মঞ্চ বিচাৰিহে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ দিনত ১৫ বছৰ ধৰি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু দুবাৰকৈ নগাঁৱক লোকসভাত প্ৰতিনিধিত্ব কৰা অভিজ্ঞতাৰে তেওঁ এতিয়া দিছপুৰৰ ভোটাৰৰ কাষ চাপিব।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পূৰ্বৰ দৰেই উন্নয়নমূলক কাম-কাজ আৰু উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত একগোট হৈ কাম কৰিবলৈ তেওঁ সাজু বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। নিৰ্বাচনী প্ৰচাৰৰ মূল ইছ্যু হিচাপে কৰ্মসংস্থাপন আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীতকৰণৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য চৰকাৰৰ চলিত উন্নয়নমূলক আঁচনিসমূহৰ প্ৰতিও তেওঁ পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

প্ৰাক্তন সতীৰ্থৰ এই ৰাজনৈতিক পৰিৱৰ্তনে দিছপুৰৰ দৰে ভিভিআইপি সমষ্টিত নিৰ্বাচনী সমীকৰণ কিদৰে সলনি কৰে, সেয়া এতিয়া এক কৌতূহলৰ বিষয় হৈ পৰিছে। কংগ্ৰেছৰ একালৰ সংকটমোচক হিচাপে পৰিচিত বৰদলৈৰ অনুপস্থিতিয়ে বিৰোধী শিবিৰক কিমান জোকাৰণি দিব পাৰে, তাৰ প্ৰতিও ৰাজনৈতিক বিশ্লেষকসকলে তীক্ষ্ণ নজৰ ৰাখিছে। ৯ এপ্ৰিলৰ নিৰ্বাচনত দিছপুৰৰ ভোটাৰে এই নতুন ৰাজনৈতিক সমীকৰণক কেনেদৰে গ্ৰহণ কৰে, সেয়া সময়তহে স্পষ্ট হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *