ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত পঞ্চম টি-২০ত দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডক ৩৩ ৰানত পৰাস্ত কৰে। ইয়াৰ সৈতে দক্ষিণ আফ্ৰিকাই পাঁচখন মেচৰ শৃংখলা ৩-২ ত জয়লাভ কৰে। এই মেচৰ পূৰ্বে শৃংখলাটো ২-২ ত সমতাত আছিল। নিউজিলেণ্ডে শেষবাৰৰ বাবে ২০০৫ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত জয়লাভ কৰিছিল।
তেতিয়াৰ পৰা দুয়োটা দলে ছখন ছিৰিজ খেলিছে, ইয়াৰে পাঁচখনত জয়লাভ কৰে আৰু এখন ড্ৰ’ হয়।বধবাৰে হেগলি অ’ভেল ষ্টেডিয়ামত বলিং কৰিবলৈ নিৰ্বাচন কৰে নিউজিলেণ্ডে। চাৰিটা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই ১৮৭ ৰান সংগ্ৰহ কৰে।
কন’ৰ এষ্টাৰহুইজেনে অৰ্ধশতক অৰ্জন কৰি ৩৩টা বলত ৭৫ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে। ১৮৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই মাত্ৰ ১৫৪ ৰানহে অৰ্জন কৰিবলৈ সক্ষম হয়।
