৬ মাহত বহি:ৰাজ্যত ১৬২ জন যুৱকৰ মৃ*ত্যু: গৌৰৱ গগৈৰ অভিযোগ

বিগত ৬ মাহত বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি অসমৰ পৰা যোৱা ১৬২ জন যুৱ শ্ৰমিক গোৱা, মেঘালয়, চেন্নাই আৰু বেংগালুৰু আদিৰ পৰা কফিনত ঘৰলৈ উভতি আহিছে । এই কৰ্ম সংস্থাপনহীন দুখীয়া পৰিয়ালৰ যুৱকসকল অসমত জীৱিকাৰ অভাৱৰ বাবেই কাম বিচাৰি বাহিৰলৈ যাবলৈ বাধ্য হৈছিল বুলি আজি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ কয় যে  ই কেৱল এটা বাতৰি নহয়, ই হৈছে অসমত চলি থকা গভীৰ কৰ্মসংস্থাপনৰ সংকটৰ বাস্তৱ ৰূপ।১৬২ জন শ্ৰমিকৰ বহিৰাজ্যত হোৱা মৃত্যু কেৱল এক সংখ্যা নহয় ই হৈছে ১৬২ টা পৰিয়ালৰ ভাঙি যোৱা সপোন। 

ই এটা কথাই প্ৰমাণ কৰে যে অসমত কৰ্মসংস্থাপনৰ অভাৱৰ বাবে বাহিৰলৈ গৈ তেওঁলোকে অসুৰক্ষিত পৰিৱেশতো কাম কৰিবলৈ বাধ্য হৈছে। যেতিয়া ৰাজ্য এখনৰ কৃষি ব্যৱস্থা ব্যৰ্থ হয়, গ্ৰাম্য জীৱিকা সংকুচিত হয় আৰু উদ্যোগীক বিকাশ মন্থৰ হয় – তেতিয়াই কামৰ বাবে বহিৰাজ্যলৈ প্ৰব্ৰজন এক বাধ্যবাধকতা হৈ পৰে। যি বাধ্যবাধকতাত পৰি অসমৰ যুৱক সকলো প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। কিন্তু অসম চৰকাৰে এই সমস্যা সমাধান কৰাৰ সলনি ভুৱা প্ৰচাৰ কৰি কেৱল নিজৰ সফলতাৰ ফটা ঢোল কোবাবলৈ ৰাজহুৱা পুঁজিৰ অপব্যয় কৰে।

কিন্তু অসমৰ জনসাধাৰণৰ বাবে পৰ্যাপ্ত জীৱিকাৰ ব্যৱস্থা ক’ত? আমাৰ যুৱ প্ৰজন্মৰ বাবে সন্মানজনক কামৰ ব্যৱস্থা ক’ত বুলি প্ৰশ্ন কৰে। অসমক বিভ্ৰান্তিকৰ প্ৰচাৰ নালাগে — অসমক কৰ্মসংস্থাপনৰ বাবে সুপৰিকল্পিত স্বনিয়োজনৰ আঁচনি লাগে বুলি উল্লেখ কৰে। এই তথ্যই প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰজীৱি বিজেপি চৰকাৰৰ দায়িত্ব লোৱাৰ সময় এতিয়া শেষ হ’ল। আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ গঠন হ’লে অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে আমি পৰ্যাপ্ত সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *